শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, কি কি আছে এই নিৰ্দেশনাত?
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনাৰ দ্ৰুত সংক্ৰমণৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনা অনুযায়ী এতিয়াৰে পৰা শিক্ষানুষ্ঠানত ৫০ শতাংশ শিক্ষাৰ্থী উপস্থিত থাকিব লাগিব।
এই নিয়ম প্ৰযোজ্য হ’ব ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত। ৫০গৰাকী শিক্ষাৰ্থী থকা এটা শ্ৰেণী ভাগ কৰা হ’ব দুটা ভাগত। সেই অনুযায়ী ৰোল নম্বৰ ১ৰ পৰা ২৫লৈ শিক্ষাৰ্থীসকল স্কুললৈ আহিব পাৰিব সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে। আনহাতে ২৫ৰ পৰা ৫০ ৰোল নম্বৰলৈ শিক্ষাৰ্থী আহিব লাগিব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে।
৫০গৰাকীতকৈ কম শিক্ষাৰ্থী থকা শ্ৰেণীৰ ক্ষেত্ৰত বিদ্যালয়ৰ মুৰব্বীয়ে ল’ব সিদ্ধান্ত। ইয়াৰ উপৰি অনলাইন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিদ্যালয়ত সভা-সমিতি পতাটো নিষিদ্ধ কৰাৰ লগতে জ্বৰ-কাহত ভুগি থকা শিক্ষাৰ্থী বা শিক্ষক-শিক্ষয়িত্ৰীক বিদ্যালয়লৈ অহাৰ পৰা বাৰণ কৰা হৈছে।