নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ নর্থ কেৰলিনা বিশ্ববিদ্যালয়লৈ আমন্ত্রিত ময়ূৰ বৰা

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ১৮৮৭ চনতে স্থাপন হোৱা আমেৰিকা যুক্তৰাষ্ট্রৰ প্রখ্যাত শিক্ষানুষ্ঠান নর্থ কেৰলিনা ষ্টেট ইউনিভার্ছিটীয়ে ২৭ ছেপ্টেম্বৰত অসম আৰু অসমীয়াৰ গৰিমা সম্বন্ধীয় এটা বিষয়ত বত্তৃণতা দিবলৈ লেখক–চিন্তাবিদ ময়ূৰ বৰাক আমন্ত্রণ জনাইছে৷

অনলাইন মাধ্যমৰ যোগেদি আয়োজিত বত্তৃণতাটোৰ মূল বিষয়বস্তু হৈছে The Glory of Assam and the Assamese’৷ অসমৰ সমল ব্যক্তিৰ দ্বাৰা আমেৰিকাৰ বিশ্ববিদ্যালয়ত মূলতঃ শ্বেতাংগ ছাত্র–ছাত্রীৰ আগত অসম আৰু অসমীয়াৰ গৰিমাৰ বিষয়ে আয়োজিত এইটো হ’ব প্রথম অনুষ্ঠান৷

উল্লেখ্য যে অসমৰ দহটাতকৈও অধিক মর্যাদাপূর্ণ স্মাৰক বত্তৃণতা দিয়া বৰাই যোৱা ১৩ ছেপ্ঢেম্বৰত কেন্দ্রীয় চৰকাৰৰ সংস্কৃতি বিভাগৰ অধীনৰ সংস্থা ‘ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ দ্য আর্টছ’–এ আয়োজন কৰাবত্তৃণতাত শ্রীমন্ত শংকৰদেৱৰ অনন্যতাৰ বিষয়ে কৈ সমগ্র দেশৰে সুধী সমাজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷

You might also like