নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলাৰ বিদায়ী আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক সম্বৰ্ধনা মৰিগাঁও জিলা মিডিয়া ক্লাবৰ

নিয়মীয়া বাৰ্তা ২৬ জুনঃ  নিজ কৰ্মদক্ষতা আৰু সততাৰ ফলত মৰিগাঁও বাসীৰ অতি প্ৰিয়ভাজন হৈ পৰা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ অসম আৰক্ষীৰ বি আই ই অ লৈ বদলিৰ নিৰ্দেশ ওলোৱাৰ পিছতে আজি মৰিগাঁও জিলাৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ যৌথ সংগঠন মৰিগাঁও জিলা মিডিয়া ক্লাব (ডি এম চি)ৰ সদস্য সকলে মৰিগাঁও জিলাক বিগত ৩ বছৰ ৮মাহ ধৰি দক্ষতাৰে আৰক্ষী প্ৰশাসনক নেতৃত্ব দিয়া আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক এখনি ফুলাম গামোচা, চেলেং, শৰাই আৰু শুভেচ্ছা পত্ৰৰে সম্বৰ্ধনা জনায়। মৰিগাঁও জিলা মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকা , সম্পাদক প্ৰাঞ্জল দাস আৰু উপদেষ্টা প্ৰদীপ ডেকাৰ নেতৃত্বত এই অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক মিতালি দেৱী, কুলদ্বীপ বৰদলৈ, কিশোৰ ডেকাৰজা, ৰঞ্জন দাস, দীপাংকৰ নাথ।

উল্লেখ্য অসমত বিজেপি নেতৃত্বাধীন নতুন চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণৰ পিছতে গুৰুত্বপূৰ্ণ সময়ত মৰিগাঁওৰ দৰে স্পৰ্শকাতৰ জিলাখনত আৰক্ষী অধীক্ষক ৰূপে নিযুক্ত হোৱা অসম আৰক্ষী সেৱাৰ বিষয়া স্বপ্ননীল ডেকাই দায়িত্বভাৰ গ্ৰহণৰ পিছৰে পৰা নিষ্ঠা আৰু সততাৰে জিলাখনত এক সু শৃংখলিত আৰক্ষী প্ৰশাসন গঢ়িবলৈ সক্ষম হোৱা বিষয়া গৰাকী অতি কম দিনৰ ভিতৰতে জিলাখনৰ প্ৰতিটো স্তৰৰ নাগৰিক দল সংগঠনৰ তথা ৰাইজৰ আস্থাভাজন হৈ পৰিবলৈ সক্ষম হয়।

মৰিগাঁওত কৰ্তব্যৰত অৱস্থাত মায়ঙৰ বেদখল উচ্ছেদ অভিযান, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ , কেবাটাও ভয়ংকৰ বানপানী আৰু শেহতীয়াকৈ কোভিড ১৯ ৰ আতংক সময়ত সন্মুখৰ পৰা জিলা খনক নেতৃত্ব দিয়া আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জিলাখনত অপৰাধ আৰু অপৰাধীৰ ক্ষেত্ৰত গ্ৰহণ কৰা আপোচহীন মনোভাৱৰ বাবে জিলাবাসীয়ে সদায় স্মৰণ কৰিব বুলি দোহাৰে মৰিগাঁও জিলা মিডিয়া ক্লাবৰ সদস্যসকলে।

You might also like