নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ মৰিগাঁও বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ কেবল কমিছন অংকৰ বাবেই মৰিগাঁও সমষ্টিৰ উন্নয়নত স্থবিৰ হৈ পৰা বুলি এক গুৰুত্ব অভিযোগ উত্থাপন হৈছে ।যাৰবাবে মৃতদেহ লৈ এবুকু পানীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে মৰিগাঁও সমষ্টিৰ অন্তৰ্গত জালুগুটিৰ সৰুচকাবহা নামৰ গাঁওখনৰ বাসিন্দা সকল।কিয়নো জালুগুটি ৰহদৈ গাঁৱৰ ৰাজহুৱা শ্মশানলৈ যোৱা পথটোত এবুকু পানী।২০১৬ চনতে উক্ত পথটোৰ কালভাৰ্টসহ নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰিছিল বিধায়ক ৰমাকান্ত দেউৰীয়ে।আনকি উক্ত পথৰ আধাৰশিলা কৰি মৰিগাঁও সমষ্টিত উন্নয়নৰ ঢল বোৱাব বুলি গলাফুলাই ঘোষণা কৰিছিল বহুবল্কী বিধায়ক দেঊৰীয়ে।কিন্তু ২০১৬ চনতে আধাৰশিলা কৰা ৩০ লাখটকীয়া ৰংদলৈ গাঁও পৰা সৰুচকাবাহা গাঁও সংযোগী পথটো আজিলৈকে হৈ নুঠিল।৩০ লাখ টকীয়া পথটোত এতিয়া আছে মাথোন এখন উকা ফলক আৰু ৷ৰাইজে এবুকু পানী ফালি কৰিব লাগে আনকি ৰাজহুৱা শ্মশানলৈ যাতায়ত।এবুকু পানী ফালি কান্ধত মৃতদেহ লৈ শেষকৃত্য কৰিবলৈ যাব হবলগীয়া হোৱাত কালি জালুগুটিৰ সৰুচকাবহাবাসীৰ ধৈৰ্য্যৰ বান্ধ চিগি শতাধিক পুৰুষ মহিলা এবুকু পানীত মৃতদেহ কান্ধত লৈ অকমৰ্ণ্য বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ অকৰ্মন্যতা বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰে।স্থানীয় ৰাইজৰ অভিযোগ জালুগুটি গাঁওপঞ্চায়তৰ অধীনত নিৰ্মাণ হব লগীয়া উক্ত পথৰ কামৰ ঠিকাদাৰ আছিল বিধায়ক দেউৰীৰ যদিও ভাগিন বুলি পৰিচয় দিয়া মৃদুল বৰদলৈ নামৰ স্বয়ম্ভূ ঠিকাদাৰ গৰাকীয়ে।এই বিধায়কৰ ভাগিনৰূপী ঠিকাদাৰে কালভাৰ্ট নিৰ্মানৰ বাবে পথটো খান্দি দিয়াত পথটোত বাৰিষা এবুকু পানী হৈ যাতায়তৰ দুৰ্বিষহ হৈ পৰাই নহয় ৰাজহুৱা শ্মশানলৈ যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় গাওবাসী।৷ ২০১৬-১৭ বৰ্ষতে পঞ্চায়তৰ অধীনত ৩০ লাখ টকাৰে নিৰ্মাণ কৰিব লগীয়া এই কৃষিবান্ধ তথা পথটোৰ বৰ্তমানৰ দুৰবস্থাই মৰিগাঁও সমষ্টিৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে বুলি সচেতন মহলে প্ৰকাশ কৰিছে।আনহাতে উক্ত পথটো যদি অনতিপলমে যাতায়তৰ সুচল নকৰিলে আগন্তুক বিধান সভা নিৰ্বাচনত কেবল আধাৰশিলা বিধায়ক ৰমাকান্ত দেউৰীকে নহয় উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতি দি ৰাইজক চলনা কৰা শাসকীয় বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিয়া হব বুলি জালুগুটি সৰুচকাবহাৰ গঁঞা ৰাইজে সকীয়নি দিছে ৷