মৰিগাঁৱৰ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ জীৱকান্ত নাথলৈ ডক্টৰেট ডিগ্ৰী প্ৰদান শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ
নিয়মীয়া বাৰ্তা ২০ মেঃ মৰিগাঁৱৰ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ জীৱকান্ত নাথলৈ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে।শিৱসাগৰ জিলাৰ হাতীঘূলি গাঁৱৰ স্বৰ্গীয় বাপুকণ নাথ আৰু গুণপ্ৰভা নাথৰ সন্তান জীৱকান্ত নাথ কৰ্মসূত্ৰে বৰ্তমান মৰিগাঁও নগৰৰ স্থায়ী বাসিন্দা। মৰিগাঁও মহাবিদ্যালয়ৰ পৰা ২০১২ চনত অৱসৰ গ্ৰহণ কৰা পিছতেই ২০১৫ চনত শ্ৰীমন্তশঙ্কৰদেৱে বিশ্ববিদ্যালয় ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্তি কৰিছিল। মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে পৰিচিত নাথৰ গৱেষণাৰ বিষয় আছিল “Humanism as Reffected in the Life and Literature of Sankardev :A Critical Study “।গৱেষণা বিষয়ৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন বিভাগৰ অধ্যাপক ড০ দয়ানন্দ পাঠক। উল্লেখ্য যে নাথৰ ডক্টৰেট ডিগ্ৰী লাভৰ খবৰে মৰিগাঁও বৌধিক মহলক আনন্দিত কৰাৰ লগতে বিভিন্ন জনে অভিনন্দন জ্ঞাপন কৰিছে ।