মৰিগাঁও-হোজাই-ধুবুৰী-গৌৰীপুৰ-গোলকগঞ্জ-চাপৰত পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
মৰিগাঁৱৰ বিধায়কৰ ঘোষণা- মৰিগাঁও পৌৰসভা বিজেপিৰ দখলত থাকিবই
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ পৌৰসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিনা আজি প্ৰতিটো দলৰ প্ৰাৰ্থীসকলে মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। কিন্তু সমৰ্থকৰ উৎসাহৰ ক্ষেত্ৰত সকলোতকৈ আগত থাকিল শাসক দল বিজেপি। আজি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা সভাপতি প্ৰবীণ মেধিৰ নেতৃত্বত কেইবাশ উৎসাহী বিজেপি কৰ্মীয়ে সমদল কৰি প্ৰাৰ্থী সকলক আগুৱাই নিয়ে। সেই অনুসৰি ১নং ৱাৰ্ডত যোগেশ তামুলী, ৩নং ৱাৰ্ডত হিমা দাস, ৪নং ৱাৰ্ডত মমী কলিতা, ৫নং ৱাৰ্ডত পিংকূমণি দাস, ৫নং ৱাৰ্ডত মানসী দাস,৭নং ৱাৰ্ডত ৰিমি চুলতানা, ৮নং ৱাৰ্ডত প্ৰবীণ চন্দ্ৰ মেধি, ৯নং ৱাৰ্ডত সুদক্ষিণা ডেকা আৰু ১০নং ৱাৰ্ডত পূৰ্বৰ পৌৰপতি অৰ্চনা বৰদলৈয়ে মনোনয়ন দাখিল কৰে। উল্লেখযোগ্য যে বিজেপিয়ে ৯টা ৱাৰ্ডৰ বিপৰীতে ৬টাতে মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। উল্লেখ্য এইবাৰ পূৰ্বৰ পৌৰপতি অৰ্চনা বৰদলৈয়ে ১০নং ৱাৰ্ডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আনহাতে ঠিক একেদৰে অগপ কংগ্ৰেছ, অজাপ আৰু নিৰ্দলীও প্ৰাৰ্থীসকলেও মনোনয়ন দাখিল কৰে। প্ৰেৰক প্ৰাঞ্জল দাস
হোজাই পৌৰসভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিল
নিয়মীয়া বার্তা, ১৫ ফেব্ৰুৱাৰী :- আজি হোজাই পৌৰসভাৰ ১৯খন আসনৰ বাবে মুঠ ৬৫ জন লোকে প্ৰাৰ্থীত্ব প্ৰদান কৰে । হোজাই পৌৰসভাৰ কাৰ্যালয়ত শাসক বিৰোধী প্ৰাৰ্থীয়ে পৌৰ নিৰ্বাচনৰ বাবে নিজৰ নিজৰ মনোনয়ন দাখিল কৰে । শাসকীয় বিজেপি দলে ১৯টা ৱাৰ্ডত , কংগ্ৰেছ দলে ১৬খনত, এ আই ইউ ডি অফ দলে দুখন, চি পি আই দলে এখন, এল আৰ পি দলৰ হৈ দুখন, আপৰ হৈ এজন আৰু বিজেপিৰ মিত্ৰজোঁট অগপ দলে দুখন আসনৰ বাবে মনোনয়ন দাখিল কৰাৰ বিপৰীতে ২২জনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে । নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰা অধিকাংশই শাসকীয় দলৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা । এইবাৰ নিৰ্দলীয় হিচাপে বিগত পৌৰসভাৰ পৌৰপতি মমতা দে, প্ৰাক্তন পৌৰপতি প্ৰদীপ ঘোষ, উপ পৌৰপতি অধিবক্তা সমীৰ চৰকাৰ, সাংবাদিক তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত সাধন ৰঞ্জন সৰকাৰৰ পুত্ৰ সঞ্জীত দে, যুৱ ব্যৱসায়ী মৃদুল শইকীয়াই আজি মনোনয়ন দাখিল কৰে । শাসকীয় দলৰ লগত স্থানীয় অগপৰ আসন বুজাবুজি নোহোৱাত অগপ দলে এক নং ৱাৰ্ডত গৌৰৱ বৰা আৰু ১৯ নং ৱাৰ্ডত নাইম উদ্দিনে আজি মনোনয়ন দাখিল কৰে । ইফালে আজমলৰ গৃহ চহৰত আজমলৰ দলে ১৯ টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী বিচাৰি নাপায় কেৱল ১৫ আৰু ১৯ নং ৱাৰ্ডত দুজন লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰা আজি এই দুজনে মনোনয়ন দাখিল কৰে । ইফালে হোজাই পৌৰসভাৰ ছয় নং ৱাৰ্ডত কেৱল বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দীপালি দাস সৰকাৰৰ বাহিৰে আন কোনেও প্ৰাৰ্থীত্ব প্ৰদান নকৰাত বিনা প্ৰতিদ্বন্দিতাই জয়ী হোৱাৰ কথা কেৱল ঘোষণা কৰিবলৈ বাকী । আজি হোজাইৰ ১নং ৱাৰ্ডত ৫জনে, ২ নম্বৰত চাৰিজনে, ৩ নম্বৰত ৩জনে, ৪ নম্বৰত ৩জনে, ৫ নম্বৰত ৩জনে, ৭ নম্বৰত ৪জনে, ৮ নম্বৰত ৪জনে, ৯ নম্বৰত ৩জনে, ১০ নম্বৰত দুজনে, এঘাৰত তিনি জনে, ১২ত তিনিজনে, ১৩ নম্বৰত পাঁচ জনে, ১৪ নম্বৰত দুই, ১৫ত তিনি, ১৬ত দুই, ১৭, ১৮ৰ নম্বৰত চাৰি জন আৰু ১৯ নম্বৰ ৱাৰ্ডত ৫জনে মনোনয়ন দাখিল কৰে । প্ৰেৰক কিশলয় ডি গোস্বামী
ধুবুৰী,গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভাৰ প্ৰাৰ্থীৰ মনোনয়ন
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ পৌৰসভা নিৰ্বাচনৰ আজিৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিনটোত বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে উপস্থিত হয়। আজি দুপৰীয়াৰ পৰা বিজেপি, কংগ্ৰেছ, এআইইউডিএফকে ধৰি নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ নিজৰ সমৰ্থকসহ সমদল কৰি জিলা উপায়ুক্তৰ সন্মুখত উপস্থিত হোৱাৰ পিছত অঞ্চলটোত বিৰ দি বাট নোপোৱা সদৃশ অৱস্থাৰ সৃষ্টি হয়। ধুবুৰীৰ তেতুলতলাস্থ জিলা কাৰ্যালয়ৰ পৰা ধুবুৰী পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ আটাইকেইগৰাকী বিজেপি প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থকসহ বিশাল এক সমদলেৰে নাতি দূৰৈৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় আৰু দলৰ ধুবুৰী পৌৰসভাৰ নিৰ্বাচনী প্ৰভাৰী শশাংক ডেকাৰ উপস্থিতিত প্ৰাৰ্থীসকলে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপিৰ জিলা সভাপতি ডা৹ দেৱময় সান্নালে ধুবুৰীৰ ২নং ৱাৰ্ডৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে চহৰখনৰ ১নং ৱাৰ্ডৰ পৰা পোৱা দলীয় টিকট প্ৰত্যাহাৰ কৰা হেতুকে ৰামচন্দ্ৰ গোৱালাৰ ঠাইত তেখেতৰ পত্নী বীণা গোৱালাই বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ জমা দিয়ে। উল্লেখনীয় ভাৱে, এইবেলি পৌৰসভা নিৰ্বাচনত ধুবুৰীত বিজেপি আৰু কংগ্ৰেছে চহৰখনৰ আটাইকেইটা ৱাৰ্ডতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আনহাতে ধুবুৰী চহৰৰ ৭টা ৱাৰ্ডত দলীয় প্ৰাৰ্থী থিয় কৰাইছে অগপই। উল্লেখ্য যে, ধুবুৰী নিৰ্বাচনী জিলাৰ ধুবুৰী পৌৰসভাৰ ১৬টা ৱাৰ্ড, গৌৰীপুৰৰ ১৩টা আৰু গোলকগঞ্জ পৌৰসভাৰ ১০টা ৱাৰ্ডকে ধৰি মুঠ ৩৯টা ৱাৰ্ডৰ প্ৰাৰ্থীয়ে আজি ধুবুৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত তিনিটাকৈ পূৰ্ব নিৰ্ধাৰিত কোঠাত মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী
চাপৰত পৌৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী: পৌৰসভা নিৰ্বাচন উপলক্ষে আজি চাপৰ পৌৰসভাৰ ১০টা ৱাৰ্ডৰ বাবে প্ৰায় ৩৫গৰাকী সদস্যই মনোনয়ন-পত্ৰ দাখিল কৰে। বিজেপিৰ ১০গৰাকী, কংগ্ৰেছৰ ১০গৰাকী, অগপৰ ৬গৰাকী, অসম জাতীয় পৰিষদৰ এগৰাকী, এ আই ইউ ডি এফৰ দুগৰাকী আৰু নিৰ্দলীয় প্ৰায় ৬গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। অসম গণ পৰিষদৰ প্ৰাৰ্থী ক্ৰমে ১নং ৱাৰ্ড অকণ কলিতা, ২নং ৱাৰ্ড জুনমণি ৰায়, ৬নং ৱাৰ্ড মণিকা পাঠক নমদাস, ৭নং ৱাৰ্ড নবিউল হক, ৮নং ৱাৰ্ড নীলাঞ্জনা অধিকাৰী, ১০নং ৱাৰ্ড ধৰিত্ৰী সিংহ ৰায়। ইপিনে বিজেপিৰ প্ৰাৰ্থী ক্ৰমে ১নং ৱাৰ্ড ধনঞ্জয় মেধি, ২নং ৱাৰ্ড বিউটি ৰায়, ৩নং ৱাৰ্ড হেলেনাৰা বেগম, ৪নং ৱাৰ্ড নিৰুপমা দাস, ৫নং ৱাৰ্ড অৰুণ নাগ, ৬নং ৱাৰ্ড বিজু দাস, ৭নং ৱাৰ্ড সাহিদুৰ সৰকাৰ, ৮নং ৱাৰ্ড ৰত্নাকলি দাস, ৯নং ৱাৰ্ড হামিদা চুলতানা আৰু ১০নং ৱাৰ্ড অজয় সিংহই মনোনয়ন পত্ৰ দাখিল কৰে। আনপিনে কংগ্ৰেছৰ হৈ ১নং ৱাৰ্ডত কৃষ্ণকান্ত ৰায়, ২নং ৱাৰ্ডত বাসনা দাস, ৩নং ৱাৰ্ডত মুচপ্ৰিয়া বেগম, ৪নং ৱাৰ্ডত মনালিছা পোদ্দাৰ, ৫নং ৱাৰ্ডত আবু শ্বাহী ইছলাম, ৬নং ৱাৰ্ডত ফিৰোজ আহমেদ, ৭নং ৱাৰ্ডত আজমুল হুছেইন, ৮নং ৱাৰ্ডত মৃদুল ৰায়, ৯নং ৱাৰ্ডত সামিম আৰা আহমেদ আৰু ১০নং ৱাৰ্ডত ভদ্ৰেশ্বৰ ৰায় মনোনয়ন পত্ৰ দাখিল কৰে। লগতে ললিতা মাল্লা আৰু একাব্বৰ আলী ক্ৰমে ৫ নম্বৰ আৰু ৭ নম্বৰ ৱাৰ্ডৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। অসম জাতীয় পৰিষদৰ পৰা ৬নং ৱাৰ্ডত সুৰত আলী মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে ৩ নম্বৰ আৰু ৭ নম্বৰ এ আই ইউ ডি এফৰ মনোনীত প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰেৰক আতিকুল হুছেইন