নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত স্বার্থ–মুনাফাৰ বাবেই ৰাজ্যৰ চুকে–কোণে জন্ম নতুন দলৰ

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত গুৱাহাটীৰ আজাৰা নোৱাপাৰৰ হৰি গায়ত্রী দাস মুকলি পথাৰত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলৰ সভাপতি অতুল বৰাই ভাষণ প্রসংগত কয় – ‘অসম গণ পৰিষদৰ ভেটি উচন কৰিবলৈ কিছুমান অপশক্তিয়ে বিভিন্ন সময়ত ষডযন্ত্র চলাই আহিছে৷ কিন্তু ইয়াৰ বিপৰীতে অসম গণ পৰিষদ দলে নিষ্ঠা আৰু সততাৰে অসমৰ জাতি–জনগোষ্ঠীৰ লোকসকলৰ সৈতে সমভাবাপন্ন মনোভাবেৰে জাতীয় স্বার্থ সুৰক্ষা আৰু নিৰাপত্তাৰ হকে কাম কৰি প্রগতিশীল লক্ষ্যৰে আগবাঢ়ি গৈ আছে৷ অসম গণ পৰিষদ দলে বৃহত্তৰ অসমীয়া জাতি–জনগোষ্ঠীৰ সমস্যা সমাধানৰ হকে প্রতিনিয়ত কাম কৰি আহিছে৷ একমাত্র ব্যক্তিগত স্বার্থ সিদ্ধি আৰু মুনাফা লাভৰ উদ্দেশ্যৰে আগন্তুক বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত অসমৰ চুকে–কোণে কেইবাটাও ৰাজনৈতিক দলৰ জন্ম হোৱা পৰিলক্ষিত হৈছে৷ নতুনকৈ জন্মলাভ কৰা এনে দলে অসমবাসী ৰাইজক বিপথে পৰিচালিত কৰি মুনাফা আদি কৰিব বিচাৰিছে৷ এই নতুন দলসমূহৰ চিন্তা–ভাৱনাত নাই আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ মহান উদ্দেশ্য৷ কিন্তু ইয়াৰ বিপৰীতে আঞ্চলিকতাবাদত বিশ্বাসী অসম গণ পৰিষদ দলে অসমৰ পাহাৰ–ভৈয়ামৰ জাতি–জনগোষ্ঠীৰ সমন্বয়ৰ এনাজৰীডাল ছিগিব দিয়া নাই৷ দলটোৱে কোনো ক্ষেত্রতে আপোচ কৰা নাই৷ দলটোৱে সর্বভাৰতীয় ৰাজনৈতিক দল এটাৰ সৈতে মিত্রতা কৰিছে যদিও অসমবাসী ৰাইজৰ জাতীয় স্বার্থ সুৰক্ষা আৰু নিৰাপত্তাৰ খাতিৰতহে৷ তেওঁ কয় যে একাংশ স্বার্থান্বেষী ছাত্র নেতাৰ বাবে দুর্বল হৈছে সদৌ অসম ছাত্র সন্থা৷ সদ্যপদত্যাগী অসম গণ পৰিষদ দলৰ পবিন্দ্র ডেকাই দলটোক প্রতাৰণা কৰিছে৷ সমষ্টিবাসীয়ে পবিন্দ্র ডেকাক আৱর্জনা বুলি অভিহিত কৰি বহুদিন আগতেই দলটোৰ পৰা আঁতৰাই দিবলৈ কেন্দ্রীয় সমিতিক আহ্বান জনাইছিল৷

পবিন্দ্র ডেকাই দলত্যাগ কৰিলেও অসম গণ পৰিষদ দলৰ কোনো ক্ষতি নহয়৷ তেওঁ কয় যে পশ্চিম গুৱাহাটী সমষ্টিত আঞ্চলিকতাবাদ শক্তিশালী হৈছে৷ আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম গণ পৰিষদ দল শক্তিশালী হোৱা৷ আনহাতে, ‘ন সাজেৰে ন উদ্যমেৰে আৰু প্রগতিশীল জাতীয়তাবাদৰ লক্ষ্যৰে অসম গণ পৰিষদ’ বাণীৰে আজি অনুষ্ঠিত সমাৰোহৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনাই ভাষণ প্রসংগত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কয়– ‘অসমত এটাই আঞ্চলিকতাবাদী ৰাজনৈতিক দল আছে৷ সেয়া অসম গণ পৰিষদ দল৷ অসম গণ পৰিষদ দলৰ ইতিহাস আছে৷ ৮৫৫জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসম গণ পৰিষদ দলটো গঠন হৈছিল৷ জাতীয় স্বার্থ সুৰক্ষা আৰু স্বাভিমান অক্ষুণ্ণ ৰক্ষাৰ ক্ষেত্রত অসম গণ পৰিষদ দলে অসমবাসীৰ হকে কাম কৰি আহিছে৷ নির্বাচনৰ আগমুহূর্তত দল গঠন হৈছে৷ কিন্তু অসম গণ পৰিষদ দলে জনসাধাৰণৰ স্বার্থত কাম কৰি আহিছে৷ অসমীয়া মানুহৰ অস্তিত্ব আৰু স্বাভিমান অক্ষুণ্ণ থাকিব লাগিব৷ আগন্তুক ২০২১ চনৰ বিধানসভা নির্বাচনত পশ্চিম গুৱাহাটীৰ হাতী দিছপুৰত প্রৱেশ কৰিবই৷ অসম গণ পৰিষদ দলৰ পতাকা বুকুত লৈয়েই মই মৃত্যুক আঁকোৱালি লম৷’ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ পাহাৰ–ভৈয়ামৰ পৰা অহা পোন্ধৰ হাজাৰ অগপ দলৰ কর্মী প্রতিনিধিয়ে যোগদান কৰা ‘জাতীয় ঐক্য সমাৰোহ’ত উপস্থিত থাকি দলৰ কার্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই ভাষণ প্রসংগত কয়–‘ অসমত পৰিৱর্তনৰ ভেটি সুদৃঢ় কৰিছে অসম গণ পৰিষদ দলে৷ অর্থনৈতিক কাঠামো সলনি কৰিছে অসম গণ পৰিষদ দলে৷ পশ্চিম গুৱাহাটী সমষ্টিত ৰমেন্দ্র নাৰায়ণ কলিতা অপ্রতিৰোধ্য৷ আজিৰ জাতীয় ঐক্য সমাৰোহে তাকেই প্রমাণ কৰিছে৷’ সমাৰোহত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক সত্যব্রত কলিতা, ডাঃ কমলাকান্ত কলিতা, নুৰুল হুছেইন, মনোজ শইকীয়া , দিলীপ পাটগিৰি আদিকে ধৰি কেইবাগৰাকী কেন্দ্রীয় নেতা উপস্থিত থাকে৷ সমাৰোহত উপস্থিত থাকি কল্পনা পাটোৱাৰীয়ে সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷

You might also like