নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰে কি কি নতুন নীতি নিৰ্দেশনা হোটলে ৰেষ্টুৰেণ্টক লৈ…

নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ ৰাজ্য চৰকাৰে আজি পুনৰ হোটেল, ৰেষ্টুৰেণ্ট আদিক লৈ এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি সন্ধিয়া ৬ বজালৈকে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আদিত বহি গ্ৰাহকে আহাৰ গ্ৰহণ কৰিব পাৰিব । লগতে ৬ বজাৰ পাছত স্থানীয় প্ৰশাসনৰ নিৰ্দেশনামৰ্মে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আদিয়ে হোম ডেলিভাৰী কৰিব পাৰিব ।

আনহাতে, হোটেলৰ ভিতৰত থকা ৰেষ্টুৰেণ্টসমূহ তাত উপস্থিত থকা সকলৰ বাবে ৬ বজাৰ পিছতো খোলা থাকিব । ৬ বজাৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ E-COMMERCEৰ জৰিয়তে হোম ডেলিভাৰী কৰিব পাৰিব ।

ক’ল্ড ষ্টোৰেজসমূহ ৬ বজাৰ পিছত খোলা থাকিব যদিও গ্ৰাহকৰ বাবে নহয় । কোনো গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব ।
ফাৰ্মাচী, চিকিৎসালয়, পশু চিকিৎসাৰ লগত জড়িত সেৱাসমূহৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহয় । এই নিৰ্দেশনা ৩০ এপ্ৰিললৈ বাহাল থাকিব ।

উল্লেখ্য যে ৰাজ্যত বৃদ্ধি হোৱা কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মঙলবাৰে জাৰি কৰিছিল ক’ভিডৰ নতুন গাইডলাইন । নতুন গাইডলাইন অনুসৰি দৈনিক ৬ বজাৰ পিছত বজাৰ-হাটৰ লগতে দোকান, শ্বপিং মল আদিকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ দিছিল চৰকাৰে ।

You might also like