‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতালৈ হেমচন্দ্র গোস্বামী এনাজৰী বঁটা
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ অগ্রণী সামাজিক সাংস্কৃতিক সংস্থা এনাজৰীয়ে উত্তৰ–পূর্বাঞ্চলৰ ভাষা সাহিত্য সভ্যতা সংস্কৃতি আদি বিভিন্ন ক্ষেত্রত নিষ্ঠা আৰু সততাৰে কাম কৰি অহা লোকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে প্রতিবছৰে প্রদান কৰি আহিছে এনাজৰী বঁটা৷
এনাজৰী বঁটা–২০২০ৰ ফলাফলসমূহ সন্থাৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সম্পাদক অলকেশ ৰঞ্জন ভট্টাচার্যই এক প্রেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰে৷
ঘোষিত ফলাফলসমূহ এনেধৰণৰ– বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে৷ অসমীয়া ভাষা সাহিত্যৰ এগৰাকী একনিষ্ঠ সেৱক পোলেন বৰকটকীলৈ ত্রৈলোক্যনাথ গোস্বামী সোঁৱৰণী এনাজৰী বঁটা, চাহ জনগোষ্ঠীয় সংগীতৰ এগৰাকী অক্লান্ত সাধক শিৱচৰণ দাসলৈ চাৰু গোহাঁই সোঁৱৰণী এনাজৰী বঁটা, অসমীয়া চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেতা অৰুণ নাথলৈ ইন্দ্র বণিয়া সোঁৱৰণী এনাজৰী বঁটা, তথ্যনিষ্ঠ সংবাদ সেৱাৰ এগৰাকী অতন্ত্র প্রহৰী হিচাপে সাংবাদিকতা কৰা অসমীয়া প্রতিদিনৰ জ্যেষ্ঠ সহযোগী সম্পাদক প্রকাশ মহন্তলৈ বর্ষশ্রেষ্ঠ সাংবাদিকতা বঁটা, নির্ভীক নিৰপেক্ষ সাংবাদিক হিচাপে দুই দশকৰো অধিক কাল সেৱা আগবঢ়োৱা ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতালৈ হেমচন্দ্র গোস্বামী সোঁৱৰণী এনাজৰী বঁটা আগবঢ়োৱা হৈছে৷ অসমীয়া আৰু কার্বি সংগীতৰ এগৰাকী জনপ্রিয় শিল্পী চেমচন ইংতিলৈ মিতালী চৌধুৰী সোঁৱৰণী এনাজৰী বঁটা, বিশিষ্ট সাংস্কৃতিক কর্মী ৰাতুল কাকতিলৈ বর্ষশ্রেষ্ঠ সাংস্কৃতিক সংগঠকৰ এনাজৰী বঁটা, বিশিষ্ট সমাজকর্মী সুজিত সোমলৈ সমাজৰত্ন এনাজৰী বঁটা, বিশিষ্ট উদ্যোগী তথা উদ্ভাৱক জেহিৰুল ইছলামলৈ এনাজৰী উদ্যোগী বঁটা, ভ্রাম্যমাণ থিয়েটাৰৰ বিশিষ্ট অভিনেতা হীৰু বৰঠাকুৰ আৰু বিশিষ্ট পোহৰ শিল্পী ক্ষীতিশ শর্মালৈ মহানন্দ শর্মা সোঁৱৰণী এনাজৰী বঁটা, বিশিষ্ট সংগীত শিল্পী সোণালী দাস আৰু সমাজকর্মী ডাঃ নৰেশ্বৰ শর্মালৈ প্রণিত বৰুৱা সোঁৱৰণী এনাজৰী বঁটা, গোৱালপৰীয়া লোকসংগীতৰ বিশিষ্ট শিল্পী জয়ন্তী ৰয় আৰু অভিনেতা পৰিচালক দিলীপ কাকতিলৈ ৰবীন নেওগ সোঁৱৰণী এনাজৰী বঁটা আগবঢ়োৱা হৈছে৷ মাধৱ ছেত্রী (পৰিৱেশ কর্মী), টিকেন্দ্রজিত মজুমদাৰ (অভিনেতা), লেনিন দাস (বাদ্যশিল্পী) আৰু জিৎৰাজ ডেকা (অভিনেতা)লৈ বিশেষ এনাজৰী বঁটা আগবঢ়োৱা হৈছে৷
বঁটা প্রদানৰ স্থান আৰু তাৰিখ লকডাউনৰ শিথিলতাৰ ওপৰত ভিত্তি কৰি ঘোষণা কৰা হ’ব বুলি প্রেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে৷