নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক লৈ ৰাজনীতি কৰাসকলক ৰাইজে দিব উচিত উত্তৰ

বিৰোধীক তীব্র সমালোচনা স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ  ৰাজ্যত ক’ৰোনাকেন্দ্রিক পৰিৱেশ অধিক জটিল হৈ থকাৰ পাছতো ভয়াৱহ এই সংক্রমণক নাটক বুলি আখ্যা দিয়া বিৰোধীক মঙলবাৰে উভতি ধৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্য চৰকাৰক সমালোচনা কৰিবলৈ গৈ ক’ৰোনাক লৈ যোৱা সময়ছোৱাত বিৰোধীয়ে কৰি অহা বিভিন্ন মন্তব্যৰ প্রত্যুত্তৰ দি আজি অসম বিধানসভাত মন্ত্রী ড০ শর্মাই কয়– মানৱীয়তাৰ দিশক আগস্থান দি আমি ক’ভিডৰ চিকিৎসা কৰি গৈছোঁ৷ ৰাজনীতিৰ কথা চিন্তা কৰা নাই৷ দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমে ক’ভিড চিকিৎসাৰ ক্ষেত্রত এক আদর্শ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ ক’ৰোনা পৰীক্ষাৰ ক্ষেত্রত আমি দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছোঁ৷ মৃত্যুৰ হাৰ আমাৰ ৰাজ্যত সর্বনিম্ন৷ প্রতি ১ লাখত ৰাজ্যত ৩০০ লোকৰ মৃত্যু হৈছে৷ আমি দল, ৰাজনীতিৰ কথা চিন্তা কৰি এই কাম কৰা নাই৷ উল্লেখ্য যে ক’ৰোনা চিকিৎসাৰ ক্ষেত্রত শেহতীয়াকৈ বিৰোধী কংগ্রেছে স্বাস্থ্য বিভাগ তথা মন্ত্রী ড০ হিমন্ত বিশ্বক শর্মাক উদ্দেশ্যে একাধিক কটাক্ষ কৰাৰ লগতে লকডাউনৰ জৰিয়তে বিৰোধীক আবদ্ধ কৰি ৰাখি শাসকীয় দলটোৱে ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰিছে৷ আনকি কংগ্রেছৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ক’ৰোনাক লৈ এইবুলিও মন্তব্য কৰে যে জয়বাংলা, সৰুআই, পিঠাখোৱা ৰোগ আদি যিদৰে আহে আৰু যায়, ক’ৰোনাও এনেদৰে আহিল আৰু গ’ল৷ কিন্তু বর্তমানৰ চৰকাৰখনে জোৰ–জবৰদস্তি ক’ৰোনাক ৰাখি থ’ব বিচাৰিছে৷ এইখন এখন নাটক চলি আছে৷ ইয়াৰ বাহিৰে অন্য একো নহয়৷ কংগ্রেছৰ বিধায়কজনে ইয়াকো উল্লেখ কৰে যে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ ক’ৰোনাত আক্রান্ত হোৱা নাই৷ বৃদ্ধ বয়সত শাৰীৰিক অসুস্থতাতহে ভুগিছে৷ প্রয়াত প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জী হেনো ক’ৰোনাত আক্রান্ত হোৱা নাছিল৷ তেওঁৰ মৃত্যুৰ পাছতহে ক’ৰোনাত আক্রান্ত হোৱা বুলি কৈ চৰকাৰে মানুহৰ মাজত ত্রাসৰ সৃষ্টি কৰিছে৷ কংগ্রেছী বিধায়ক ৰূপজ্যোতি কুর্মীৰ এনে মন্তব্যৰ সমান্তৰালকৈ শেহতীয়াকৈ ক’ৰোনা চিকিৎসা বিনামূলীয়া কৰাত চৰকাৰ ব্যর্থ হোৱা বুলি আঙুলিয়াই ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ পৰিৱর্তে ক’ৰোনাৰ চিকিৎসা আগুৱাই নিয়াৰ পোষকতা কৰিছে কংগ্রেছ তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ আজি বিধানসভাত শিক্ষা বিভাগৰ কর্তন প্রস্তাৱৰ সপক্ষত বিভিন্ন বক্তব্য আগবঢ়াই বিৰোধী কংগ্রেছ–এআইইউডিএফৰ্ বিধায়কসকলে ক’ৰোনাক লৈ কৰা এনে মন্তব্যৰ উত্তৰ দি স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়– ক’ৰোনাক লৈ এই সময়ত ৰাজনীতি কৰা উচিত নহয়৷ ক’ৰোনাক জয়বাংলা বুলি কৈ এই সময়ত আমাৰ গৰিমা আমি নিজে হ্রাস কৰিছোঁ৷ এই বিষয়ে বিৰোধীয়ে চিন্তা কৰাৰ প্রয়োজন আছে৷ যি সময়ত দেশৰ অন্য ৰাজ্যত ৩ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে, তেনে সময়ত অসমত মৃত্যু হৈছে ৩০০ লোকৰ৷ ক’ৰোনা চিকিৎসাৰ ক্ষেত্রত সতর্কতাৰে আগবাঢ়িছোঁ৷ আনহাতে, অৰুণোদয় আঁচনিৰ পৰিৱর্তে কংগ্রেছে ক’ভিড চিকিৎসা অধিক ক্ষিপ্র কৰাৰ বাবে তোলা দাবী সন্দর্ভত তেওঁ কয়– যদি কংগ্রেছক অৰুণোদয় আঁচনি নালাগে, তেনেহ’লে তেওঁলোকৰ সমষ্টিসমূহৰ পুঁজিসমূহ চৰকাৰক ঘূৰাই দিয়ক৷ যি সময়ত ক’ভিডৰ সকলো চিকিৎসা বিনামূলীয়াকৈ কৰি থকা হৈছে, প্লাজমা বিনামূলীয়াকৈ প্রদান কৰা হৈছে, সেই সময়ত ক’ভিড চিকিৎসা বিনামূলীয়া নহ’ব বুলি এক ভুল বার্তা কংগ্রেছে দিব বিচাৰিছে৷ স্বাস্থ্য বিভাগে মাত্র কেইটামান বিষয়ৰ ক্ষেত্রত ৰাইজৰ পৰা সহযোগিতা বিচাৰিছে৷ সেয়া হ’ল– পেয়িং কেবিনৰ ভাৰা ক’ৰোনা আক্রান্তই দিব লাগিব, কোনো ব্যক্তিগত চিকিৎসালয়ে যদি প্লাজমা বিচাৰে তেন্তে প্লাজমা কিটৰ ধন দিব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত যদি ক’ৰোনাৰ আৰটিপিচিআৰৰ ফলাফল লাগে তেন্তে মাচুল দিব লাগিব৷ ক’ৰোনা চিকিৎসা বিনামূলীয়া হোৱা নাই বুলি বিৰোধীয়ে যি অভিযোগ তুলিছে, সেয়া তথ্যৰ ভিত্তিত নহয়৷ কিন্তু ক’ৰোনাক যদি বিৰোধীয়ে জয়বাংলাৰ ৰূপ বুলি ক’ব খোজে, তেন্তে মানুহে মাস্ক পিন্ধা বাদ দিব৷ একাংশ লোকে ইয়াক লৈ ৰাজনীতি কৰিছে৷ কিন্তু এটা কথা ঠিক, ক’ৰোনাক যিয়ে ৰাজনীতিলৈ লৈ যাব বিচাৰিছে, সেয়া ৰাইজে চাই আছে, ইয়াৰ উত্তৰ দিব৷

You might also like