নগাঁও–তেজপুৰত ‘কংগ্রেছৰ ৫ গেৰাণ্টী যাত্রা’ মুকলি জিতেন্দ্র সিঙৰ
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ অসম প্রদেশ কংগ্রেছ কমিটীয়ে ৰাজ্যজুৰি ‘কংগ্রেছৰ ৫ গেৰাণ্টী’ শীর্ষক যাত্রা আজি মুকলি কৰে৷ প্রদেশ কংগ্রেছৰ ‘অসম বচাওঁ আহক’ বাছ যাত্রাৰ দৰে ‘কংগ্রেছৰ ৫ গেৰাণ্টী’ শীর্ষক যাত্রায়ো সমগ্র অসমৰ তৃণমূল পর্যায়ৰ ৰাইজক স্পর্শ কৰিব৷ এই যাত্রাৰ জৰিয়তে জ্যেষ্ঠ কংগ্রেছ নেতাসকলে অসমৰ প্রতিঘৰলৈ কংগ্রেছৰ ৫ গেৰাণ্টী কার্যকৰীকৰণক লৈ যাব৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে আজি এই যাত্রা মুকলি কৰে৷ জিতেন্দ্র সিঙৰ লগতে প্রদেশ কংগ্রেছৰ কেম্পেইন কমিটীৰ অধ্যক্ষ, সাংসদ প্রদ্যুৎ বৰদলৈ আৰু ইস্তাহাৰ কমিটীৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈয়ে পশ্চিম নগাঁও আৰু জাগীৰোডৰ পৰা মৰিগাঁৱলৈ বাইক ৰেলীৰে এই যাত্রাৰ আৰম্ভণি কৰে৷ প্রদ্যুৎ বৰদলৈয়ে মানুহৰ দুখ–দুর্গতিৰ ওপৰত বক্তব্য ৰখাৰ লগতে ৰাজ্যখনত কংগ্রেছৰ চাকৰিৰ গেৰাণ্টীৰ আশ্বাস দিয়ে৷ বৰদলৈয়ে কয় যে শাসকীয় চৰকাৰখনৰ মিছা প্রতিশ্রুতিৰ বাহিৰে ৰাইজৰ কথা শুনাৰ আহৰি নাই৷
বাজেটৰ ওপৰত অধ্যয়ন কৰি কংগ্রেছ দলে ৫ লাখ চৰকাৰী চাকৰি আৰু ব্যক্তিগত খণ্ডত ২৫ লাখ চাকৰি দিয়াৰ গেৰাণ্টী দিছে৷ গৃহিণীসকলক সন্মান জনোৱা উচিত আৰু তেওঁলোক অর্থনৈতিক অনুদানৰ প্রাপ্য৷ সেইবাবেই কংগ্রেছ দলে ৫ গেৰাণ্টীৰ ভিতৰত অসমৰ গৃহিণীসকলক মাহিলি ২০০০ টকাকৈ আর্থিক অনুদান দিয়াৰ গেৰাণ্টী দিছে৷ তেজপুৰৰ ঐতিহাসিক হলেশ্বৰ মন্দিৰত আশিস গ্রহণ কৰি জিতেন্দ্র সিং আৰু গৌৰৱ গগৈয়ে দিনটোৰ দ্বিতীয় কার্যসূচী হিচাপে তেজপুৰত এই যাত্রাৰ আৰম্ভণি কৰে৷ তাৰ পিছতে তেখেতসকলে নুৰবাৰী চাহ বাগিচাত উপস্থিত হৈ চাহ শ্রমিকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকক আশ্বাস দিয়ে যে মহাজেজাট বন্ধনে চৰকাৰ গঠন কৰাৰ ৩০ দিনৰ ভিতৰতে চাহ শ্রমিকসকলৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰিব৷ গৌৰৱ গগৈয়ে কয় যে কংগ্রেছ দলে অসমৰ প্রতিঘৰলৈ ২০০ ইউনিটলৈকে বিজুলী বিল ৰেহাই দিয়াৰ গেৰাণ্টী দিছে৷ কংগ্রেছে বিজেপি দলে অসমীয়াৰ ওপৰত জাপি দিয়া জাতিধ্বংসী ‘কা’ আইন অসমত কার্যকৰী হ’বলৈ দিয়া নহ’ব বুলি কয়৷ ‘কংগ্রেছৰ ৫ গেৰাণ্টী ঃ কিয় আৰু কেনেকৈ, আহক কথা পাতো’ শীর্ষক কার্যসূচীৰ জৰিয়তে মানুহক সজাগ কৰা হ’ব আৰু চৰকাৰ গঠন হ’লে এই গেৰাণ্টীসমূহ কার্যকৰী কৰা হ’ব৷