নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন কৃষি প্রযুক্তিৰ জ্ঞান ল’বলৈ বিদেশলৈ যাব কৃষকৰ সৈতে বিধায়কো

বিধানসভাৰ ষ্টেণ্ডিং কমিটীৰ পৰামর্শ

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নৰ ক্ষেত্রত প্রচুৰ সম্ভাৱনা থকা খণ্ডটোৱেই হৈছে কৃষিখণ্ড৷ কিয়নো অসমৰ ৭০ শতাংশ লোকেই কৃষক৷ কৃষিখণ্ডৰ বিকাশৰ জৰিয়তে কৃষকৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্রীয় চৰকাৰেও যথেষ্ট আঁচনি গ্রহণ কৰি আহিছে৷ কিন্তু চৰকাৰে গ্রহণ কৰা আঁচনিসমূহৰ বিষয়ে কৃষক ৰাইজক সচেতন কৰাত বিভাগৰ ব্যর্থতা, নতুন আঁচনি সম্পর্কত অজ্ঞতা, কৃষকে উৎপাদিত সামগ্রীৰ বাবে বজাৰ নোপোৱা, উৎপাদিত সামগ্রীৰ সংৰক্ষণৰ অভাৱ আদিৰ বাবেই কৃষক ৰাইজ ক্ষতিগ্রস্ত হৈছে৷ অসম বিধানসভাৰ কৃষি বিভাগৰ ষ্টেণ্ডিং কমিটীৰ প্রতিবেদনতে পৰিস্ফুট হৈছে কৃষি বিভাগৰ ব্যর্থতাৰ ছবিখন৷ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক অধ্যক্ষ হিচাপে লৈ গঠিত কৃষি বিভাগৰ ষ্টেণ্ডিং কমিটীৰ শেহতীয়া প্রতিবেদনত দফাই দফাই বিভাগটোৰ ব্যর্থতাৰ বিষয়ে উল্লেখ কৰি গতিশীল কৰাৰ বাবে চৰকাৰক পৰামর্শ আগবঢ়াইছে৷

কৃষিৰ নতুন প্রযুক্তিৰ বিষয়ে অৱগত কৰি কৃষকৰ উপার্জন বৃদ্ধিৰ পদক্ষেপ গ্রহণৰ বাবে ষ্টেণ্ডিং কমিটীয়ে পৰামর্শ আগবঢ়ায়৷ এইক্ষেত্রত নির্বাচিত কৃষকক বিধায়কসহ বিদেশলৈ নি নতুন কৃষি প্রযুক্তিৰ বিষয়ে জ্ঞান দিয়াৰ ব্যৱস্থা কৰিবলৈ কৃষি বিভাগক পৰামর্শ দিয়ে৷ সেইদৰে কৃষি বিভাগে উন্নত জাতৰ বীজ ব্যৱহাৰ সম্পর্কত কৃষকসকলৰ মাজত সচেতনতা বৃদ্ধিৰ কার্যসূচী গ্রহণ নকৰাৰ কথা উল্লেখ কৰি কমিটীয়ে গ্রামাঞ্চলৰ কৃষকৰ মাজত সচেতনতা বৃদ্ধিৰ কার্যসূচী গ্রহণ কৰিবলৈ পৰামর্শ আগবঢ়াই কয় যে কৃষকৰ স্বার্থ আৰু তেওঁলোকৰ উপকাৰৰ বাবেই এই পদক্ষেপ গ্রহণ কৰা উচিত৷ একেদৰে ৰাজ্যখনত বহু কৃষকেই এবাৰ ধান খেতি কৰিয়েই বছৰটোৰ কৃষিকার্য সামৰে৷ সেয়ে ষ্টেণ্ডিং কমিটীয়ে কৃষি বিভাগৰ বিধানসভা সমষ্টি ভিত্তিত কৃষকৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ প্রয়োজনীয়তাৰ বিষয়ে প্রতিবেদনত উল্লেখ কৰি কয় যে বতৰৰ ওপৰত নির্ভৰ কৰি কৃষকসকলে যাতে বছৰত তিনিটা পর্যায়ত ধান খেতি কৰিব পাৰে, তাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামর্শ দিয়ে৷

আনহাতে অসমৰ কৃষকে উৎপাদিত সামগ্রীৰ প্রকৃত বজাৰমূল্য লাভ নকৰাৰ বিষয়টো ষ্টেণ্ডিং কমিটীৰ দৃষ্টিগোচৰ হোৱাৰ কথা উল্লেখ কৰি প্রতিবেদনত কয় যে কৃষকে যাতে উৎপাদিত সামগ্রীৰ প্রকৃত বজাৰমূল্য লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে বিভাগে প্রতিখন জিলাতে মার্কেটিং ব’ড অথবা অন্য চৰকাৰী এজেন্সীৰ জৰিয়তে বজাৰ সৃষ্টি কৰিব লাগে৷ তদুপৰি স্থানীয়ভাৱে উৎপাদিত কৃষি সামগ্রীৰ পৰা কৃষকে যাতে উচিত মূল্য লাভ কৰে, তাৰ প্রতি লক্ষ্য ৰাখি ষ্টেণ্ডিং কমিটীয়ে বিভাগক ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে সামগ্রী ক্রয়ৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে৷ ইপিনে সংৰক্ষণৰ অভাৱত বহু উৎপাদিত কৃষিজাত সামগ্রী নষ্ট হোৱাৰ বিষয়টো উনুকিয়াই ষ্টেণ্ডিং কমিটীয়ে কয় যে বর্তমানে থকা বহু ক’ল্ড ষ্টৰেজৰ ক্ষেত্রত চোৱাচিতাৰ অভাৱ পৰিলক্ষিত হৈছে৷ সেয়ে ষ্টেণ্ডিং কমিটীয়ে অধিক কৃষিজাত সামগ্রী উৎপাদন হোৱা নগাঁও, কমলপুৰ, সৰভোগ, খাৰুপেটীয়াত নতুন ক’ল্ড ষ্টৰেজ স্থাপনৰ বাবে ব্যৱস্থা লোৱাৰ লগতে বর্তমান থকা ক’ল্ড ষ্টৰেজসমূহো মেৰামতিৰ নির্দেশ দিয়ে৷ ক’ল্ড ষ্টৰেজসমূহত বৈদ্যুতিক শক্তিৰ পৰিৱর্তে সৌৰশক্তি ব্যৱহাৰ কৰিবলৈও প্রতিবেদনখনত ষ্টেণ্ডিং কমিটীয়ে উল্লেখ কৰে৷

সেইদৰে বানৰ পাছত কৃষিভূমিসমূহ কৃষিকার্যৰ বাবে অনুপযোগী হৈ পৰাত কৃষক ৰাইজ অসহায় হৈ পৰাৰ বিষয়ে প্রতিবেদনত উল্লেখ কৰি কৃষি বিভাগক বানৰ পাছত কৃষিভূমিসমূহ পৰীক্ষা কৰি কৃষকে কেনেদৰে কৃষিকার্য কৰিব, সেই সম্পর্কত ব্যৱস্থা লোৱাৰ বাবে পৰামর্শ দিয়ে৷ প্রতিবেদনখনত কৃষি বিভাগে বহু নতুন নতুন আঁচনি ৰূপায়ণ কৰি থকাৰ কথা উল্লেখ কৰি কয় যে আঁচনি ৰূপায়ণ কৰি থকা হৈছে যদিও কৃষক ৰাইজে এই আঁচনিৰ বিষয়ে অৱগত নহয়৷ ফলত আশা কৰা ধৰণে কৃষক ৰাইজ উপকৃত হ’ব পৰা নাই৷ সেয়ে বিভাগক জিলা ভিত্তিত নতুন আঁচনি সম্পর্কত তালিকা প্রস্তুত কৰি সেই তালিকা বিধায়কসকলক দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে বিধায়কসকলে সেই আঁচনিৰ বিষয়ে কৃষক ৰাইজৰ মাজত প্রচাৰৰ ব্যৱস্থা কৰিব পাৰে৷ সেই তালিকাৰ বিষয়ে খণ্ড আৰু জিলা কৃষি বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰাও কৃষক ৰাইজৰ মাজত প্রচাৰৰ ব্যৱস্থা কৰিবলৈ পৰামর্শ দিয়ে৷

ইফালে কৃষকৰ ডাটা এণ্ড্রীৰ বিষয়টোতো ব্যাপক অনিয়ম আৰু নীতি–নিয়ম উলংঘাৰ বিষয়টো সম্পর্কত ষ্টেণ্ডিং কমিটীয়ে প্রকৃত কৃষক বাদ পৰি ভুৱা কৃষক যাতে অন্তর্ভুক্ত নহয়, তাৰ বাবে বিভাগক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ সেইদৰে অসমত প্রচুৰ পৰিমাণে উৎপাদন হোৱা নেমু, কঁঠাল, আনাৰস, কল, তৰমুজে প্রকৃত বজাৰ নোপোৱাৰ বিষয়টো সম্পর্কত ষ্টেণ্ডিং কমিটীয়ে বিভাগক ৰাইজে যাতে সেই সামগ্রীৰ উপযুক্ত মূল্য লাভ কৰে, তাৰ বাবে বজাৰ সৃষ্টি কৰাৰ লগতে ৰপ্তানিৰ ব্যৱস্থা কৰিবলৈও পৰামর্শ দিয়ে৷ বহু নিবনুৱা যুৱকে বিভিন্ন জিলাত বৈজ্ঞানিক পদ্ধতিৰে তৰমুজৰ খেতি কৰিছে যদিও এতিয়াও প্রকৃত বজাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ ষ্টেণ্ডিং কমিটীয়ে বিভাগক বিশেষজ্ঞৰ সৈতে মিলি বজাৰ ব্যৱস্থা সুদৃঢ় কৰাৰ পৰামর্শ আগবঢ়ায়৷ আনহাতে, অতিৰিক্ত ৰাসায়নিক ব্যৱহাৰৰ ফলত বিভিন্ন অঞ্চলত মাটিৰ উর্বৰা শক্তি ক্ষতিগ্রস্ত হোৱাৰ বিষয়টো উনুকিয়াই ষ্টেণ্ডিং কমিটীয়ে মাটিৰ উর্বৰা শক্তি পৰীক্ষা কৰাৰ নির্দেশ দিয়ে৷

You might also like