নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক নাকী লগালে শিক্ষা বিভাগে

প্রাইভেট স্কুলৰ মাচুল নির্ধাৰণ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ নাকী লগালে চৰকাৰে৷ এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে নিজ খেয়াল–খুচি মতে ছাত্র–ছাত্রীৰ পৰা জধে–মধে মাচুল আদায় কৰিব নোৱাৰিব৷ ‘আছাম নন–গৱর্নমেণ্ট ইডুকেচনেল ইনষ্টিটিউচনছ (ৰেগুলেচন অৱ ফীজ) এক্ট–২০১৮’ৰ দফা ৯ আৰু ১০ অনুসৰি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে বছৰি ছাত্র–ছাত্রীৰ পৰা আদায় কৰিবলগীয়া সর্বাধিক মাচুলৰ পৰিমাণ ৰাজ্যৰ শিক্ষা বিভাগে নির্ধাৰণ কৰি দিছে৷

প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব বি কল্যাণ চক্রৱর্তীয়ে এক নির্দেশযোগে (নং এ এছ ই ৬৮৫/২০১৯/৩৯৫–এ) শ্রেণী অনুযায়ী আদায় কৰিবলগীয়া সর্বাধিক মাচুলৰ নিৰিখ চূড়ান্ত কৰি দিছে৷ সেই অনুসৰি প্রাক প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ বছৰি সর্বাধিক ২৭ হাজাৰ টকাহে মাচুল আদায় ল’ব পাৰিব৷ ষষ্ঠ শ্রেণীৰ পৰা দশম শ্রেণীলৈ বছৰি সর্বাধিক ৩২ হাজাৰ টকা মাচুল আদায় ল’ব পাৰিব৷ একাদশ আৰু দ্বাদশ শ্রেণীৰ ক্ষেত্রত বিজ্ঞান শাখাত বছৰি সর্বাধিক ৩৭ হাজাৰ টকা, কলা শাখাত ৩২ হাজাৰ টকা, বাণিজ্য শাখাত ৩৩ হাজাৰ টকা আৰু অন্যান্য শাখাত ৩৫ হাজাৰ টকাহে আদায় ল’ব পাৰিব৷

এই সর্বাধিক মাচুলত নামভর্তি, টিউচন মাচুল, আন্তঃগাঁথনি উন্নয়ন মাচুল, ক্রীড়া, সাংস্কৃতিক মাচুল সন্নিৱিষ্ট হৈ থাকিব৷ অৱশ্যে ছাত্র–ছাত্রীসকলে যাতায়াতৰ বাবে (স্কুল বাছ) সুকীয়াকৈ মাচুল আদায় দিব লাগিব বুলি নির্দেশটোত স্পষ্ট কৰি দিয়া হৈছে৷ চৰকাৰৰ এই নির্দেশ অমান্য কৰি নির্ধাৰণ কৰি দিয়া পৰিমাণতকৈ অধিক মাচুল আদায় কৰা শিক্ষানুষ্ঠানৰ অনুমতি চৰকাৰে বাতিল কৰিব৷

অহা ২০২১–২২ শিক্ষাবর্ষৰ পৰাই এই মাচুলৰ নিৰিখ কার্যকৰী হ’ব বুলি শিক্ষা আয়ুক্ত চক্রৱর্তীয়ে নির্দেশটোত স্পষ্ট কৰি দিছে৷ স্মর্তব্য যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্রান্তত বিগত সময়ছোৱাত কাঠফুলাৰ দৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান স্থাপন কৰা হৈছে৷ শিক্ষা বিভাগৰ পৰা প্রয়োজনীয় অনুমতি লৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহ প্রতিষ্ঠা হৈছে যদিও মাচুলৰ ক্ষেত্রত চৰকাৰৰ কোনো নিয়ন্ত্রণ নাছিল৷

ব্যক্তিগত শিক্ষানুষ্ঠান কর্তৃপক্ষই নিজ ইচ্ছা অনুসৰি মাচুল নির্ধাৰণ কৰি অহাৰ ফলত বহু সময়ত ছাত্র–ছাত্রী, অভিভাৱক ভীষণ সমস্যাৰ সন্মুখীন হয়৷ মাচুলৰ ক্ষেত্রত চৰকাৰৰ কোনো নিয়ন্ত্রণ নথকাৰ সুযোগ লৈয়েই ব্যক্তিগত খণ্ডৰ একাংশ শিক্ষানুষ্ঠানে লুণ্ঠনৰাজ চলাই শিক্ষাক সেৱাৰ পৰিৱর্তে লাভজনক ব্যৱসায়ৰ মাধ্যমত পৰিণত কৰিবলৈ সক্ষম হৈছিল৷ এতিয়া শিক্ষা বিভাগে সর্বাধিক আদায় কৰিবলগীয়া মাচুলৰ পৰিমাণ নির্ধাৰণ কৰি দিয়াৰ লগে লগে সমগ্র বিষয়টো চৰকাৰৰ নিয়ন্ত্রণলৈ অহাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ নাকী লাগিল বুলি পাৰি৷

You might also like