নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ লকডাউনৰ সময়ছোৱাত যোৰহাট জিলা প্রশাসনৰ কেতবোৰ কর্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে সাধাৰণ ৰাইজক ৷ শাক–পাচলিৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ লকডাউনত আবদ্ধ হৈ থকা ৰাইজক ঘৰত থোৱাৰ ব্যৱস্থা কৰালৈকে সকলোতে প্রশাসনৰ একাংশ বিষয়া–কর্মচাৰীৰ বাবে সমগ্র প্রশাসন ব্যৱস্থাটো ৰাইজৰ ওচৰত বিবেকহীন চর্চিত হৈছে ৷ ইটোৰ পিছত সিটো অভিযোগ উত্থাপন হৈছে যোৰহাট জিলা প্রশাসনৰ বিৰুদ্ধে ৷ জিলাখনৰ একাংশ অতিৰিক্ত উপায়ুক্তই অতি দায়বদ্ধতাৰে ৰাইজৰ কাষত থিয় দিয়াৰ বিপৰীতে এজন অতিৰিক্ত উপায়ুক্তৰ দায়িত্বত থকা বিভাগসমূহত সঘনাই সৃষ্টি হৈছে ব্যাপক বেমেজালিৰ ৷ শেহতীয়াকৈ লকডাউনৰ সময়ছোৱাত বিভিন্ন স্থানত আবদ্ধ হৈ থকা মাজুলীৰ ৰাইজক ঘৰলৈ ওভতাই নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি যোৰহাটতো আইএছবিটিৰ পৰা নির্দিষ্ট কৰি দিয়া হৈছিল কেইবাখনো বিনামূলীয়া বাছৰ লগতে মেজিক ৷
এই মেজিককেইখনক নিমাতীলৈ প্রতিখন গাড়ীত ৫জনকৈ যাত্রী নিয়াৰ অনুমতি দিছিল জিলা প্রশাসনে ৷ সিমানলৈকে সকলো ঠিকে আছিল ৷ কিন্তু নিমাতীত যাত্রীসকল নমাৰ পিছতে সৃষ্টি হয় অপ্রীতিকৰ পৰিস্থিতিৰ ৷ এগৰাকী মহিলা যাত্রীয়ে কৰা অভিযোগ অনুসৰি, জিলা প্রশাসনে নির্ধাৰণ কৰি দিয়া এএছ–০৩এচি– ৭০০২ নম্বৰৰ এখন মেজিকত ৫জন যাত্রী বৰুৱা চাৰিআলিৰ পৰা নিমাতীলৈকে জিলা প্রশাসনৰ অনুমতি লৈ যাবলৈ দিয়া হয়৷ নিমাতীত মেজিকৰ পৰা নমাৰ পিছতে চালকে প্রতিজন যাত্রীৰ পৰা ২০০ টকাকৈ বিচাৰে৷ লকডাউনৰ বাবে আর্থিক সংকটত ভোগা যাত্রীসকলে টকাৰ অভাৱৰ বিষয়ে জনোৱাৰ পিছতো আঁকোৰগোজ চালকে ২০০ টকাকৈ সংগ্রহ কৰি যাত্রীসকলক ফেৰীলৈকে যাবলৈ দিয়ে৷ প্রশাসনে নির্দিষ্ট কৰি দিয়া মেজিকত কিদৰে অত্যধিক ভাৰা ল’বলৈ সাহস কৰিলে, তাক লৈ প্রশ্ণ উত্থাপন হৈছে ৷
ইফালে, পেইড ছার্ভিচৰ অনুমতি পোৱা এজন মেজিক চালকৰ সৈতে ফোনযোগে হোৱা কথা–বতৰাত তেওঁ কয় যে তেওঁলোকক এএছটিচিৰ তৰফৰ পৰা অনুমতি প্রদান কৰা হৈছিল যদিও কোনো ভাৰা নির্দিষ্ট কৰি দিয়া হোৱা নাছিল৷ স্বাভাৱিকতে ৰাইজৰ মাজত প্রশ্ন উঠিছে– জিলা প্রশাসনৰ হাতত গাডীৰ অভাৱ আছিল নেকি, যাৰ বাবে বিনামূলীয়া বাছ সেৱাৰ লগতে পেইড ছার্ভিচৰ ব্যৱস্থা কৰিব লগাত পৰিছিল৷ ৰাইজৰ মতে যদি পেইড ছার্ভিচৰ ব্যৱস্থা কৰা প্রয়োজন আছিল, তেন্তে প্রতিজন যাত্রীৰ পৰা ভাৰা কিমান ল’ব পাৰিব, সেয়া নির্দিষ্ট কৰিব লাগিছিল৷ উল্লেখ্য যে ১৩ কিলোমিটাৰৰ পথছোৱাত সাধাৰণতে এশ টকা সংগ্রহ কৰিব লাগে যাত্রীয়ে ৰিজার্ভ কৰি গাডী নিলে৷ আনহাতে, মিটাৰ সংযুক্ত থকা গাডীসমূহত এই ভাৰা ১০০ টকাতকৈও কম হয় ৷
এনে ক্ষেত্রত জিলা প্রশাসনে কিয় ‘কেব’ বা তেনে মিটাৰযুক্ত গাডীৰ ব্যৱস্থা নকৰিলে, তাক লৈ প্রশ্ন উত্থাপন হৈছে৷ নে এনে গাডীসমূহক অনুমতি প্রদান কৰাৰ আঁৰত জিলা প্রশাসনৰ নির্দিষ্ট বিভাগৰ দায়িত্বত থকা বিষয়াৰ ন্যস্তস্বার্থ জডিত আছে, তাক লৈও প্রশ্ণ উত্থাপন হৈছে৷ ইফালে, জিলা প্রশাসনৰ তৰফৰ পৰা জানিব পৰা মতে, বিনামূলীয়া বাছ সেৱাৰ উপৰি যাত্রীৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি পেইড ছার্ভিচ সেৱা মুকলি কৰা হৈছিল৷ ঘটনা যিয়েই নহওক, কিন্তু এজন অতিৰিক্ত উপায়ুক্তক দায়িত্ব দিয়া দুয়োটা বিভাগতে লকডাউনৰ সময়ছোৱাত ব্যাপক অভিযোগ উত্থাপিত হোৱা বিষয়টোৱে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ পূর্বতে জিলা উপায়ুক্তই ১৪৪ ধাৰাযোগে বহিঃজিলাৰ শাক–পাচলি যোৰহাটলৈ অনাৰ ক্ষেত্রত নিষেধাজ্ঞা থকাৰ সময়তে সাংবাদিকৰ তৎপৰতাত খাৰুপেটীয়াৰ শাক–পাচলি গুদামৰ পৰা উদ্ধাৰ হৈছিল৷ ইয়াৰ পিছতো কিন্তু যোৰহাটলৈ দৈনিক খাৰুপেটীয়াৰ পাচলি সৰবৰাহ হৈয়ে আছিল ৷ জিলাখনৰ যোগান বিভাগটো মূৰৰ পৰা গেলি যোৱাৰ বাবেই যোৰহাটবাসীয়ে সতেজ পাচলিৰ নামত মাৰাত্মক ৰাসায়নিক সাৰযুক্ত শাক–পাচলি খাবলগীয়া হৈছে লকডাউনৰ সময়ছোৱাত ৷