নিয়মীয়া বাৰ্তা ২২ জুলাইঃ নগাওঁ জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কচুৱা-লংজাপ আদি অঞ্চলত বৰপানী নদীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিগত কেইবাদিনো ধৰি বৰষুণ হৈ থকাৰ ফলত কাৰ্বি লাংপি জল বিদ্যুৎ প্ৰকল্পৰ ৪টা গেটেৰে পানী এৰি দিয়াত বৰপানী নদী ফেনে ফুটুকাৰে বাঢ়ি অহা অঞ্চলটোৰ অৰ্ধ শতাধিক গাঁও বুৰাই পেলাইছে। আজি পুৱা বৰপানী নদীৰ বাঢ়নী পানীয়ে পমিলা পাৰৰ মাথাউৰি ছিঙি পেলাই। মাধৱপাৰা-ৰমণী পথাৰৰ মাথাউৰিৰ ৰজা আলি অংশত মাথাউৰি ছিঙি যোৱাৰ ফলত নিমিষতে অঞ্চলটোৰ বহু গাঁও বুৰাই পেলাই। আজি নতুনকৈ জলমগ্ন হৈ পৰা গাঁও সমূহ হল- ১ নং পমিলা, ২ নং পমিলা, প্ৰমীলাগড়, আলিবস্তি, উজানমাৰী, শিমলুগুৰি, বালিগাওঁ, শিশুৱাপাৰ, পাহাৰতলি, বৰপানী জুৰিৰপাৰ, পণ্ডিটঘাট, শিলডুবি, লীলাৰঘাট, বৰপথাৰ, জাৰনিবস্তি, শালমৰা, চেঙাজান, মাইকলং, জুকটা, ডাবলং, দাপাৰা, মিনাৰপাম, সাতলুঙ্গা, উপৰকাহুন্দা, নামকাহুন্দা, হাতিজোৰ, পদুমনিপথাৰ, ডুণবস্তি, আগফালবস্তি, দুই নং কচুৱাকে আদিকৰি অৰ্ধশতাধিক গাওঁ। ইপিনে বানৰ কৱলত পৰা বহুলোকে নিৰাপদ আশ্ৰয়ৰ বাবে ওখ ঠাইলৈ ঢাপলি মেলিছে। বৰপানী নদীৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ বহু কেইটা ঘৰৰো ক্ষতি সাধন কৰিছে। ইপিনে বৰপানী নদীৰ পানী কামপুৰ ৰাজহ চক্ৰৰ কেইবাটাও পথৰ ওপৰেৰে বৈ থকাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰহা বিধান সভা সমষ্টিৰ খাৰু পিন্ধা-আমডুবি গড়কাপ্তানি পথ, লংজাপ-জাৰণি পথ, লংজাপ-কলনী পথ, লংজাপ-পদুমণি পথ আৰু ৰাজ আলি-ৰমণী পথাৰ পথকে ধৰি কেইবাটাও পথৰ বহু ওপৰেৰে পানী বৈ থকাত অঞ্চলটোৰ ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হব লগা হৈছে। এতিয়া সেই অঞ্চলৰ ৰাইজৰ নাৱেই একমাত্ৰ ভৰসা হৈছে। ইফালে আজি নগাওঁ জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া, কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰে বৰপানী নদীয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ লয় আৰু যাৱতীয় সাহাৰ্য্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে। লগতে বৰপানী নদী মাধৱপাৰা আৰু পমিলা ভগা মাথাউৰি দুটা শীঘ্ৰে পুনৰ নিৰ্মান কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্তই। কপিলী নৈৰ পানী পুনৰ বাঢ়ি অহাত কামপুৰ ৰাজহ চক্ৰ আৰু নগাওঁ সদৰ ৰাজহ চক্ৰৰ বহু কেইখন গাঁও বুৰাই পেলাইছে। আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ পুনৰ বৃদ্ধি হোৱাত জিলাখনৰ কলিয়াবৰ, চামগুৰি, ৰূপহী আৰু ধিং ৰাজহ চক্ৰৰ নতুনকৈ বহু কেইখন গাঁও বানৰ কৱলত পৰিছে। ব্যাপক ক্ষতি সাধন হৈছে কৃষি ভূমিৰ। লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য পুনৰ ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত পৰিছে। আজি নগাওঁ জিলা প্ৰশাসনে দিয়া তথ্য অনুসৰি জিলাখনৰ এইবাৰৰ বানত ১৬৬ খন গাঁৱৰ ১২১৯৬৫ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি ১৬৩১২ হেক্টৰ কৃষিভূমি এইবাৰ বানৰ কৱলত পৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্ত সকলে আজিও উপযুক্ত সাহাৰ্য্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে। নগাওঁ জিলা জলসম্পদ বিভাগে দিয়া তথ্য অনুসৰি আজি জিলাখনৰ শিলঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ৪১ ছেন্টি মিটাৰ ওপৰেৰে গৈ থকাৰ বিপৰীতে কামপুৰত কপিলী নদী ৭২ ছেন্টিমিটাৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। আনহাতে নগাওঁ চহৰত কলং নৈৰ পানী বিপদ সীমাৰ ৩০ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে।