তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন
বাৰ্তা ব্যুৰ’, মৰিগাঁও, ১২ ফেব্ৰুৱাৰীঃ অৱশেষত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিবেশনখনি অহা ২৫,২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ডিব্রুগড় জিলাৰ নাহৰকটীয়াৰ চাচনী, কলীয়া পানী আৰু ৰাঙলী পথাৰত বিস্তৃত আৰু বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। মৰিগাঁৱত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই এক সংবাদ মেল অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। সেই অনুসৰি সংঘৰ সন্মানীয় বৈষৱ পণ্ডিত সাহিত্যিক শশীচন্দ্ৰ বৰবৰুৱা বঁটা এইবাৰ গুৱাহাটীৰ কৈলাশ দাসলৈ আগবঢ়োৱা হৈছে। এই বঁটাৰ লগত থাকিব অংগ বস্ত্ৰ, শৰাই, গ্ৰন্থৰ টোপোলা আৰু নগদ ১ লাখ টকা। আনহাতে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মদাতা ৰমাকান্ত মক্তিয়া আতা বঁটা মৰোণোত্তৰভাৱে ধুবুৰীৰ চন্দ্ৰ কিশোৰ ভকতলৈ আগবঢ়োৱা হ’ব। এই বঁটাৰ সৈতে থাকিব অংগ বস্ত্ৰ, শৰাই, গ্ৰন্থৰ টোপোলা আৰু নগদ ৫০ হাজাৰ টকা। এই দুটা বঁটা ২৭ ফেব্ৰুৱাৰীত অধিবেশনৰ মুকলি সভাৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব।
আনহাতে, সংঘৰ এইবাৰৰ নবীন কোঁৱৰ সাংগঠনিক বঁটা মৰিগাঁও জিলা শাখালৈ, ফণীধৰ কাকতি, আইদেউ কাকতি সাংগঠনিক বঁটা যোৰহাট জিলা শাখালৈ, ট্ৰিবেণী মাধৱ ৰাজখোৱা, যুৱ উৎকৰ্ষ বঁটা ঢকুৱাখনাৰ পৰীস্মিতা ফুকনলৈ,চন্দন জ্যোতি চুতীয়া সেৱা বাহিনী বঁটা বঙাইগাঁও জিলা শাখালৈ, ফুল সাধনিদাৰ আই মাতৃ কল্যান বঁটা ৰঙিয়াৰ লক্ষেশ্বৰী কাকতী লৈ, কমল চন্দ্ৰ হাজৰিকা ভাগৱত বঁটা ডিব্ৰুগড়ৰ উমেশ হাজৰিকা লৈ, এজদধৰ দাস শৈক্ষিক বঁটা অতুল শৰ্মালৈ, হৰেন্দ্ৰ নাথ হাজৰিকা সংস্কৃতি বঁটা যোৰহাটৰ বেডনিধি বৰদলৈ লৈ, দিবাকৰ ডেকা সাহিত্য বঁটা কোকৰাঝাৰৰ হৰেশ্বৰ বসুমতাৰীলৈ, জয়ৰাম নাথ প্ৰচাৰ বঁটা বিহপুৰীয়া নাৰায়ণপুৰৰ জগত চন্দ্ৰ বণিয়া লৈ, বিনাপানী বৰা সফল বিদ্যালয় বঁটা দৰং মহলীয়াপাৰা শংকৰদেৱ বিদ্যালয় লৈ আগবঢ়োৱাৰ কথা ঘোষণা ঘোষণা কৰে প্ৰধান সম্পাদক বাবুল বৰাই।
আনহাতে আগন্তুক শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ অধিবেশনৰ প্ৰস্তুতি প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰি প্ৰধান সম্পাদক গৰাকীয়ে কৈ যে সম্পূৰ্ণ ক’ভিড নীতি নিয়মৰ মাজেদি এই অধিৱেশনখনি অনুষ্ঠিত হ’ব আৰু প্ৰতিদিনৰ কায্যসূচীত বিভিন্ন ক্ষেত্ৰৰ স্বনামধন্য ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। উল্লেখ্য এইবাৰৰ অধিবেশনৰ ব্যতিক্ৰমী দিশ যে অধিৱেশনৰ মূল কায্যসূচী তিনিদিনৰ যদিও তাৰ দুদিন আগতেই প্ৰদৰ্শনী আৰু গ্ৰন্থ মেলাৰ দ্বাৰ মুকলি কৰা হ’ব। উল্লেখ্য এই অধিৱেশনৰ সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে অংশগ্ৰহণ কৰিব । অধিৱেশনৰ বাজেট প্ৰায় ২ কোটি ৮০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।