নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ দুলীয়াজান সাহিত্য সভাৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা দুলীয়াজান বিহুতলী প্ৰাঙ্গণত চলি থকা পঞ্চদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ পঞ্চম দিনা নিশা ‘মনে নামানে’ শীৰ্ষক এটি গীতিমূলক ভিডিঅ’ মুকলি কৰা হয়। সাহিত্য-সংস্কৃতি আৰু ক্ৰীড়া বিভাগৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা মুকলি কৰা গীতটিৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনা কৰিছে যুৱ সাংস্কৃতিক কৰ্মী ঋত্বিক শৰ্মা তামুলীয়ে।
গীতটিত কন্ঠদান কৰিছে টিকেন্দ্ৰজিৎ মৰাণ আৰু পাপৰি গগৈয়ে। সংগীত পৰিচালনাত প্ৰিয়ম গগৈ আৰু মিক্স এণ্ড মাষ্টাৰিং পলাশ গগৈৰ। গীতটিৰ অডিঅ’ প্ৰযোজনাত আছে সঞ্জীৱ গগৈ। অহা ১৮ ফেব্ৰুৱাৰী সন্ধিয়া ইউ টিউব চেনেল ধ্বনি ৰেকৰ্ডৰ লগতে সমূহ ডিজিটেল মাধ্যমত মুকলি কৰিব উক্ত গীতটি। গীতটিৰ অফিচিয়েল ভিডিঅ’ বহাগ বিহুৰ পূৰ্বে মুক্তি দিব বুলি জানিবলৈ দিছে পৰিচালক ঋত্বিক শৰ্মা তামুলীয়ে।