ম্যানমাৰে গতাই দিলে অসম মণিপুৰৰ সশস্ত্র সংগঠনৰ ২২ শীর্ষ নেতাক
বিশেষ বিমানেৰে অনা হ’ব ইম্ফললৈ : ১০জনেই কেএলঅ’–এনডিএফবি(এছ)ৰ নেতা
নিয়মীয়া বাৰ্তা, ১৬ মে’ : ভাৰত–ম্যানমাৰৰ মাজত সামৰিক তথা প্রতিৰক্ষা সহযোগিতাই নতুন মাত্রা লাভ কৰিছে ৷ প্রথমবাৰৰ বাবে ভাৰতৰ অনুৰোধৰ প্রতি সঁহাৰি জনাই চুবুৰীয়া ৰাষ্ট্রখনে প্রত্যর্পণ কৰিলে উত্তৰ–পূর্বাঞ্চলৰ সশস্ত্র সংগঠনৰ ২২জনকৈ শীর্ষনেতাক ৷ ম্যানমাৰৰ ভূমিৰ পৰা সশস্ত্র কার্যকলাপ চলাই থকা ২২ বিদ্রোহী নেতা বিগত বর্ষৰ ফেব্রুৱাৰী আৰু মার্চ মাহত দুটা পর্যায়ত চলোৱা অভিযানত টাগা, আৰাকান, নীলগিৰি আদি অঞ্চলত ধৰা পৰিছিল ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে ম্যানমাৰৰ ফালৰ পৰা সশস্ত্র সংগঠনৰ নেতাকেইজনক ভাৰতৰ হাতত গতাই দিয়াৰ প্রক্রিয়া সম্পন্ন কৰা হয় ৷ এই সন্দর্ভত প্রকাশিত খবৰ অনুসৰি ইতিমধ্যে আটাইকেইজনকে এখন বিশেষ বিমানযোগে ইম্ফল অভিমুখে লৈ অহা হৈছে ৷
মন কৰিবলগীয়া যে ভাৰতক প্রত্যর্পণ কৰা সশস্ত্র সংগঠনৰ ২২ শীর্ষনেতাৰ ভিতৰত ১২জন হ’ল মণিপুৰৰ ইউ এন এল এফ, প্রিপাক (প্র’), কে ৱাই কে এল আৰু পি এল এৰ ৷ ১০জন অসমৰ সশস্ত্র সংগঠন কে এ ল’ আৰু এন ডি এফ বি (এছ)ৰ শীর্ষনেতা ৷ ইম্ফল আহি পোৱাৰ পিছত ইউ এন এল এফ, প্রিপাক(প্র’), কে ৱাই কে এল আৰু পি এল এৰ ১২ শীর্ষনেতাক মণিপুৰ আৰক্ষীক চমজাই দিয়া হ’ব কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা৷ একেদৰে কে এল অ’ আৰু এন ডি এফ বি (এছ)ৰ শীর্ষনেতাকেইজনক গুৱাহাটীলৈ আনি অসম আৰক্ষীৰ হাতত গতাই দিয়াৰ কথা ৷ ম্যানমাৰ চৰকাৰে গতাই দিয়া অসম আৰু মণিপুৰৰ এই ২২শীর্ষ বিদ্রোহী নেতাৰ তালিকাখন ইতিমধ্যে অসমৰ হাতত পৰিছে ৷ য’ত ইতিমধ্যে মূলসুঁতিলৈ ঘূৰি অহা এন ডি এফ বি(এছ)ৰ স্বয়ম্ভূ গৃহ সচিব ৰাজেন দৈমাৰী ওৰফে ৰেবগন, কেপ্টেইন চাঞ্চুমা বসুমতাৰী ওৰফে ছাৰোণ্টছাই, কে এল অ’ৰ শীর্ষনেতা শংকৰ দেৱবর্মন ওৰফে ছিলুকাৰ ওৰফে ছিলুকশ আৰু ইউ এন এল এফৰ কেপ্ঢেইন ছানাটোম্বা নিংথোও জাকো আছে ৷
ম্যানমাৰ চৰকাৰৰ হাতৰ পৰা ভাৰতে চমজি লোৱা ২২ শীর্ষ বিদ্রোহী নেতাৰ সম্পূর্ণ তালিকাখন এনেধৰণৰ – এন ডি এফ বি (এছ)ৰ ৰাজেন দৈমাৰী ওৰফে ৰেবগন, চাঞ্চুমা বসুমতাৰী ওৰফে ছাৰোণ্টছাই, গগাৰাম বসুমতাৰী ওৰফে গামছা, সূর্য ব্রহ্ম আৰু শুকুৰাম ব্রহ্ম৷ কে এল অ’ৰ শংকৰ দেৱবর্মন ওৰফে ছিলুকাৰ ওৰফে ছিলকুশ, ভজন বর্মন ওৰফে টাইগাৰ কোচ, বিষ্ণু ৰয় ওৰফে বিশ্ব সিংহ কোচ, জিতেন্দ্র ৰয় ওৰফে মাংগক কোচ আৰু ধনো ৰয় ওৰফে বাহাদুৰ৷ ইউ এন এল এফৰ নাওবা মেইটেই, মাচুম, বলৰাম টাখেল্লামবাম, ছানাটোম্বা, নিংথোজাম, প্রতাপ মেইটেই, সঞ্জয় মেইটেই আৰু অজয় একোইজাম৷ পি এল এৰ প্রথ’ই মেইটেই আৰু কেনেডী অৰিবাম৷ প্রিপাক (প্র’)ৰ পশুৰাম লেইশ্রাম আৰু প্রেমানন্দ মেইটেই৷ কে ৱাই কে এলৰ সন্তোষ মেইটেই৷ চর্চা অনুসৰি ম্যানমাৰত বন্দী হৈ থকা উত্তৰ–পূর্বাঞ্চলৰ সশস্ত্র সংগঠনৰ এই ২২ নেতাক ঘূৰাই অনাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা আজি ডোভালে ৷