চৰকাৰ গঠনত মুখ্য ভূমিকা ল’ব লাগিব মহিলা কর্মকর্তাই
মহিলা মর্চাৰ দ্বিতীয় ৰাজ্যিক কার্যনির্বাহক সভাত মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ যিকোনো কাম সমাজত সুস্থিৰভাৱে সম্ভৱ কৰি তুলিবলৈ মহিলাসকলে অগ্রণী ভূমিকা গ্রহণ কৰিব লাগিব৷ এই কাম যুগে যুগে মহিলাই কৰি আহিছে৷ অসমত বিজেপিৰ চৰকাৰ গঠন প্রক্রিয়াত মহিলা কার্যকর্তাসকলৰ উল্লেখযোগ্য ভূমিকা আছে৷ আগন্তুক নির্বাচনত মহিলা কর্মকর্তাসকলে বিজেপিৰ চৰকাৰ পুনৰ গঠনৰ ক্ষেত্রত মহিলাসকলে মুখ্য ভূমিকা গ্রহণ কৰিব লাগিব৷’ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ বুধবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কমিটীৰ মহিলা মর্চাৰ দ্বিতীয় ৰাজ্যিক কার্যনির্বাহক সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ৰাষ্ট্র নির্মাণত পুৰুষ–মহিলা উভয়ে সমর্পিত মনোভাবেৰে কাম কৰি আহিছে৷ অসমক আত্মনির্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মহিলাসকলে বিশেষ ভূমিকা গ্রহণ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে যি প্রতিশ্রুতি দি ক্ষমতালৈ আহিছিল, সেই প্রতিশ্রুতি ৰূপায়ণত সফল হৈছে৷ কম সময়ৰ ভিতৰত চৰকাৰখনে দৃষ্টান্তমূলকভাৱে সফলতাৰ প্রতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে৷
বর্তমানৰ ৰাজ্য চৰকাৰে অতি কম সময়ৰ ভিতৰত ইমান কাম কৰিলে, সেই কাম কংগ্রেছ চৰকাৰৰ সৈতে তুলনা কৰিলে আকাশ–পাতাল প্রভেদ দেখিবলৈ পোৱা যায়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰ ভাৰতবর্ষ গঢ়াৰ বাবে আহ্বান জনাইছে৷ উপার্জন বৃদ্ধিৰ জৰিয়তে আমি আমাৰ শক্তি বিশ্ববাসীৰ ওচৰত প্রদর্শন কৰিব পাৰোঁ৷ অসমত মহিলা শক্তি জাগৰিত হৈ পুনৰ বিজেপি চৰকাৰ গঠন কৰিব লাগিব৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সফলতাৰ কাহিনী ঘৰে ঘৰে গৈ প্রচাৰ কৰিব লাগিব৷’ ইফালে, প্রধানমন্ত্রীৰ মার্গদর্শনেৰে বর্তমানৰ ৰাজ্য চৰকাৰে ‘সবকা চাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতিৰে প্রগতিৰ দিশত অগ্রসৰ হৈছে বুলি মন্তব্য কৰি তেওঁ এইবুলিও কয় যে বিজেপিয়ে সততা আৰু নিষ্ঠাৰে কাম কৰি আহিছে বাবেই শক্তি বুটলিবলৈ সক্ষম হৈছে৷ আগন্তুক দিনত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত৷ দেশক শক্তিশালী কৰা প্রতিগৰাকী নাগৰিকক বিকাশৰ দিশলৈ লৈ যোৱাৰ শক্তি বিজেপিৰ আছে৷ উল্লেখ্য যে আজিৰ সভাখনত উপস্থিত থাকে বিজেপিৰ মহিলা মর্চাৰ ৰাষ্ট্রীয় সভাপতি বানতী শ্রীনিবাসন৷ আজি পুৱা ৰাষ্ট্রীয় সভানেত্রীগৰাকীয়ে কামাখ্যা মন্দিৰ দর্শন কৰে৷ ইয়াৰ পিছতে তেওঁ কার্যনির্বাহক সভাখনত অংশগ্রহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰখনে কৰা বিভিন্ন উন্নয়নমূলক কাম–কাজৰ বিষয়ে উল্লেখ কৰে৷ ৰাজ্যিক কার্যনির্বাহক সভাত মহিলা মর্চাৰ ৰাজ্যিক সভানেত্রী অপৰাজিতা ভূঞা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাকে ধৰি বহুসংখ্যক নেতা–কর্মী উপস্থিত থাকে৷