২০২০ উভতি চাওঁঃ অসমবাসীক তিনিটা সুখবৰ দিলে মানাহ ৰাষ্ট্রীয় উদ্যানে
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ কালিমা লগা ২০২০ বর্ষটোত পর্যটকৰ বাবে তিনিটাকৈ সুখবৰ কঢ়িয়ালে বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই৷ ২০২০ বর্ষৰ ২৩ নৱেম্বৰত বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যানে বাঘ সংৰক্ষণৰ ক্ষেত্রত দেখুওৱা সফলতাৰ বাবে আন্তঃৰাষ্ট্রীয় সংস্থা গ্ল’বেল টাইগাৰ ৰিজার্ভৰ তৰফৰ পৰা লাভ কৰে ‘সংৰক্ষণৰ উৎকর্ষকতাৰ বঁটা’৷ ১৪ ডিচেম্বৰত পর্যটকৰ বাবে সুখবৰ কঢ়িয়াই বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই মুকলি কৰে পর্যটনৰ ক্ষেত্রত এক নতুন সংযোজন– যাৰ নাম হস্তী প্রদর্শনী৷ ইয়াৰ জৰিয়তে এতিয়া পর্যটকে মানাহত উপভোগ কৰিব পাৰিব পোহনীয়া হাতীক গা ধুওৱা, খাদ্য খুওৱা, নখ কাটি দিয়া ইত্যাদি কার্য৷ তদুপৰি হাতীৰ লগত জডিত হাওদা, দুংচি, অংকুশ আদি বিভিন্ন সামগ্রীৰ সৈতে চিনাকি হ’ব পাৰিব পর্যটকে৷ মানাহৰ বন বিভাগৰ ৪৫টা পোহনীয়া হাতীক মাউতে কৰা নৈমিত্তিক পৰিচর্যাৰ দৃশ্য প্রদর্শনেৰে প্রতিদিনে এক নির্ধাৰিত সময়ত পর্যটকক আমোদ দিয়া হ’ব প্রদর্শনীৰ জৰিয়তে৷ মানাহৰবাঁহবাৰী ৰেঞ্জৰ মাউত কেম্পত প্রদর্শনীটোৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ ইপিনে ২৮ ডিচেম্বৰত মানাহ ৰাষ্ট্রীয় উদ্যানত পর্যটকক আদৰ–আপ্যায়নৰ বাবে দুটি মহিলা আত্মসহায়ক গোটে গ্রহণ কৰিছে বিশেষ ব্যৱস্থা৷ ‘গানজেমাং’ শীর্ষক অনুষ্ঠানৰ যোগেদি চোমখোৰ মিথিংগা অনচাই আফাদ আৰু চোমাইনা নামৰ মহিলা আত্মসহায়ক গোট দুটিয়ে বডো জনগোষ্ঠীৰ পৰম্পৰাগত থলুৱা খাদ্যসম্ভাৰ পর্যটকক পৰিৱেশনৰ মানাহৰ মূল প্রৱেশদ্বাৰৰ নাতিদূৰৈত মুকলি কৰিছে পৰম্পৰাগত খাদ্যৰ মেলা৷ য’ত মানাহলৈ অহা পর্যটকে সোৱাদ ল’ব পাৰিব বডো জনগোষ্ঠীৰ বিভিন্ন জুতি লগা পৰম্পৰগাত খাদ্যৰ৷ আনহাতে এই গোট দুটিয়ে বডো জনগোষ্ঠীৰ বাগৰুম্বা, খেৰাই আদি নৃত্যও পর্যটকে পৰিৱেশৰ ব্যৱস্থা গ্রহণ কৰিছে৷