আজিৰে পৰা নৱম শ্রেণীৰ অনলাইন পঞ্জীয়ন
নিয়মীয়া বাৰ্তা, ২১ মে: অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ অধীনস্থ বিদ্যালয়সমূহৰ নৱম শ্রেণীৰ অনলাইন পঞ্জীয়ন আজিৰে পৰা আৰম্ভ হ’ব৷ ছেবাই প্রকাশ কৰা এক জাননী অনুসৰি ২০২১–২২ বর্ষৰ বাবে হ’বলগীয়া এই পঞ্জীয়ন আজি পুৱা ৯ বজাৰ পৰা ৩১ জুলাইলৈ অব্যাহত থাকিব৷
ছেবাৰ ৱেবছাইটৰ জৰিয়তে এই পঞ্জীয়ন প্রক্রিয়া কৰিব পাৰিব৷ প্রতিগৰাকী শিক্ষার্থীৰ অনলাইন পঞ্জীয়কৰ বাবদ ১৫০ টকা মাচুল আদায় দিব লাগিব৷ ছেবাৰ ৱেবছাইটত নৱম শ্রেণীৰ পঞ্জীয়নৰ লিংক খুলি যাৱতীয় নথিপত্র দাখিল কৰাৰ লগতে প্র–পত্র পূৰণ কৰিব লাগিব৷
অন্যান্য নথিৰ লগতে পাছপ’ট আকাৰৰ ৰঙীন ফটো, শিক্ষার্থীৰ হস্তাক্ষৰ আদি আপলোড কৰিব লাগিব সংশ্লিষ্ট প’র্টেলত৷ জন্মৰ প্রমাণ–পত্র দাখিল কৰিব লাগিব শিক্ষার্থীসকলে৷