হাতত নাই ধন ,লিভাৰ ট্ৰেন্সপ্লান্টৰ বাবে চেন্নাইলৈ গৈ বিপদত চাংসাৰিৰ নিজৰাৰ পৰিয়াল
অসমীয়াৰ স্বাভিমান থলুৱা কৃষ্টিক বহি:ৰাজ্যত সমাদৰ দিয়া নিজৰা কলিতাক সহায়ৰ আহ্বান
অনুভৱ কুমাৰ ,চাংসাৰি ২৪ ফেব্ৰুৱাৰী: তাহানিৰে পৰা পৰম্পৰাগত চলি অহা অসমীয়া সমাজ জীৱনৰ স্বাভিমান ফুলাম গামোচা, বিহুৰ পিঠা-লাৰু, তামোল-পানৰ তিথ্যৰ জৰিয়তে বহি: ৰাজ্যত অসমক প্ৰতিনিধিত্ব কৰি সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা সংস্কৃতিৱান মহিলা নিজৰা কলিতা বৰ্তমান শয্যাগত। অসমীয়াৰ গৌৰৱান্বিত জীৱন শৈলীৰ কলা কৃষ্টিক বহি:ৰাজ্যত চমক দি এসময়ত অসম চৰকাৰৰ মন্ত্ৰী প্ৰনতি ফুকন, বিস্মিতা গগৈ, বিধায়ক জয়ন্ত মল্ল বৰুবাকে ধৰি বহু কেইগৰাকী দলীয় নেতাৰ আপোন হৈ পৰা প্ৰতিনিধি দলটোৰ অন্যতম ৰাংঢালী মহিলা নিজৰা কলিতাৰ এতিয়া চকুপানীৰে বাট নেদেখা অৱস্থা। কাৰণ তেওঁৰ দেহত থিতাপি লৈছে মাৰাত্মক বেমাৰে। লিভাৰ ট্ৰান্সপ্লান্ট কৰিব লাগে। ইয়াৰ বাবে ২৫/৩০ লাখ টকাৰ প্ৰয়োজন। তীব্ৰ আৰ্থিক সংকটত থকা ঘৰখনত ৰাইজৰ সহায় অবিহনে ইমান টকা যোগাৰ কৰাটো সপোনৰ অগোচৰ। গতিকে জীয়াই থকাৰ তাড়নাত সুহৃদয়বান লোকৰ সহায় বিচাৰিছে তেওঁ। উল্লেখ্য যে জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ সমীপৰ বনমাজাৰ বাসিন্দা নিজৰা কলিতা বোৰ্কা বোৱাকটা সমাবায় সমিতিৰ সম্পাদিকাৰ লগতে সদৌ অসম বয়ন সমন্বয় সমিতিৰ সহকাৰী সম্পাদিকাও। নিজৰা কলিতাৰ কৰ্মপটুতাত ৰাজ্যপালগৰাকীও অভিভূত হৈছিল। ৪২ বছৰীয়া নিজৰা কলিতা দুৰ্ভাগ্যজনকভাৱে লিভাৰ চিৰ’ছিচত আক্ৰান্ত হয়। বিগত ৪ বছৰৰ পৰা হাইদৰাবাদৰ এ আই জি হাস্পতালত চিকিৎসা লৈ আছিল যদিও শেহতীয়াকৈ চিকিৎসককে জীয়াই থাকিবলৈ হলে সোনকালে লিভাৰ ট্ৰান্সপ্লান্টৰ প্ৰয়োজনীয়তাৰ কথা কোৱাত পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে। ইতিমধ্যে হাইদৰাবাদৰ মেডিকেলৰ চিকিৎসালয়ত পৰিয়ালটো সৰ্বস্বান্ত হৈছেই। তেনেস্থলত আৰু ২৫/ ৩০ লাখ টকা ক’ত কেনেকৈ মেনেজ কৰিব তাকলৈ পৰিয়ালটোত দুখৰ উপৰি দুখে ছানি ধৰিছে। ইয়াৰ মাজতে দুসপ্তাহ পূৰ্বে কিছু ধন গোটাই চেন্নাইৰ এখন হাস্পতালত নিজৰাক চিকিৎসাধীন কৰোৱা হৈছে। ইতিমধ্যে হাতত যিখিনি ধন আছিল সেয়াও শেষ হল। ইপিনে লিভাৰ ট্ৰান্সপ্লান্টৰ বাবে যাৱতীয় সকলোবোৰ প্ৰক্ৰিয়া চলাই থকা হৈছে যদিও উপযুক্ত ধনৰ অভাৱত সেয়া পৰিয়ালটোৰ বাবে জটিল হৈ পৰিছে। তাতে আকৌ ব্যয়বহুল অষ্ট্ৰোপ’চাৰ প্ৰক্ৰিয়া আছেই সন্ধিক্ষণত ৰাইজলৈ নিজৰা কলিতাৰ কাতৰ আহ্বান -মই জীয়াই থাকিবলৈ বিচাৰো । আপোনালোকে মোক দয়া কৰি মোৰ জীৱনটো উদ্ধাৰ কৰক। আপোনালোকৰ অকমান সহায়ে পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব। হয়, যদি কোনো সুহৃদয়ৱান লোকে নিজৰা কলিতাক লিভাৰ ট্ৰান্সপ্লান্ট কৰাত আৰ্থিক সহায় কৰিব বিচাৰে তেতিয়া হ’লে নিজৰা কলিতাৰ UCO BANK, ,A/C -30363211002840 ,IFSC-UCBOOO3036 একাউন্ট যোগে সহায় কৰিব পাৰিব ।