নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ভয়ংকৰ গণসংক্ৰমনে আতংকিত কৰি তুলিছে নগাঁও জিলা বাসীক। যোৱা চৌৱিশ ঘন্টাত জিলা খনত ৪৪ গৰাকী লোক ক’ৰনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ইপিনে আজি আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ৪৪ গৰাকী লোককলৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১২৯৩ জনলৈ বৃদ্ধি পায়। আজি ক’ৰনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা সকলৰ ভিতৰত অধিকাংশ লোকৰেই নাই কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত । এওঁলোকৰ ভিতৰত আছে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী গোলাপ হাজৰিকা আৰু নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ চাৰি জন হাজোতী।
স্মৰ্তব্য যে, নগাঁও স্বাস্থ্য বিভাগে আজিও নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ৫৮জন কয়দী আৰু হাজোতীৰ ৰেপিড এন্টিজেন টেষ্ট কৰাইছিল।এই পৰীক্ষাত চাৰিজন হাজোতী কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হয়।এই চাৰিজন আক্ৰান্তকলৈ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰ’নাত আক্ৰান্ত কয়দী আৰু হাজোতীৰ সংখ্যা ৫৮ জনলৈ বৃদ্ধি পালে।
উল্লেখযোগ্য যে, কালি এই কাৰাগাৰ খনৰ ৪৮ গৰাকী কয়দী আৰু হাজোতী কভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য স্বাস্হ্য বিভাগে নিশ্চিত কৰিছিল। সম্প্ৰতি এই আক্ৰান্ত সকলক নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ আছুতীয়া কক্ষত চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে।আজিৰ দিনটোতো নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ৪১৬ জন কয়দী আৰু হাজোতী আছে। এওঁলোকৰ ৰেপিড এন্টিজেন টেষ্টো কৰোৱা হ’ব বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে,আজিৰ দিনটোত জিলা খনত কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ৪৩জন লোকৰ ভিতৰৰ ১৮জনেই ৰেপিড এন্টিজেন টে’ষ্টত ধৰা পৰে।এই আক্ৰান্ত সকলৰ ভিতৰৰ আছে বঢ়মপুৰস্থ নৱম অসম পুলিচ বেটেলিয়নৰ বেণ্ড পাৰ্টিৰ হাবিলদাৰ বাবুল গায়ন,কণিষ্টবল সকল ক্ৰমে অমল দাস,দিলীপ নাথ আৰু হীৰেণ গগৈ। আক্ৰান্ত হোজাতী চাৰিজনৰ বাহিৰে আটাইকে জিলা খনৰ বিভিন্ন ক’ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এনেদৰে জিলাখনত ইজনৰ পিছত সিজনকৈ লোক ক’ৰ’নাত আক্রান্ত হোৱাত ভয়ানক গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নগাওঁ।