নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত সমষ্টিবাসীৰ কাষত নোমল মমিন; আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ওপৰি কৰিছে ৰোগীক চিকিৎসা

নিয়মীয়া বাৰ্তা, ১ মে’: প্ৰধানমন্ত্ৰীৰ লকডাউন ঘোষণাৰ পাছৰ পৰাই বিধায়ক ডাঃ নোমল মমিন ব্যস্ত নিজ সমষ্টি বোকাজানত। এই সময়ত সমষ্টিৰ আর্তজনৰ মাজত খাদ্য সামগ্ৰী, মাস্ক, চেনিটাইজাৰ আদি বিতৰণ কৰাৰ লগতে বিধায়ক মমিনৰ তৎপৰতাত ডিষ্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টৰ অধীনত প্ৰায় এক হাজাৰ চেনিটেৰী নেপকিন সমষ্টিৰ যুৱতীসকলক বিতৰণ কৰিবৰ বাবে বি জে পিৰ মহিলা মৰ্চাৰ নেত্ৰীসকলক অৰ্পণ কৰে।

ইয়াৰ মাজতে বিধায়কগৰাকীয়ে সমষ্টিৰ বহু ৰোগীক চিকিৎসা সেৱাও আগবঢ়াই গৈছে।বৃহস্পতিবাৰে তেওঁ বোকাজান অসামৰিক চিকিৎসালয়ত কেইবাজনো ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে মাস্ক আৰু কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে বোকাজানৰ খটখতিত থকা বিবেকানন্দ কেন্দ্ৰত। বিধায়ক মমিনে আজিও বোকাজান সমষ্টিৰ অন্তৰ্গত বাগৰি, নিলিপ, দুৱাৰবাগৰি আদি অঞ্চলত ৰেচন কাৰ্ড নথকা বহু পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে মাস্ক বিতৰণ কৰে আৰু সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।

আনহাতে বেংগালুৰৰ এটা ব্যক্তিগত কোম্পানীত ‘চিকিউৰিটি গাৰ্ড’ হিচাপে কৰ্মৰত বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত দেওপানী চাহ বাগিচাৰ ৰবীন তাঁতী নামৰ এজন যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ সমস্যাত পৰে । এই বিষয়ে বিধায়ক মমিনে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ কৰাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে NHM ৰ ফালৰ পৰা বেংগালুৰৰ NIMHANS hispital ত চিকিৎসাধীন ৰবীন তাঁতীৰ বেংক একাউণ্টত এক লাখ ত্ৰিশ হাজাৰ টকাৰ এক আৰ্থিক সাহায্য আগবঢ়াই।

আনহাতে এই সংক্ৰান্তত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়েও মমিনলৈ ফোন কৰাৰ লগতে সহায় কৰি আছে বুলি বোকাজানৰ বিধায়ক নোমল মমিনে জানিবলৈ দিয়াৰ লগতে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

You might also like