জৱকাৰ্ডৰ দুৰ্নীতি নিৰ্মূলৰ লক্ষেৰে সোণাৰি চাপৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ত দ্ৰুতগতিত চলিছে জৱকাৰ্ড পুনৰীক্ষণৰ কাম
নিয়মীয়া বাৰ্তা ২০ মেঃ পৰিৱৰ্তন কামী ৰাজ্যৰ বিজেপি শাসিত মিত্ৰজোঁট চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টিত গ্ৰাম্য উন্নয়নৰ নামত তৃণমূল পৰ্যায়ত চলি থকা জবকাৰ্ড কেলেংকাৰী ৰোধ কৰিবলৈ আৰম্ভ কৰিছে জৱকাৰ্ড পুনৰীক্ষণৰ কাম ৷ গ্ৰাম্য উন্নয়নৰ নামত হেঙাৰ হৈ থিয় দিয়া জৱকাৰ্ড কেলেংকাৰী ৰোধ কৰাৰ উদ্দেশ্যে সোণাৰি চাপৰি গাওঁ পঞ্চায়তৰ মেমো নং এছ চি জি পি / ১০৬ / এমজিএনৰেগা / ২০২০ _ ২০২১ /১৭ দিনাংক ১৬ মে জৰিয়তে সোণাৰি চাপৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ত যোৱা ১৮ মেৰ পৰা জৱকাৰ্ড পুণৰীক্ষণ আবেদন গ্ৰহণ আৰু জৱকাৰ্ডৰ শুদ্ধাশুদ্ধ বিছাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ ন’ভেল ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ দেশ জুৰি বলবৎ হোৱা চতুৰ্থ প্ৰৰ্যায়ৰ লকডাউনৰ মাজতে লকডাউনৰ সকলো নিয়ম মানি মাক্স পৰিধান, সামাজিক দুৰত্ব আৰু ছেনিটাইজাৰ ব্যৱহাৰৰ জৰিয়তে দৈনিক একোখনকৈ গাওঁৰ জৱকাৰ্ড পুণৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ এই মতে ১৮ মে’ত ২ নং মাহনিবাৰী ৱাৰ্ড , ১৯ মে’ত ৩ নং ঢোলপেটা ৱাৰ্ড , ২০ মে’ত ৯ নং গৰুখুটি ৱাৰ্ড ,২১ মে’ত ১০ নং কেকুঁৰি কছাৰী ৱাৰ্ড , ২২ মে’ত ৬ নং বৰবাৰী ৱাৰ্ড , ২৬ মে’ত ৪ নং খামনমুখ ময়েঙীয়া ৱাৰ্ড , ২৭ মে’ত ৫ নং ৰাওনা বাৰী ৱাৰ্ড , ২৮ মে’ত ৮ নং বাঁহপৰা ৱাৰ্ড ,২৯ মে’ত ৭ নং চেনিমাৰী ৱাৰ্ড আৰু ৩০ মে’ত ১ নং সোণাৰি চাপৰি ৱাৰ্ডৰ জৱকাৰ্ড শ্ৰমিক সকলৰ জৱকাৰ্ড পুণৰীক্ষণ আৰু শুদ্ধাশুদ্ধৰ বিচাৰ আৰু নতুন শ্ৰমিকৰ আবেদন গ্ৰহণ কৰা হব বুলি জানিবলৈ দি সকলোৱে সহযোগীতাৰ কামনা কৰিছে পঞ্চায়ত সচিব কল্যাণ দত্ত আৰু সভাপতি মনজিত সোণোৱালে ৷