নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰবিশংকৰ প্রসাদ কৃষি উৎপাদন আয়ুক্ত শান্তনু গ’টমাৰেক বিটিআৰৰ প্রধান সচিবৰ দায়িত্ব

নিয়মীয়া বাৰ্তা ২৭ মেঃ ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগে এক নির্দেশযোগে ৰাজ্যিক প্রশাসনৰ শীর্ষ পর্যায়ত কিছু সালসলনি ঘটাইছে৷ সেই অনুসৰি হস্ততাঁত, বস্তশিল্প, ৰেচম, পার্ছনেল, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্রসাদক বদলি কৰি কৃষি, পশুপালন আৰু পশু চিকিৎসা, মীন বিভাগৰ দায়িত্ব দিয়াৰ লগতে কৃষি উৎপাদন আয়ুক্তৰ দায়িত্ব অর্পণ কৰে৷ সেইদৰে কৃষি বিভাগৰ প্রধান সচিব তথা কৃষি উৎপাদন আয়ুক্ত ৰাজেশ প্রসাদক পৰিবহণ, জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগৰ প্রধান সচিব হিচাপে বদলি কৰা হৈছে৷

একেদৰে উদ্যোগ আৰু বাণিজ্য, এক্ট ইষ্ট পলিচী পৰিক্রমা, দক্ষতা বিকাশ, খনি আৰু খনিজাত বিভাগৰ প্রধান সচিব ড০ কে কে দ্বিবেদীক পৰিবহণ বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ আনহাতে, সমাজ কল্যাণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ প্রধান সচিব মুকেশ চন্দ্র চাহুক ভূমি সংৰক্ষণ বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ সেইদৰে নামনি অসম আৰু উত্তৰ অসমৰ মাণ্ডলিক আয়ুক্ত শান্তনু পি গ’টমাৰেক বি টি আৰৰ প্রধান সচিব হিচাপে বদলি কৰা হৈছে৷ একেদৰে বি টি আৰৰ ভাৰপ্রাপ্ত প্রধান সচিব অনন্ত লাল জ্ঞানীক সেই দায়িত্বৰ পৰা অব্যাহতি দি বি টি আৰৰ সচিবৰ দায়িত্ব অর্পণ কৰে৷ ইপিনে, পার্ছনেল বিভাগে এক নির্দেশনাযোগে অতিৰিক্ত উপায়ুক্ত পর্যায়ৰ ৫৭গৰাকী বিষয়াক বদলি কৰে৷

You might also like