গীতে–মাতে ওপজা দিনত সুধাকণ্ঠক স্মৰণ ৰাজ্যবাসীৰ
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ অমৰ সৃষ্টিৰাজিৰে অসমৰ জাতীয় জীৱনক জীপাল কৰি তোলা কিংবদন্তী শিল্পী ভাৰতৰত্ন প্রয়াত ড০ ভূপেন হাজৰিকাক ৯৫সংখ্যক ওপজা দিনত গীতে–মাতে স্মৰণ কৰিলে ৰাজ্যবাসীয়ে৷ প্রিয় শিল্পীগৰাকীক শ্রদ্ধা জনাবলৈ ৰাজ্যৰ প্রান্তে প্রান্তে আয়োজন কৰা হ’ল বিভিন্ন কার্যসূচীৰ৷ গীত–মাতৰ প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতা, নৃত্য প্রতিযোগিতা আদি আয়োজনেৰে সুধাকণ্ঠক স্মৰণ কৰিলে ৰাজ্যবাসীয়ে৷
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ সমাধি ক্ষেত্রত অনুষ্ঠিত কৰা হয় বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠান৷ এই অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, ৰাজহ মন্ত্রী যোগেন মহন, পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি সমাধিস্থলত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
এই অনুষ্ঠানত ভাষণ প্রদান কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ক’ভিড প্রট’কল মানি বুধবাৰৰে পৰা সুধাকণ্ঠৰ সমাধিস্থল সাধাৰণ দর্শনার্থীৰ বাবে মুকলি কৰা হ’ব বুলি ঘোষণা কৰে৷ সংগীত আৰু সাহিত্যৰ জগতখনলৈ সুধাকণ্ঠই আগবঢ়াই যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰলাৱা, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দৰে মহান মনীষীসকলে আগবঢ়াই যোৱা অৱদান নৱপ্রজন্মৰ মাজলৈ আগবঢ়াই লৈ যাব লাগিব৷ তেওঁলোকৰ অমৰ সৃষ্টিৰাজি উদ্ভাসিত কৰিব নোৱাৰিলে সেয়া সময়ৰ সোঁতত হেৰাই যাব৷
সুধাকণ্ঠৰ অৱদানৰ কথা স্মৰণ কৰি তেওঁ লগতে কয়– কালি সদৌ অসম ছাত্র সন্থাৰ সৈতে হোৱা এক আলোচনাত সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ কেইবাটাও প্রস্তাৱ আগবঢ়াইছে৷ অসমৰ মুখ্যমন্ত্রীয়েও এই পৰামর্শসমূহত সন্মতি প্রকাশ কৰিছে৷ সেই অনুসৰি তেজপুৰ, গুৱাহাটী আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ত সুধাকণ্ঠৰ নামত আসন প্রতিষ্ঠা কৰা হ’ব৷ ইয়াৰ জৰিয়তে বিশ্ববিদ্যালয় পর্যায়ত ড০ ভূপেন হাজৰিকাক আমি বিচাৰিব পাৰিম৷ তেওঁৰ সৃষ্টিৰাজিৰ গৱেষণা হ’ব আৰু সেয়া সকলোলৈকে লৈ যাব পাৰিম৷ তদুপৰি ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ বিষয়ে পাঠ্যক্রমত অন্তর্ভুক্তিৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে সন্মতি দিছে৷ সুধাকণ্ঠৰ সমাধি ক্ষেত্র আকর্ষণীয় কৰি তোলা হ’ব যাতে দর্শনার্থীসকলে সমাধি ক্ষেত্র পৰিদর্শন কৰি এক বার্তা লৈ যাব পাৰে৷ এই অনুষ্ঠানত সুধাকণ্ঠৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰা হয়৷
ইপিনে সুধাকণ্ঠৰ নিজৰাপাৰস্থিত বাসগৃহতো পৰিয়ালৰ লোকে বিভিন্ন কার্যসূচীৰ আয়োজন কৰে৷ সেইদৰে দীঘলীপুখুৰীৰ পাৰত থকা ড০ ভূপেন হাজৰিকাৰ প্রতিমূর্তিস্থলীত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে সদৌ অসম ছাত্র সন্থাই৷ ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সুধাকণ্ঠৰ প্রতিমূর্তিত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অর্পণেৰে শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জনায়৷
ইফালে সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত ৯৫ গছি বন্তি প্রজ্বলন কৰে সদৌ অসম ছাত্র সন্থাই৷ আনহাতে অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কার্যালয়ত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ৷ সভাৰ সাংস্কৃতিক উপ–সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সভাপতিত্ব কৰে সভাপতি ড০ কুলধৰ শইকীয়াই৷ সুধাকণ্ঠৰ ওপজা দিন উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত আদৰণী ভাষণ প্রদান কৰে উপ–সমিতিৰ কার্যকৰী সভাপতি দেৱেন্দ্রনাথ বসুমতাৰীয়ে৷ এই সভাত অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়েও ভাষণ প্রদান কৰে৷ সভাৰ আৰম্ভণিতে পৰিৱেশন কৰা হয় ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীর্ষক গীতটো৷ এই সভাতে সুধাকণ্ঠৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণৰ লগতে বন্তি প্রজ্বলন কৰে সভাপতি ড০ শইকীয়া আৰু উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ তদুপৰি ৰাজ্যৰ ভিন্ন প্রান্তত সুধাকণ্ঠৰ ওপজা দিন উপলক্ষে বিভিন্ন কার্যসূচী অনুষ্ঠিত কৰা হয়৷