নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰলৈ অনুষ্ঠিত নহয় পৌৰ নিকায়–জিএমচিৰ নির্বাচন

বিধানসভাৰ অনুমোদন

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  ৰাজ্যৰ একাধিক পৌৰসভা আৰু নিগমৰ কার্যকাল চলিত ছেপ্টেম্বৰ মাহতে উকলি যাব৷ এনে অৱস্থাৰ পৰিপ্রেক্ষিতত অচিৰেই এই পৌৰ নিকায় তথা নিগমসমূহৰ নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত এক সাংবিধানিক দায়িত্ব আহি পৰিছে ৰাজ্য চৰকাৰৰ৷ কিন্তু ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ বাবে অহা সময়ছোৱাত নির্বাচন অনুষ্ঠিত কৰাত আহিছে বাধা৷ এই দিশৰ প্রতি লক্ষ্য ৰাখিয়েই ৰাজ্য চৰকাৰে পৌৰসভা তথা নিকায়সমূহৰ নির্বাচন অহা এবছৰলৈ স্থগিত ৰখাৰ বাবে আজি বিধানসভাত গৃহীত কৰে ‘দ্য আছাম মিউনিচিপাল (এমেণ্ডমেণ্ট) বিল ২০২০’৷ নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক স্বতন্ত্র মন্ত্রী পীয়ূষ হাজৰিকাই বিধেয়ক উত্থাপনৰ পাছত সদনে বৃহস্পতিবাৰে সর্বসন্মতিক্রমে গৃহীত কৰে৷ ইয়াৰ জৰিয়তে অহা এবছৰলৈ পৌৰসভা আৰু নিকায়সমূহৰ নির্বাচন পিছুওৱাটো সম্ভৱ হ’ব৷ উল্লেখ্য যে কার্যকাল উকলি যোৱা পৌৰসভাসমূহৰ নির্বাচন ছেপ্টেম্বৰ মাহৰ ভিতৰতে অনুষ্ঠিত কৰাৰ ক্ষেত্রত সাংবিধানিক তথা আইনগতভাৱে বাধ্যতামূলক আছিল ৰাজ্য চৰকাৰৰ৷ কিন্তু ক’ভিডকেন্দ্রিক পৰিৱেশৰ বাবে এই নির্বাচন পিছুৱাবৰ বাবে বৃহস্পতিবাৰে এই বিধেয়কখন গৃহীত কৰা হয়৷ এই বিধেয়কৰ জৰিয়তে এতিয়াৰে পৰা বিশেষ বিশেষ পৰিস্থিতিত চৰকাৰে পৌৰসভা তথা নিকায়সমূহৰ নির্বাচন পিছুৱাবলৈ সাংবিধানিকভাৱে সক্ষম হ’ব৷ এই বিধেয়ক গৃহীত হোৱাৰ ফলত গুৱাহাটী পৌৰ নিগমৰ নির্বাচনো অহা এবছৰলৈ পিছুৱাই যোৱাটো নিশ্চিত হ’ল৷ উল্লেখ্য যে ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ বাবে ঘোষণাৰ পাছতো অনুষ্ঠিত হোৱা নাই বি টি এ ডিৰ নির্বাচন৷ বৃহস্পতিবাৰে বিধেয়কখন সদনত আলোচনাৰ বাবে অহাৰ পাছতে বিৰোধী কংগ্রেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই চৰকাৰক সমালোচনা কৰি উল্লেখ কৰে যে পৌৰসভা আৰু নিগমসমূহৰ নির্বাচন পিছুৱাবৰ বাবে চৰকাৰে খৰখেদাকৈ বিধেয়ক উত্থাপন কৰিছে যদিও বি টি এ ডি নির্বাচন অনুষ্ঠিত কৰাৰ বাবেহে তৎপৰতা চলাই আছে৷ ইয়াৰ প্রত্যুত্তৰত মন্ত্রী পীয়ূষ হাজৰিকাই কয়– বি টি এ ডি নির্বাচনৰ দিন ঘোষণাৰ পাছতহে ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ সেই সময়ত কংগ্রেছৰ বহু নেতা বি টি এ ডি নির্বাচন স্থগিত ৰখাৰ বাবে দাবী উত্থাপন কৰিছিল৷ বি টি এ ডি নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত এক সাংবিধানিক দায়িত্ব বহন কৰি আছে ৰাজ্য চৰকাৰখনে৷

You might also like