নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ লকডাউনৰ সময়ত আন্তঃজিলাত আবদ্ধ হৈ থকা লোকসকলক ৰাজ্য চৰকাৰে নিজ নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰাৰ সময়তে কামৰূপ (মহানগৰ) জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ ৰেড জ’ন ৰূপে চিহ্ণিত নলবাৰী জিলাৰ পৰা এজন লোকে প্রশাসনৰ অনুমতি নোলোৱাকৈ পত্নী আৰু সন্তানক লগত লৈ গ্রীন জ’ন কামৰূপ (মহানগৰ) জিলাত প্রৱেশ কৰে ৷ এই লোকজনে দেওবাৰে এখন এম্বুলেঞ্চেৰে গোপনে পত্নী আৰু সন্তানৰ সৈতে নলবাৰীৰ পৰা আহি গুৱাহাটীৰ চানমাৰিৰ মিলনপুৰত উপস্থিত হয় ৷ নলবাৰীৰ বাসিন্দা এই লোকজনৰ নাম ছাহাদুৰ ৰহমান ৷
জানিব পৰা মতে, ছাহাদুৰ ৰহমান হ’ল মিলনপুৰৰ ২নং মছজিদৰ মোৱাজ্জিন ৷ মহামাৰী ক’ৰোনা ভাইৰাছত নলবাৰীৰ কেইবাজনো লোক আক্রান্ত হৈছে৷ এনে পৰিস্থিতিত ৰাজ্যৰ স্বাস্থ্য বিভাগে নলবাৰীক ৰেড জ’ন হিচাপে চিহ্ণিত কৰিছে৷ সেই অনুসৰি ৰেড জ’ন ঘোষিত জিলালৈ কোনো মানুহ যাব নোৱাৰে আৰু আহিবও নোৱাৰে৷ এনে অৱস্থাত ছাহাদুৰ ৰহমানে ৰেড জ’ন এলেকাৰ পৰা কেনেকৈ গ্রীন জ’ন এলেকা অর্থাৎ গুৱাহাটীলৈ আহিব পাৰিলে, তাক লৈ প্রশ্ণ উত্থাপন হোৱাৰ লগতে সমগ্র ঘটনাটোক লৈ মিলনপুৰ অঞ্চলত তীব্র চাঞ্চল্য সৃষ্টি হয় ৷ এই কথা জানিব পাৰি স্থানীয় লোকে লগে লগে প্রশাসনক খবৰ দিয়ে৷ প্রশাসনৰ লোক আহি মোৱাজ্জিন ছাহাদুৰ ৰহমান আৰু তেওঁৰ পত্নী আৰু সন্তানৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তিনিওকে কোৱাৰেণ্টাইন গৃহলৈ প্রেৰণ কৰে ৷
জিলা প্রশাসনে মিলনপুৰৰ ২নং মছজিদটো ছেনিটাইজেচন কৰাৰ লগতে ছীল কৰি দিয়ে৷ প্রশাসনে মিলন নগৰ অঞ্চলটোও ছেনিটাইজ কৰে৷ স্থানীয় লোকে সংবাদ মাধ্যমক জনোৱা মতে, এসপ্তাহ পূর্বে ছাহাদুৰ ৰহমানৰ চর্দি আৰু কাহ হৈছিল৷ ২নং মছজিদত সদায় আজান দিয়া মোৱাজ্জিন ছাহাদুৰ ৰহমানে নিজেই এই কথা মছজিদ কর্তৃপক্ষক অৱগত কৰে৷ লগতে কিছুদিন জিৰণি ল’বলৈ নলবাৰীৰ ঘৰলৈ যোৱাৰ ইচ্ছা প্রকাশ কৰে৷ উল্লেখ্য যে লকডাউনৰ বাবে নলবাৰীত আবদ্ধ হৈ আছিল মোৱাজ্জিনগৰাকীৰ পত্নী আৰু সন্তান৷ কিন্তু লকডাউনৰ ভিতৰতে মোৱাজ্জিনগৰাকীয়ে হঠাতে নলবাৰীলৈ গৈ প্রশাসনৰ অনুমতি নোলোৱাকৈ এখন এম্বুলেঞ্চেৰে পত্নী আৰু সন্তানক লৈ গুৱাহাটীত উপস্থিত হয় ৷
জিলা প্রশাসনৰ কোনো অনুমতি নোলোৱাকৈ ৰেড জ’নৰ পৰা মোৱাজ্জিনগৰাকীয়ে গোপনে গুৱাহাটী কেনেকৈ আহিব পাৰিলে বুলি মিলনপুৰৰ স্থানীয় লোকে প্রশ্ন উত্থাপন কৰে৷ টকাৰ প্রলোভন দি মোৱাজ্জিনগৰাকীয়ে এম্বুলেঞ্চৰ চালকজনক গুৱাহাটীলৈ আনিবলৈ সক্ষম হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে৷ লকডাউনৰ সময়ত এইদৰে এম্বুলেঞ্চ ব্যৱহাৰ কৰি তথা আৰক্ষীৰ চকুত ধূলি দি বহু মোৱাজ্জিনে ৰেড জ’ন এলেকাৰ পৰা আহি গ্রীন জ’ন এলেকাৰ বহু মছজিদত সোমাই থাকিব পাৰে বুলি সচেতন মহলে আশংকা কৰিছে৷ অসম আৰক্ষীয়েও এই আশংকা কৰিছে আৰু বিষয়টো গুৰুত্ব সহকাৰে লৈছে৷ লগতে ৰেড জ’ন এলেকাৰ পৰা কোনো লোক লকডাউনৰ সময়ত গোপনে গ্রীন জ’ন এলেকাত আহি মছজিদ বা মানুহৰ ঘৰত যদি আশ্রয় লৈ আছে, তেন্তে শীঘ্রে প্রশাসনক জনাবলৈ আৰক্ষীয়ে আহ্বান জনাইছে ৷