নিয়মীয়া বাৰ্তা ,৩জুনঃ বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ ওভটি আহি বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত থকা ইজনৰ পাছত সিজনকৈ লোকৰ দেহত ক’ভিড-১৯পজিটিভ থকাটো নিশ্চিত হৈছে। আজিও জিলা খনৰ চাৰিজন লোক ক’ৰোনা আক্ৰান্ত হোৱাটো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে। এওঁলোক হ’ল ৰূপহী চলচলিৰ আব্দুচ চুবুৰ(২৬),ৰহা ৰজা গাঁৱৰ বিকাশ সৰকাৰ (৩৩) আৰু দিপ্তী দে সৰকাৰ (৩১) আৰু চামগুৰি গেৰুৱামুখৰ আব্দুল কৰিম (২০)। এওঁলোকৰ ভিতৰৰ আব্দচ চুবুৰে যোৱা ২৫মে’ত দিল্লীৰ পৰা, বিকাশ চৰকাৰ আৰু দিপ্তী দে সৰকাৰে ২৫মে’ত মহাৰাষ্ট্ৰৰ পৰা আৰু আব্দুল কৰিমে ২৬মে’ত মহাৰাষ্ট্ৰৰ পৰা ৰে’ল যোগে নগাঁৱলৈ বুলি ওভটি আহিছিল।আব্দুচ চুবুৰে প্ৰথমে ৰূপহী কলেজৰ কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ থকাৰ পাছত হোম কোৱাৰেন্টাইনত আছিল। আনহাতে, বিকাশ সৰকাৰ আৰু দিপ্তী দে সৰকাৰ চাপৰমুখ গেষ্ট হাউচত আৰু আব্দুল কৰিম কচুৱা আদৰ্শ বিদ্যালয়ত কোৱাৰেন্টাইন হৈ থকাৰ পাছত হোম কোৱাৰেন্টাইনত আছিল। তেওঁ লোকৰ শ্বাৱৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও আটাইৰে নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদন আজি প্ৰকাশ পায় আৰু তেওঁ লোক ক’ভিড-১৯পজিটিভ বুলি নিশ্চিত কৰা হয়।আজি স্বাস্থ্য বিভাগৰ লোকে এই ক’ভিড আক্ৰান্ত লোক কেইজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হাস্পতাললৈ আনি তাত ভৰ্তি কৰায়।
স্মৰ্তব্য যে,এই পৰ্যন্ত নগাঁও জিলাত বহিঃ ৰাজ্যৰ পৰা উভটি আহি কোৱাৰেন্টাইন হৈ থকা মুঠ ৪৬জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। উল্লেখ্য যে আজি ক’ভিড-১৯ পজিটিভ নিশ্চিত হোৱা কচুৱা ৰজা গাঁৱৰ বিকাশ সৰকাৰ আৰু দীপ্তি দে সৰকাৰৰ দুই বছৰীয়া কন্যা দিয়া সৰকাৰ কালিয়েই ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল । দিয়া পিতৃ-মাতৃৰ সৈতে মহাৰাষ্ট্ৰৰ পৰা বাছেৰে আহিছিল। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে আজি লৈকে নগাওঁ ভোগেশ্বৰী ফুকননী ক’ভিড-১৯ হস্পিতালত ৬১ গৰাকী ক’ভিড-১৯ পজিটিভ লোকক চিকিৎসাধীন কৰি ৰখা হৈছে। নগাওঁ জিলাৰ ৪৬ জনৰ বাহিৰে হোজাই আৰু কাৰ্বি আংলং জিলাৰ ১৫ জন ক’ভিড-১৯ পজিটিভ ৰোগী চিকিৎসালয় খনত ভৰ্তি হৈ আছে। নগাওঁ জিলাত ক’ভিড-১৯ পজিটিভ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নগাওঁ জিলা স্বাস্থ্য বিভাগে উজৰা গাঁও আৰু কন্দলি আদৰ্শ চিকিৎসালয়ত ক’ভিড-১৯ পজিটিভ ৰোগীক ৰখাৰ বাবে প্ৰস্তুতি চলাইছে।