নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ মুনাফা লুটাৰ অংকৰে খাদ্য–সামগ্রী ভেজালকৰণেৰে এটা অসাধু চক্রই জনস্বাস্থ্যলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে৷ ৰাজ্যৰ বজাৰত বৰবিহ মিহলি মিঠাতেল বিক্রীৰ বাবে এৰি দিয়াৰ ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে প্রতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ (ডি আৰ এল) তথ্যত৷ প্রতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ (ডি আৰ ডি অ’) অধীনস্থ নির্ভৰযোগ্য ৰূপে চিহ্ণিত পৰীক্ষাগাৰটোৱে ৰাজ্যৰ বজাৰত মানৱ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক কাটকাৰ (আর্গেমন মেক্সিকানা) তেল মিহলি মিঠাতেল বিক্রী হৈ থকাটো নিশ্চিত কৰিছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে কাটকাৰ তেল মহামাৰী ড্রপছীৰ কাৰক৷ বিগত ১৯৯৮ চনত ভাৰতত এই ড্রপছীয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল৷ ইতিমধ্যে ডি আৰ এলৰ তৰফৰ পৰা এই সন্দর্ভত সতর্কতা জাৰি কৰা হৈছে৷ ডি আৰ এলৰ বিজ্ঞানী অশোক নাগল’ট স্বাক্ষৰিত এই সতর্কতাত কোৱা হৈছে যে বজাৰৰ পৰা মিঠাতেল ক্রয় কৰাৰ সময়ত গ্রাহকসকলে যাতে সাৱধানতা অৱলম্বন কৰে৷ ভেজাল মিঠাতেল গুৰুতৰ স্বাস্থ্যজনিত ইছ্যুৰ কাৰক হ’ব পাৰে৷ সেয়েহে সংশ্লিষ্ট সকলো সংস্থাই ভেজাল মিঠাতেলৰ ক্ষেত্রত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা উচিত৷ উল্লেখ্য যে ডি আৰ এলে তেজপুৰৰ বজাৰৰ পৰা মিঠালেতৰ বহু নমুনা সংগ্রহ কৰিছিল৷ পৰীক্ষাগাৰত এই নমুনাসমূহ পৰীক্ষা কৰাৰ সময়ত তাত কাটকাৰ তেলৰ উপস্থিতি ধৰা পৰিছে৷ নমুনা সংগ্রহত নিয়োজিত ডি আৰ এলৰ এজন অনুসন্ধানকাৰীয়ে সংবাদ মাধ্যমৰ আগত দাবী কৰা মতে, অনুৰূপ ধৰণৰ ভেজাল মিঠাতেল অসমৰ অন্যান্য প্রান্তৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চলৰ বজাৰত মজুত থাকিব পাৰে৷ মিঠাতেলৰ ক্ষেত্রত অসম তথা উত্তৰ–পূর্বাঞ্চল প্রধানতঃ পশ্চিম ভাৰতৰ উদ্যোগসমূহৰ ওপৰত নির্ভৰশীল৷ সেয়েহে পশ্চিম ভাৰতৰ পৰাই অসাধু চক্রই অসমৰ বজাৰত ভেজাল মিঠাতেল এৰি দিয়াৰ আশংকা প্রকাশ কৰা হৈছে৷