নন্দিতা শইকীয়া হত্যাকাণ্ডঃ ৩৬ দিনত ৪০০ পৃষ্ঠাৰ চার্জশ্বীট দাখিল আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়াৰ লোমহর্ষক হত্যাকাণ্ডৰ চার্জশ্বীট ধেমাজি আৰক্ষীয়ে দাখিল কৰিছে৷ ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডটো সংঘটিত হোৱাৰ ৩৬ দিনৰ পাছত তদন্তকাৰী বিষয়াই প্রস্তুত কৰা ৪০০ পৃষ্ঠাজোৰা চার্জশ্বীট সোমবাৰে ধেমাজি জিলা সত্র ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে৷ জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই সংবাদ মাধ্যমক চার্জশ্বীট দাখিলৰ কথা সদৰী কৰি ধেমাজি সদৰ থানাৰ গোচৰ নং ৩৯৭/২০২১ৰ ভাৰতীয় দণ্ডবিধিৰ ৩৪১/৩২৬/৩০৭ ধাৰাৰ সংযোজিত ধাৰা ৩০২ৰ অধীনত সদৰ থানাৰ তদন্তকাৰী ভাৰপ্রাপ্ত বিষয়াই ১৫গৰাকী সাক্ষীৰ সাক্ষ্য গ্রহণ কৰি নাৰকীয় হত্যাকাণ্ডটোৰ সুদীর্ঘ চার্জশ্বীট দাখিল কৰা বুলি জানিবলৈ দিয়ে৷
উল্লেখ্য যোৱা ২১ আগষ্টত দিন–দুপৰতে ধেমাজি সদৰৰ মাজমজিয়াত হত্যাকাৰী ৰিণ্টু শর্মাই পৰীক্ষা দি ঘৰমুৱা হোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী তথা ঢকুৱাখনাৰ নৱ কাঠবাৰীৰ নন্দিতা শইকীয়াক উপর্যুপৰি এখন চোকা দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে৷ প্রায় মুমূর্ষু অৱস্থাত ধেমাজি অসামৰিক চিকিৎসালয়ত প্রাথমিক চিকিৎসা প্রদান কৰি জৰুৰীভাৱে অতি সংকটজনক অৱস্থাত ডিব্রুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও মৃত্যুৰ সৈতে পাঁচটা দিন যুঁজ দি ২৫ আগষ্টত মৃত্যু হয় প্রতিভাৱান ছাত্রী নন্দিতা শইকীয়াৰ৷
ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ নন্দিতা শইকীয়াৰ সহপাঠী কাশ্মিনা দত্ত আৰু কাশ্মিনাৰ পিতৃ দেৱ দত্ত চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি সংকটমুক্ত হয়৷ এই পাশৱিক ঘটনাই ধেমাজি জিলাৰ লগতে সমগ্র অসমতে জোকাৰণি তোলাৰ বিপৰীতে বিভিন্ন দল–সংগঠনে হত্যাকাৰীৰ উপযুক্ত শাস্তিৰ দাবীত আন্দোলনত জঁপিয়াই পৰিছিল৷ ইপিনে ঘটনাৰ ব্যাপক প্রতিক্রিয়ালৈ লক্ষ্য কৰি ৰাজ্যৰ কেবিনেটে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷
আৰক্ষীৰ তদন্ত প্রক্রিয়াৰ মাজতে ন্যায়িক জিম্মাৰ পৰা আৰক্ষী জিম্মাত থকা অৱস্থাত নিয়মীয়া চিকিৎসা পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ নিয়া অৱস্থাত যোৱা ৪ ছেপ্ঢেম্বৰত আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ অপচেষ্টা কৰা হত্যাকাৰী ৰিণ্টু শর্মাক আৰক্ষীয়ে ভৰিত গুলীয়াবলৈ বাধ্য হয়৷ আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰাৰ লগে লগে নাৰকীয় হত্যাকাণ্ডটোৰ ক্ষিপ্র তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছে৷