ক’ৰোনাত আক্ৰান্ত বিধায়ক ঋতুপৰ্ণ বৰুৱা
নিয়মীয়া বার্তা, ৩০ আগষ্টঃ ক’ৰোনাত আক্ৰান্ত হৈছে বিধায়ক ঋতুপৰ্ণ বৰুৱা। বিধানসভাৰ চৌহদত চলি থকা ক’ৰোনা টেষ্টত দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে লাহোৱালৰ বিধায়কগৰাকীৰ। উল্লেখযোগ্য যে ৰাজ্যৰ ২৬গৰাকীকৈ লোক ক’ভিডত আক্ৰান্ত হৈছে। বিধানসভা অধিৱেশনৰ পূৰ্বে বিধায়কসকলৰ ক’ভিড টেষ্ট কৰাব লাগিব বুলি ঘোষণা কৰা হৈছিল।
এই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে এয়া আমাৰ দায়িত্ব। বিধালসভাৰ অধিৱেশনৰ পূৰ্বে নিজকে পৰীক্ষা কৰি লোৱাটো জৰুৰী বুলি মন্তব্য কৰে বিধায়কগৰাকী।