নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীৱিত কাছসহ চোৰাং চিকাৰীক আটক

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত কাছসহ চোৰাং চিকাৰীক আটক বন বিভাগৰ । গোপন খবৰৰ ভিত্তিত বন বিভাগে আটক কৰে চোৰাং চিকাৰী নিৰন নাথক । ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী বনাঞ্চলৰ কাহিতামা বীটৰ কাষৰৰ কাঠপুৰাৰ পৰা সহকাৰী বন বিষয়া অলকেশ দাসৰ নেতৃত্বত বন বিভাগৰ এটা দলে আটক কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰী নিৰন নাথক । চোৰাং চিকাৰী নিৰণ নাথৰ ঘৰ লাবদাংগুৰীত বুলি জানিব পৰা গৈছে । এটা প্ৰকাণ্ড কাছ, মাছ মৰা জাল, বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰীসহ বন বিভাগে আটক কৰে চোৰাং চিকাৰী নিৰন নাথক । উল্লেখ্য যে দীৰ্ঘদিন ধৰি চোৰাং চিকাৰৰ লগত জড়িত নিৰন নাথে ২০০৮ চনত বন বিভাগৰ হাতত আত্মসমৰ্পণ কৰিছিল ।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like