নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ পর্যটন ক্ষেত্রখনৰ বাবে ক’ভিড হ’ব পাৰে আশীর্বাদস্বৰূপ

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চল সদায়েই পর্যটকৰ আকর্ষণৰ কেন্দ্র৷ কিন্তু আন্তঃগাঁথনিমূলক কিছু সমস্যাৰ বাবে উত্তৰ–পূবে আজিও দেশৰ অন্যান্য ঠাইবোৰৰ দৰে সমৃদ্ধিশালী পর্যটনৰ সৃষ্টি কৰিব পৰা নাই৷ ক’ভিড–১৯ৰ পাছত সমগ্র বিশ্বৰ পর্যটন ক্ষেত্রখনলৈ আমূল পৰিৱর্তন আহিছে৷ এই পৰিৱর্তনৰ যোগাত্মক প্রয়োগ সম্পর্কে দেশে–বিদেশে চর্চা আৰম্ভ হৈছে৷ এনে সময়তে থলুৱা পর্যটনৰ কথাই বিশেষ গুৰুত্ব লাভ কৰিছে৷ এইবাৰৰ নর্থ–ইষ্ট ফেষ্টিভেলৰ প্রধান লক্ষ্য হৈছে উত্তৰ–পূবৰ সম্ভাৱনাসমূহ চিনাক্ত কৰি পৰৱর্তী ক’ভিডকালত সেইসমূহক বিশ্বৰ আগত দাঙি ধৰা৷ সেই উদ্দেশ্যেই এইবাৰৰ নর্থ–ইষ্ট ফেষ্টিভেলৰ অন্তিম দিনা এক বিশেষ পর্যটনকেন্দ্রিক ব্যৱসায়িক বৈঠকৰ আয়োজন কৰা হয়৷ উক্ত বৈঠকত বিভিন্ন প্রতিষ্ঠানৰ লগত জডিত ব্যক্তিসকলে পর্যটন সম্পর্কীয় বিষয় সন্দর্ভত মতামত দাঙি ধৰে৷ বৈঠকত পর্যটন বিভাগৰ সচিব ৰাজবী হুছেইনে কয় যে উত্তৰ–পূবৰ পর্যটন ক্ষেত্রখনৰ বাবে ক’ভিড–১৯ আশীর্বাদ স্বৰূপ হ’ব পাৰে৷ কিয়নো মানুহে এতিয়া বিদেশ ভ্রমণ পৰিহাৰ কৰি স্থানীয় ঠাইৰ সন্ধান কৰিব৷ অসমৰ ক্ষেত্রত চাহ পর্যটনে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷ এইক্ষেত্রত চাহ বাগিচাৰ পুৰণি বাংলোসমূহ পর্যটকৰ বাবে সদায়েই আকর্ষণৰ কেন্দ্র হৈ আহিছে৷ স্পাইছ জেটৰ জলবিমান বিভাগৰ মুখ্য বিষয়া শান্তনু কলিতাই কয়– চি প্লেনৰ প্রয়োগে পর্যটনৰ পৃথিৱীখনলৈ জোৱাৰ আনিব৷ অসমৰ ক্ষেত্রত এনে পৰিকল্পনা প্রয়োগত কিছু সমস্যা আছে৷ গতিকে আমি পর্যটনৰ সম্পূর্ণ পৰিৱেশ সলাব লাগিব৷ এন ই আই চিৰ অধ্যক্ষ ই বানলুমলাং ব্লাই কয়– আমি গ্রাম্য পর্যটনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব৷ এতিয়া পর্যটকে বহুতো কথা চাব৷ স্বাস্থ্য, পৰিচ্ছন্নতা আৰু সুৰক্ষাক ভ্রমণৰ প্রধান বিষয় হিচাপে নির্বাচিত কৰিব৷ আৰু সকলোতকৈ ডাঙৰ কথা পর্যটনৰ ক্ষেত্রত স্থানীয় মানুহখিনিৰ উন্নয়নত গুৰুত্ব প্রদান কৰিব লাগিব৷ এ ডি টি অ’ আইৰ অধ্যক্ষ পি পি খান্নাই কয় যে উত্তৰ–পূবৰ সকলো আছে৷ কিন্তু পর্যটনৰ ক্ষেত্রত সমস্যাও বহুত৷ গতিকে সকলোৰে সহযোগিতাতহে পর্যটন সম্ভৱ হ’ব৷ তেওঁ ‘নর্থ–ইষ্ট ফেষ্টিভেল’ৰ উদ্যোক্তা শ্যামকানু মহন্তক উত্তৰ–পূবৰ সম্ভাৱনাসমূহৰ বিষয়ে আলোচনাৰ এখন ক্ষেত্র গঢ়ি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ অসমৰ পর্যটন সঞ্চালক দেৱ কুমাৰ মিশ্রই কয়– অনাগত সময় পর্যটন ক্ষেত্রখনৰ বাবে প্রত্যাহ্বানমূলক৷ পর্যটকে এতিয়া বিদেশ ভ্রমণ পৰিহাৰ কৰিব৷ আমাৰ বাবে এয়াই উপযুক্ত সময় স্থানীয় ঠাইসমূহ পর্যটকৰ আগত উপস্থাপন কৰাৰ৷ এইক্ষেত্রত তেওঁ সম্ভাৱনাপূর্ণ কিন্তু কম জনপ্রিয় ঠাইসমূহক উপস্থাপন কৰিব লাগিব৷

এন ই চিৰ পৰামর্শদাতা আৰ লালৰডিংগীয়ে জনগোষ্ঠীগত পর্যটনৰ ওপৰত গুৰুত্ব আৰোপ কৰি পর্যটনৰ ক্ষেত্রখনত বিনিয়োগ কৰিব বিচৰাসকলক সহায় কৰিব লাগে বুলি মন্তব্য কৰে৷ বৈঠকত মণিপুৰ পর্যটন সভাৰ অৱসৰপ্রাপ্ত অধ্যক্ষ এইচ আৰ কে শর্মাই স্থানীয় ভ্রমণৰ ওপৰত গুৰুত্ব প্রদান কৰাৰ কথা উল্লেখ কৰে৷ ত্রিপুৰা টাইমছৰ কার্যবাহী সম্পাদক মানস পালে ত্রিপুৰাৰ পর্যটন ক্ষেত্রখনৰ কিছু বর্ণনাৰ লগতে পর্যটকক আকর্ষণ কৰিবলৈ তেওঁলোকে কি কৰিছে সেই সম্পর্কেও বর্ণনা কৰে৷ জে বি এফৰ মুখ্য কার্যকর্তা শশাংক শেখৰ দত্তই প্রকৃতিৰ সৈতে সহাৱস্থানৰ কথা কয়৷ লগতে তেওঁ অনুদানমূলক পর্যটনৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে৷ উদ্যোক্তা শ্যামকানু মহন্তই কয় যে পর্যটন ক্ষেত্রৰ বিনিয়োগ কৰাৰ বাবে প্রধান কথা হৈছে টকা৷ গতিকে চৰকাৰ বা ব্যক্তিগতভাৱে আর্থিক সহায় অবিহনে পর্যটন ক্ষেত্রখনক আগুৱাই নিব নোৱাৰি৷ পর্যটনৰ বাবে নির্ধাৰিত এই ব্যৱসায়কেন্দ্রিক বৈঠকৰ গুৰি ধৰে টি অ’ এ এৰ অধ্যক্ষ ৰঞ্জিত দাসে৷ উক্ত বৈঠকৰ জৰিয়তে আলোচিত দিশসমূহৰ প্রয়োগে উত্তৰ–পূবৰ পর্যটন ক্ষেত্রখনলৈ পৰিৱর্তন আহিব বুলি আশা কৰিব পাৰি৷ অনুষ্ঠানত মেক ইন নর্থ–ইষ্ট শীর্ষক এক আলোচনা–চক্রৰো আয়োজন কৰা হয়৷ আলোচনা–চক্রত উদ্যোগ বিভাগৰ সচিব কে কে দ্বিবেদী, কৃষি বিভাগৰ আয়ুক্ত আকাশদ্বীপ, এন আৰ এলৰ মহাপ্রবন্ধক নিকুঞ্জ বৰঠাকুৰ, আই টি চিৰ কার্যবাহী সঞ্চালক সুমন্ত ভাগবন, সাদিন–প্রতিদিন গ্রুপৰ পৰিচালন সঞ্চালক স্মীতাক্ষী বৰুৱা আদি উপস্থিত থাকে৷

You might also like