দৰঙৰ ১১খন ক্রীড়াংগনলৈ মুখ্যমন্ত্রীৰ ২০ লাখকৈ টকাৰ অনুদান
কাৰিকৰী অনুমোদনৰ বাবদ ক্রীড়া বিষয়াই ধন দাবীৰ অভিযোগ
নিয়মীয়া বার্তা, ২৪ জুনঃ দৰঙৰ ক্রীডাংগনৰ উন্নয়নৰ বাবদ বিজেপি চৰকাৰে কেইবালাখ টকা আবণ্টিত কৰাৰ সময়তে জিলা ক্রীড়া বিষয়াই ব্যাপক খেলিমেলি সৃষ্টিৰ অভিযোগ উঠিছে৷ কাৰিকৰী অনুমোদনৰ নামত বৃহৎ অংকৰ ধন দাবীৰে এই খেলিমেলি সৃষ্টিৰ অভিযোগ দিছে বিভিন্ন বিদ্যালয়ে৷
কালি খোদ দৰং জিলা ক্রীড়া সাংবাদিক সন্থাই এই দিশত জিলা ক্রীড়া বিষয়াক তদন্তৰ আওতালৈ অনাৰো দাবী কৰিছে৷ উল্লেখ্য যে ৰাজ্যখনৰ খেলপথাৰৰ উন্নয়নৰ বাবে অসম যুৱ উন্নয়ন মিছন ছ’চাইটীৰ অধীনত গঠন হোৱা ‘মেগা মিছন ছ’চাইটী–মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা’ৰ জৰিয়তে ৰাজ্যখনৰ ৫০০ ক্রীডাংগনলৈ ২০ লাখকৈ টকা প্রদান কৰিছিল৷
এটকাও ঘোচ নিদিয়াকৈ নির্বাচিত ৫০০খন শিক্ষানুষ্ঠান–ক্লাব, সংঘৰ বেংক একাউণ্টত ৮ লাখ টকা সুমুৱাই দিছিল সংশ্লিষ্ট কর্তৃপক্ষই৷ এইদৰে স্বচ্ছভাৱে ধন লাভ কৰা শিক্ষানুষ্ঠান–স্বেচ্ছাসেৱী অনুষ্ঠানে পূর্ণোদ্যমে কাম কৰে৷ পৰৱর্তী পর্যায়ত কামৰ খতিয়ান দাখিল কৰি আকৌ ৮ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে৷ এই আঁচনিৰ অধীনত দৰঙৰ ১১খন শিক্ষানুষ্ঠান–স্বেচ্ছাসেৱী অনুষ্ঠানেও ধন লাভ কৰিছে৷ জানিব পৰা মতে, জিলাখনৰ কেইবাখনো হাইস্কুলত দৰঙৰ তদানীন্তন জিলা ক্রীডা বিষয়া জিতেন্দ্র বৰুৱাৰ তৎপৰতাত কাম হৈছিল আৰু কামৰ খতিয়ান দাখিল কৰি ২০ লাখ টকাৰ ভিতৰত ১৬ লাখ টকা পাবলৈ সক্ষম হৈছে৷
কিন্তু বিষয়া জিতেন্দ্র বৰুৱা অৱসৰ গ্রহণ কৰাৰ পিছত ১৬ মে’ত শোণিতপুৰ জিলাৰ ক্রীডা বিষয়া খনীন্দ্র মুদৈক দৰঙৰ ভাৰপ্রাপ্ত বিষয়া হিচাপে চৰকাৰে দায়িত্ব প্রদান কৰে৷ উল্লেখ্য যে উল্লেখিত দুখন জিলাৰ বাহিৰেও তেওঁ বিশ্বনাথ চাৰিআলি জিলাৰো ভাৰপ্রাপ্ত ক্রীডা বিষয়া হিচাপে কার্যনির্বাহ কৰি আছে৷ এইগৰাকী বিষয়াই যোগদান কৰিয়েই টেকনিকেল চেংচনৰ (টি এছ) নামত ১৫–৫০ হাজাৰকৈ টকা সংগ্রহৰ অভিযান আৰম্ভ কৰা বুলি অভিযোগ উঠিছে৷ বিষয়াজনৰ এনে কাম–কাজক তীব্র বিৰোধিতা কৰিছে দৰং জিলা ক্রীডা সাংবাদিক সংস্থাই৷ সংস্থাৰ সভাপতি আব্দুল খালেক, সম্পাদক গণেশ দত্তই বিষয়াজনৰ দুর্নীতিৰ তদন্ত দাবী কৰিছে৷