চৰাইদেউ জিলা সাহিত্য সভাৰ মুকলি সভা উদ্বোধন সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ
নিয়মীয়া বার্তা, ১৬ ফেব্রুৱাৰীঃ চৰাইদেউ জিলা সাহিত্য সভাৰ দ্বিতীয় বিশেষ বার্ষিক অধিৱেশনখন দিৰৈ শাখা সাহিত্য সভাৰ আতিথ্যত মাহমৰাৰ সমীপৰ দিৰৈ ৰাঙলীৰ দেওঘৰীয়া তিনিআলি ৰাজহুৱা খেলপথাৰৰ ভূষণ চেতিয়া সমন্বয় ক্ষেত্রত ৭ ফেব্রুৱাৰীত সামৰণি পৰে৷
যোৱা ৬ ফেব্রুৱাৰীৰ পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ কার্যসূচী অনুসৰি, প্রথম দিনা পুৱা ফাইজতদ্দিন আহমেদ সোঁৱৰণী মূল তোৰণ আৰু ভূষণ চেতিয়া সমন্বয় ক্ষেত্র উদ্বোধন কৰাৰ পিছতে পতাকা উত্তোলন কৰে জিলা সাহিত্য সভা আৰু দিৰৈ শাখা সাহিত্য সভাৰ সভাপতি ক্রমে প্রিয়বৰ কোঁৱৰ আৰু জিনুপ্রভা দত্তই৷ দিৰৈ শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি ঘন মহন বৰুৱা, অসম সাহিত্য সভাৰ আজীৱন সভ্য গোপাল ভট্টাচার্য, দেৱেন্দ্র নাথ গগৈ, জয় নাৰায়ণ নেৱাৰ আৰু অম্বেশ্বৰ বাইলুঙৰ সোঁৱৰণত পৰিয়ালবর্গই স্মৃতি তর্পণ আৰু গছপুলি ৰোপণ কৰাৰ পিছত ডেকাচন পেগু সোঁৱৰণী গ্রন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰে প্রয়াত পেগুৰ জ্যেষ্ঠ পুত্র তথা শিক্ষক ৰঞ্জিত পেগুৱে৷
স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা অসম সাহিত্য সভাৰ শীর্ষ গীতেৰে শুভাৰম্ভ কৰা মুকলি সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ জিলা সাহিত্য সভাৰ সম্পাদক ড০ ৰঘুনাথ কাগয়ুং আৰু দিৰৈ শাখা সাহিত্য সভাৰ সম্পাদক ফৰিল আলীয়ে আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই অসম সাহিত্য সভাৰ বিভিন্ন কর্ম আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰায়৷
সভাত অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য মৃদুল চহৰীয়া, সভাৰ যোৰহাট কেন্দ্রীয় কার্যালয়ৰ সম্পাদক ৰমানন্দন বডা, মৰাণ মহাবিদ্যালয়ৰ প্রবক্তা আত্মাৰাম কুমাৰ, চৰাইদেউ জিলা সাহিত্য সভাৰ উপ–সভাপতি নিৰঞ্জন ফুকন, জিলা প্রতিনিধি মুকুট বৰগোহাঁই, কবি জয়ৰাম কুর্মী, জাতীয় আদর্শ বিদ্যালয়ৰ আহ্বায়ক ৰাণা বশিষ্ঠ, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱ হাজৰিকাৰ উপৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
সভাত চৰাইদেউ জিলা সাহিত্য সভাৰ ত্রৈমাসিক পত্রিকা ‘বার্তা’ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই৷ মুখপত্র ‘এষণা’ উন্মোচন কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমল চন্দ্র গগৈয়ে৷ অধিৱেশনৰ স্মৃতিগ্রন্থ ‘দিৰৈ’ উন্মোচন কৰে ৰাণা বশিষ্ঠই আৰু দিৰৈ ৰাঙলী অঞ্চলৰ প্রগতিশীল লেখক দুর্গাধৰ দিহিঙীয়াৰ নৱতম গ্রন্থ ‘চিন্তাৰ ঢৌ’ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷