নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত জয়ী প্রার্থীয়ে ৫০জনক লৈ উলিয়াব পাৰিব সমদল

মন্ত্রী ড০ শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ দ্বিতীয় জোৱাৰে সৃষ্টি কৰা ভয়াৱহ পৰিৱেশৰ বিৰুদ্ধে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যুঁজ আৰম্ভ কৰাৰ সময়তে কংগ্রেছ তথা বিৰোধী দল নামি পৰিছে সস্তীয়া ৰাজনীতি কৰাত৷ শেহতীয়াকৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত বিৰোধীয়ে নির্বাচন আয়োগক অভিযোগ দাখিল কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ ক’ভিডৰ বিৰুদ্ধে লোৱা পদক্ষেপক অবৈধ বুলি উল্লেখ কৰিছে৷ বিৰোধীৰ এনে পদক্ষেপক লৈ আজি সৰৱ হৈ পৰিল স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

মন্ত্রীগৰাকীয়ে সোমবাৰে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীক কটাক্ষ কৰি কয়– সর্বদলীয় বৈঠকত ৰিপুণ বৰাই আমাক ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ কর্তৃত্ব প্রদান কৰি থৈছে৷ তেওঁলোকে আমাক সহযোগিতা কৰিম বুলি কৈছে৷ তেওঁলোকে নির্বাচনত জয়ী নোহোৱাকৈয়ে ৰিজ’টত বাহৰ পাতিছে৷ গতিকে তেওঁলোকৰ লগত কথা পাতি কি লাভ? ইফালে বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালো সৰৱ হৈ পৰিছে৷

মুখ্যমন্ত্রীয়ে মানুহৰ জীৱনক লৈ সস্তীয়া ৰাজনীতি নকৰিবলৈ বিৰোধীক আজি সকীয়াই দিয়ে৷ মুখ্যমন্ত্রীৰ মন্তব্য– ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যক লৈ যদি দৃঢ়তা প্রদর্শন কৰিব নোৱাৰে, তেনেহ’লে সেই বিৰোধী অসমৰ ৰাইজৰ বাবে চিন্তিত যে নহয়, সেয়া স্পষ্ট হৈছে৷ নির্বাচন আয়োগে ইতিমধ্যে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজাৰ বাবে আমাক কর্তৃত্ব দি থৈছে৷ ইফালে ক’ভিড প্রট’কল অনুকৰণ কৰিয়ে নির্বাচনৰ ফলাফলৰ পাছত বিজেপিয়ে কোনোধৰণৰ বিজয় সমদল নুলিয়ায় বুলি আজি স্পষ্ট কৰিছে স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ মন্ত্রীগৰাকীয়ে কয় যে ২ মে’ৰ ফলাফল ঘোষণাৰ পাছত কোনোধৰণৰ বিজয় উৎসৱ পালন কৰা নহ’ব৷ জয়ী হোৱা প্রার্থীসকলে ৫০জনতকৈ কম সমর্থকক লৈ সমদল উলিয়াব পাৰিব৷

You might also like