নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 জাইকাৰ কামৰ  বুজ ল’লে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই

মন্ত্রীগৰাকীক সংগ দিয়ে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই

মহানগৰ বার্তা, ১৭ জুনঃ গুৱাহাটী মহানগৰীত খোৱাপানীৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ অধীনত জাইকা নামৰ ব্যক্তিগত প্রতিষ্ঠানটোৱে পানী যোগান প্রকল্পৰ কাম আজিও সম্পূর্ণ কৰিব পৰা নাই, যাৰ বাবে মহানগৰবাসীয়ে আজিলৈকে নিয়মিতভাৱে খোৱাপানী লাভ কৰা নাই৷

আজিও মহানগৰীৰ বিভিন্ন স্থানত খোৱাপানীৰ বাবে একাংশ ৰাইজে দুর্ভোগ ভুগিবলগীয়া হৈছে৷ মহানগৰীৰ জনসাধাৰণৰ এই দীর্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে জি এম ডি এয়ে জাইকাক মাজে সময়ে তাগিদা দি আহিছে৷ ইয়াৰ মাজতে আজি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই পশ্চিম গুৱাহাটী সমষ্টিত চলি থকা জাইকাৰ কামৰ খতিয়ান লয়৷ মন্ত্রীগৰাকীক সংগ দিয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷

দুয়োগৰাকী জনপ্রতিনিধিয়ে নির্মাণস্থলী পৰিদর্শন কৰি কামৰ বুজ লয়৷ এই সন্দর্ভত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সংবাদ মাধ্যমৰ আগত কয় যে জাইকাই প্রায় ৯৫ শতাংশ কাম ইতিমধ্যে সমাপ্ত কৰিছে যদিও ৫ শতাংশ কাম আজিলৈকে কৰ্বিলৈ সক্ষম হোৱা নাই৷ ইয়াৰ মূলতে হ’ল একাংশ ব্যক্তিয়ে অবৈধভাৱে বেদখল কৰিছে, যাৰ বাবে জাইকাই কামটো নিয়াৰিকৈ কৰাৰ ক্ষেত্রত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷

সেইবাবেই স্থানীয় ৰাইজৰ লগত এই বিষয়ে আলোচনা কৰিব লাগিব৷ তেওঁ লগতে কয় প্রকল্পটোৰ কাম নিয়াৰিকৈ কৰ্বিলৈ হ’লে স্থানীয় ৰাইজে সহযোগিতা আগবঢ়াব লাগিব৷ ইয়াৰ বাবে প্রতিগৰাকী লোকক বিনম্রতাৰে অনুৰোধ জনাই মন্ত্রীগৰাকীয়ে কয় আপোনালোকৰ দীর্ঘদিনীয়া খোৱাপানীৰ সমস্যা সমাধানৰ বাবে জাইকাক প্রকল্পৰ কামত সহযোগিতা কৰক৷

You might also like