নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেচনকাৰ্ড নথকা প্ৰায় ১৫০০ দৰিদ্ৰ পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ আছা,আৱা আৰু গণচেতনা সমাজৰ

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ আজি চাৰিদিন ধৰি প্ৰায় ১৫০০ ৰো অধিক ৰেচনকাৰ্ড নথকা দৰিদ্ৰ পৰিয়াল, বিশেষভাৱে সক্ষম আৰু বিধৱা তথা আশ্ৰয়হীন লোকলৈ “পাঝৰা” নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাই আগবঢ়োৱা অত‍্যাৱশ‍্যকীয় খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী আজি সামৰণি পৰে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ দুলীয়াজান আঞ্চলিক সমিতি, আদিবাসী মহিলা সন্থা(আৱা)ৰ দুলীয়াজান আঞ্চলিক সমিতি আৰু গণ চেতনা সমাজৰ সহযোগত আজি অন্তিমদিনা দুলীয়াজান অঞ্চলৰ দ-হুকুটা গাওঁ, ৰজাআলি চাহ বাগিচা, ডিৰিয়াল চাহ বাগিচা, মধুবন চাহ বাগিচাকে ধৰি দুলীয়াজান সমষ্টিত কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ গৰ্ভৱতী মহিলা, বিশেষভাৱে সক্ষম লোক, বিধৱা তথা আশ্ৰয়হীন লোকক চাউলৰ টোপোলাৰ লগতে মচুৰ দাইল, আলু, মিঠাতেল, নিমখ, পিয়াঁজ, চাবোন আদি সামগ্ৰী বিতৰণ কৰে ।
উল্লেখযোগ্য যে ৰাজ‍্যত দ্ৰুতহাৰত বৃদ্ধি পোৱা মহামাৰী ক’ভিড-১৯ প্ৰতিৰোধ কল্পে চৰকাৰে ঘোষণা কৰা লকডাউন তথা কাৰ্ফিউৰ ফলত সমাজৰ খাটি খোৱা শ্ৰেণীটো শ্ৰমহীন আৰু খাদ‍্য সংকটত ভোগাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে চাহ জনগোষ্ঠীয় সংগঠনকেইটাই । আজিৰ এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি সক্ৰিয় সহযোগিতা আগবঢ়ায় আছা-ৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক মনোজ ওৰাওঁ, বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থা “পাঝৰা”ৰ কাৰ্যবাহী কৰ্মী লক্ষী চাঙ্গা আৰু আছা, আৱা- ৰ দুলীয়াজান আঞ্চলিক সমিতিৰ বিষয়-ববীয়াসকল ।

You might also like