নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থিত্বক লৈ উত্তাল মৰিয়নি

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মৰিয়নি পৌৰসভাৰ আসন্ন নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক কুচকাৱাজ চলিছে । শাসনাধিষ্ঠিত বিজেপিৰ লগতে কংগ্ৰেছ দলেও সমানে তৎপৰতা আৰম্ভ কৰিছে । কিন্তু প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিজেপিৰ কৰ্মীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই মুহূৰ্তলৈকে সঠিক খবৰ পোৱা নাই যদিও একাংশ প্ৰত্যাশিত কৰ্মীয়ে টিকট লাভ নকৰাটো প্ৰায় নিশ্চিত হোৱাত বিজেপি কৰ্মীসকল নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে । যাৰ ফলত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনলৈ মাজতে আৰু এটা দিন বাকী থকাৰ সময়তো নেতৃত্বই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই ।

তথ্য অনুসৰি মৰিয়নি পৌৰসভাৰ মুঠ দহটা ৱাৰ্ডৰ নটাত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । আনহাতে এটা ৱাৰ্ড মিত্ৰদল অগপক এৰি দিব । বিজেপিৰ এক ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে, ৯ নম্বৰ ৱাৰ্ডটো অগপক এৰি দিয়াৰ সম্ভাৱনা আছে । লক্ষণীয় যে, সেইটো ৱাৰ্ডৰ পৰা মৰিয়নি পৌৰসভাৰ বিগত কাৰ্য্যকালৰ উপ-পৌৰপতি বিশ্বপ্ৰভা শইকীয়া প্ৰৱল দাবীদাৰ আছিল । কিন্তু এইবাৰ আসনখন অগপক এৰি দিলে বিশ্বপ্ৰভা শইকীয়াৰ সম্ভাৱনা নাইকীয়া হ’ব । আনহাতে, অগপই মমী দত্তক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে । ইফালে, ১ নং ৱাৰ্ডৰ পৰা এইবাৰ মৰিয়নি ব্যৱসায়ী সন্থাৰ সম্পাদক প্ৰদীপ দাসক বিজেপিয়ে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছিল ।

কিন্তু শেহতীয়াকৈ পৰিস্থিতি কিছু সলনি হৈছে । প্ৰদীপ দাসৰ সলনি ৱাৰ্ডটোৰ পৰা বিবেক দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ইংগিত দিছে দলীয় নেতৃত্বই । ফলত জাঙুৰ খাই উঠিছে একাংশ বিজেপি কৰ্মী । আজি সন্ধিয়া ৱাৰ্ডটোৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে দলীয় নেতৃত্বৰ এনে সিদ্ধান্তৰ বিৰোধীতা কৰি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে । তেওঁলোকে যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাকো সাক্ষাৎ কৰি ইয়াৰ প্ৰতিবাদ জনায় ।

মৰিয়নি মণ্ডল বিজেপিৰ সভাপতি কৃষ্ণ ভূমিজকো ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে । আনহাতে, সন্ধিয়া জয়মতী নগৰৰ দূৰ্গা পূজা থলীৰ সমীপত প্ৰায় দুই শতাধিক বিজেপি কৰ্মী সমবেত হৈ প্ৰদীপ দাসক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী তোলে ।বিজেপি কৰ্মীসকলে ‘প্ৰদীপ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিবই লাগিব’, ‘প্ৰদীপ দাস’ক টিকট দিয়ক আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে ।

আনকি প্ৰদীপ দাসে প্ৰাৰ্থিত্ব নাপালে নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে কৰ্মীসকলে । ইফালে, ২ নং ৱাৰ্ডত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অতি ঘনিষ্ঠ উত্তম ধৰ, ৩ নং ৱাৰ্ডত শিবু দে, ৪ নং ৱাৰ্ডত শম্ভু পাল, পাঁ‌চ নং ৱাৰ্ডত স্বপ্নালী গোস্বামী, ৬ নং ৱাৰ্ডত কস্তুৰী আগৰৱালা গগৈ, ৭ নং ৱাৰ্ডত চুমকি দে মজুমদাৰ, ৮ নং ৱাৰ্ডত নৱনীতা শ্যাম, আৰু দহ নং ৱাৰ্ডত ৰঞ্জিত সৰকাৰক প্ৰাৰ্থিত্ব প্ৰদানৰ পূৰ্ণ সম্ভাৱনা আছে । লক্ষণীয় যে, ৪ নং ৱাৰ্ডত ধৰ্মেন্দ্ৰ চেতিয়া, ৬ নং ৱাৰ্ডত ৰঞ্জুশ্ৰী দাস, ৮ নং ৱাৰ্ডত গায়ত্ৰী চক্ৰৱৰ্তী আৰু ১০ নং ৱাৰ্ডত বিজন মজুমদাৰ প্ৰৱল দাবীদাৰ আছিল ।

কিন্তু বিজেপিৰ সূত্ৰটোৰ মতে, সম্ভৱত দাবীদাৰ হ’লেও তেওঁলোকে টিকট পোৱাৰ সম্ভাৱনা কম হৈ আহিছে । ১০ নং ৱাৰ্ডত বিজন মজুমদাৰে নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে । ইফালে, ৪ নং ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব পালেও প্ৰাক্তন পৌৰপতি শম্ভু পালে শেষ মুহূৰ্তত নিজৰ নাম প্ৰত্যাহাৰ কৰাৰো সম্ভাৱনাও আছে । লক্ষণীয় যে, ৪ নং ৱাৰ্ডবাসীয়ে ধৰ্মেন্দ্ৰ চেতিয়াক বহুদিনৰ পূৰ্বেই সমৰ্থন আগবঢ়াইছিল । কিন্তু অন্য এটা ৱাৰ্ডৰ পৰা প্ৰাৰ্থী আনি ৪ নং ৱাৰ্ডত জাপি দিয়া কাৰ্য্যই ৪ নং ৱাৰ্ডৰ বাসিন্দাসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইমানবোৰৰ পিছত বিজেপিয়ে কিদৰে প্ৰাৰ্থীৰ নাম ঘোষনা কৰে আৰু বিসম্বাদৰ উকমুকনিক কিদৰে প্ৰত্যাহবান জনাই সেয়া সময়ে নিশ্চয় ক’ব ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like