নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ অসমৰ গ্রাম্য আন্তঃগাঁথনি উন্নয়নৰ হকে ৬০৮ কোটি টকাৰ পুঁজিত অনুমোদন জনাইছে ‘নেচনেল বেংক ফৰ এগ্রিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট’ (নাবার্ড)–এ৷ গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি চমুকৈ আৰ আই ডি এফ–২৭ৰ অধীনত অনুমোদন জনোৱা এই পুঁজি ৰাজ্যৰ বিভিন্ন জিলাৰ ৫২টা গ্রাম্য পথ, ২১খন গ্রাম্য দলং, ১৯টা বান প্রতিৰোধ প্রকল্প আৰু ৩২টা ভূমি সংৰক্ষণ প্রকল্পত ব্যয় কৰা হ’ব৷
নাবার্ডৰ অসমস্থিত কার্যালয়ৰ মুখ্য মহাপ্রবন্ধক বাইজু এন কুৰুপে জানিবলৈ দিয়া মতে, এই প্রকল্পসমূহ নির্মাণ হৈ উঠিলে ৯০০খন গাঁৱৰ ১৭ লাখ লোক প্রত্যক্ষভাৱে উপকৃত হ’ব৷ উল্লেখ্য যে নাবার্ডে শেহতীয়াকৈ অসম চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল৷ এই বুজাবুজিৰ চুক্তিমর্মে তিনি বছৰৰ ভিতৰত আন্তঃগাঁথনি প্রকল্পৰ বিপৰীতে নাবার্ডে অসম চৰকাৰক প্রদান কৰিব ১৩,২০০ কোটি টকা৷