সীমা বিবাদক লৈ দিল্লীত বৈঠকঃ অসমৰ ভৌগোলিক অখণ্ডতাত আপোচ নকৰে চৰকাৰে
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ মিজোৰামৰে সীমা বিবাদ নিষ্পত্তিৰ বাবে শীঘ্রে চুবুৰীয়া ৰাজ্যখনৰ সৈতে অসমে চুক্তিবদ্ধ হ’ব৷ শুকুৰবাৰে নতুন দিল্লীত দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ মাজত হোৱা বৈঠকৰ পাছত অতি গুৰুত্বপূর্ণ এই কথা সদৰী কৰিছে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই৷ নতুন দিল্লীত অনুষ্ঠিত দুলানি মাৰাথন বৈঠকৰ পাছত মুখ্য সচিব বৰুৱাই লগতে এই কথাও স্পষ্ট কৰে যে অসমৰ ভৌগোলিক অখণ্ডতাৰ সৈতে ৰাজ্য চৰকাৰে কোনোপধ্যেই আপোচ নকৰে৷ লক্ষণীয়ভাৱে দিল্লীৰ গার্বি গুজৰাট ভৱনত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত প্রথমলানি বৈঠকত অসম আৰু মিজোৰামৰ মুখ্য সচিব ক্রমে জিষ্ণু বৰুৱা আৰু লালনুনমাৱিয়া চুৱাংগোৰ উপৰি অসমৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আৰু মিজোৰামৰ আৰক্ষী সঞ্চালকপ্রধান এছ বি কে সিঙো উপস্থিত থাকে৷ পাছত নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ত গৃহ সচিব অজয় ভাল্লাৰ অধ্যক্ষতাত দুয়োখন ৰাজ্য চৰকাৰৰ প্রতিনিধিৰে আন এলানি বৈঠক অনুষ্ঠিত হয়৷
মুখ্য সচিব বৰুৱাই সাংবাদিকৰ আগত প্রকাশ কৰা মতে, সীমা বিবাদক লৈ দুয়ো ৰাজ্যই নিজৰ নিজৰ দাবী তথা মতামত দাঙি ধৰে বৈঠকত৷ দুয়ো পক্ষৰ মাজত বৈঠকত এক বুজাবুজিত উপনীত হোৱাৰ কথা জানিবলৈ দিলেও এইক্ষেত্রত বিশদকৈ একো প্রকাশ কৰাৰ পৰা বিৰত থাকে মুখ্য সচিবজনে৷ মুঠতে দুয়ো ৰাজ্যৰ সীমা বিবাদক লৈ অচিৰেই চুক্তিবদ্ধ হ’ব যদিও মিজোৰামে এইক্ষেত্রত অসমৰ পৰা কিছু সময় বিচাৰিছে৷
মুখ্য সচিব বৰুৱাৰ ভাষাত– ‘আজিৰ বৈঠকত চুক্তিৰ বাট প্রশস্ত হৈছে আৰু বহুখিনি কথা আগবাঢ়িছে৷’ এবছৰমান পূর্বে সীমা য’ত আছিল, তাতেই থাকিব লাগিব বুলি বৈঠকত অসমৰ তৰফৰ পৰা গুৰুত্ব দিয়া হয়৷ মিজোৰামে অসমৰ বেদখলীকৃত ভূমি ত্যাগ কৰাৰ পাছতেই অসমে প্রেৰণ কৰা নিৰাপত্তা বাহিনী প্রত্যাহাৰ কৰিব বুলি তেওঁ লগতে সদৰী কৰে৷
লক্ষণীয়ভাৱে মিজোৰামে অসমৰ মাটি বেদখল কৰাৰ বাবেই অসম আৰক্ষীয়েও প্রত্যুত্তৰ হিচাপে মিজোৰামৰ কিছু মাটি দখল কৰা বুলি মুখ্য সচিব বৰুৱাই উল্লেখ কৰে৷ ‘আমি বিচাৰোঁ যে ক’ভিড অতিমাৰী আৰম্ভ হোৱাৰ পূর্বৰ স্থিতাৱস্থালৈ ঘূৰি যোৱাটো৷’ –মুখ্য সচিবজনে এনেদৰে কয়৷ পিছে নাগালেণ্ডে যেনেদৰে অসমৰ মাটি বেদখল কৰিলে সিমান পৰিমাণে মিজোৰামে অসমৰ মাটি দখল কৰা নাই বুলিও তেওঁ লগতে সাংবাদিকক জানিবলৈ দিয়ে৷ ইফালে নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰ সৈতে থকা সীমা বিবাদৰ বিষয়টো এতিয়াও উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ থকাৰ কথাও তেওঁ উল্লেখ কৰে৷
মন কৰিবলগীয়া যে অলপতে দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদক অসমৰ নিয়তি বুলি অভিহিত কৰিছিল৷ আলোচনা–বিলোচনাৰ মাধ্যমেৰেই এই সীমা বিবাদ মীমাংসা হ’ব লাগে বুলি তেওঁ সিদিনা মন্তব্য কৰিছিল৷ সীমা বিবাদৰ বিষয়টোত নাগালেণ্ড আৰু মিজোৰামৰ মুখ্যমন্ত্রীৰ সৈতে নিজে আলোচনা কৰা বুলিও তেওঁ জানিবলৈ দিছিল৷