‘অইল’ত দক্ষ ব্যক্তিৰ অভাৱ নে স্বজন–তোষণ ? তথ্য–প্রযুক্তিৰ বিষয়াক ইডিপিএছৰ মুৰব্বী পদত অধিষ্ঠিত
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ অইল ইণ্ডিয়া লিমিটেডৰ গেছখাদত সংঘটিত সংহাৰী অগ্ণিকাণ্ডৰ উত্তাপত এতিয়া চকুলো শুকাইছে বাঘজানবাসীৰ৷ খাটিখোৱা ৰাইজে নিজ হাতেৰে গঢি তোলা ঘৰখন, খেতিপথাৰ সকলো সম্পদ জুইৰ লেলিহান শিখাত চকুৰ সন্মুখতে ছাই হৈ গ’ল৷ বাঘজানবাসীৰ সন্মুখত দাওদাওকৈ জ্বলি থকা জুইকুৰাৰ উত্তাপ আৰু কিমান দিনলৈ থাকিব? এই প্রশ্ণৰ উত্তৰ অইল ইণ্ডিয়াই বর্তমান পর্যন্ত স্পষ্ট কৰিব পৰা নাই৷ বাঘজান কাণ্ডৰ আঁৰত থকা আসোঁৱাহপূর্ণ ঘটনাৰাজি ইতিমধ্যে ‘নিয়মীয়া বার্তা’ই তথ্য সহকাৰে উদঙাই দিছে৷
উল্লেখ্য যে বাঘজান কাণ্ডৰ ৰাজ্য চৰকাৰে তদন্ত ঘোষণা কৰাৰ উপৰি কেন্দ্রীয় পেট্ৰ’লিয়াম এণ্ড প্রাকৃতিক গেছ মন্ত্রালয়ে তিনিজনীয়া এখন তদন্ত কমিটী গঠনেৰে এমাহৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে৷ এই কমিটীখন অসম সন্তান অইল ইণ্ডিয়া লিমিটেড আৰু অ’ এন জি চিৰ পূর্বৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বিকাশ চন্দ্র বৰা, অ’ এন জি চিৰ পূর্বৰ অধ্যক্ষ তাপস কুমাৰ সেনগুপ্তা আৰু পেড্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ হাইড্র’কার্বন সঞ্চালকপ্রধান সুভাষ চন্দ্র লাল দাসৰ দ্বাৰা গঠিত হৈছে৷
প্রাপ্ত তথ্য অনুসৰি অইল–’ এন জি চিৰ পূর্বৰ অধ্যক্ষ বিকাশ চন্দ্র বৰাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং ডিগ্রী সম্পূর্ণ কৰি ১৯৬২ চনত এছিষ্টেণ্ট প্রডাকচন ইঞ্জিনীয়াৰ হিচাপে তেতিয়াৰ বার্মা অইল কোম্পানী অর্থাৎ অইল ইণ্ডিয়াত যোগদান কৰে৷ পৰৱতী পর্যায়ত দেশ–বিদেশত কর্ম অভিজ্ঞতাৰে পুষ্ট বিকাশ চন্দ্র বৰাই ১৯৯০ চনত ডিৰেক্টৰ (অপাৰেচন) পদলৈ পদোন্নতি লাভ কৰে আৰু ১৯৯২ চনত অইলৰ চি এম ডি ৰূপে কার্যনির্বাহ কৰে৷ পৰৱত্ সময়ত ১৯৯৫–২০০১লৈ তেওঁ অ’ এন জি চিৰ চি এম ডি ৰূপে দায়িত্বভাৰ গ্রহণ কৰে৷ তদন্ত কমিটীৰ আন এজন সদস্য তাপস কুমাৰ সেনগুপ্তা৷ ২০১৪ চনত মহাৰত্ন কোম্পানী অ’ এন জি চিৰ চি এম ডি ৰূপে দায়িত্ব লয় সেনগুপ্তাই৷ তেওঁ কলকাতাৰ যাদৱপুৰ ইউনিভার্ছিটীৰ পৰা ফার্ষ্ট ক্লাছ কেমিকেল ইঞ্জিনীয়াৰিং ডিগ্রী গ্রহণ কৰাৰ লগতে ইগন’ৰ পৰা মেনেজমেণ্ট পাঠ্যক্রম গ্রহণ কৰে৷ পিছলৈ প্রডাকচন ইঞ্জিনীয়াৰ হিচাপে অ’ এন জি চিত যোগদান কৰি সমুদ্র পৃষ্ঠভূমি (অফ শ্ব’ৰ)ত আৰু সমুদ্র উপকূলীয় ভূমি (অন শ্ব’ৰ)ত তেল উৎপাদনত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট সেনগুপ্তা৷
১৯৯৬ চনত অ’ এন জি চিৰ চি এম ডিৰ পৰা ‘বেষ্ট প্রডাকচন ইঞ্জিনীয়াৰ’ আৰু ২০০১ চনত ‘বেষ্ট প্রফেছনেল ইঞ্জিনীয়াৰ’ হিচাপে তেওঁ বঁটা লাভ কৰিছিল৷ তদন্ত কমিটীৰ আনজন সদস্য হাইড্র’কার্বন সঞ্চালকপ্রধান সুভাষ চন্দ্র লাল দাস ১৯৯২ চনৰ আই এ এছ বিষয়া৷ তেওঁ পৰিসংখ্যা বিজ্ঞান, পদার্থ বিজ্ঞান আৰু গণিতক সন্মান বিষয় হিচাপে লৈ স্নাতক ডিগ্রী গ্রহণ কৰাৰ লগতে আইনৰ ডিগ্রীও গ্রহণ কৰিছে৷ দাসেপৰৱত্ সময়ত সঞ্চালক ডিৰেক্টৰ (হোম এফেয়ার্ছ আৰু পি এম অ’) হিচাপে কার্যনির্বাহ কৰে৷ ইয়াৰ পৰাই নিশ্চিত হৈছে যে ভাৰত চৰকাৰৰ পেড্র’লিয়াম মন্ত্রালয়েও বাঘজান কাণ্ডৰ গুৰুত্ব উপলদ্ধি কৰি বিভাগীয় বিষয়বস্তুৰ সৈতে সম্পর্ক থকা সঠিক উপযুক্ত আৰু কাৰিকৰীভাৱে দক্ষ ব্যক্তিক লৈ গঠন কৰিছে তদন্ত কমিটীখন৷ কিন্তু ৬১ বছৰীয়া এটা গৌৰৱোজ্জ্বলধ্যায় পাৰ কৰা অইল ইণ্ডিয়া লিমিটেডৰ দৰে দেশৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ তৈল উদ্যোগ প্রতিষ্ঠান এটাই কেনেধৰণৰ অভিজ্ঞতা আৰু দক্ষতাৰ ভিত্তিত অতীন্দ্র ৰয়চৌধুৰীৰ দৰে এজন তথ্য–প্রযুক্তি বিভাগৰ বিষয়াক আনি অইলৰ হূদস্পন্দন তেল আৰু গেছ উৎপাদনৰ মুৰব্বী তথা ইডিপিএছত অধিষ্ঠিত কৰিলে, সেয়া ৰহস্যজনক৷
ইফালে, ‘নিয়মীয়া বার্তা’ৰ পূর্বৰ প্রতিবেদনতে উল্লেখ কৰা হৈছে যে ৰায়চৌধুৰী আগতে তথ্য–প্রযুক্তিৰ উপৰি মাল্টী ডিচিপ্লিনাৰী বিভাগৰ সৈতেহে জড়িত আছিল৷ মাল্টী ডিচিপ্লিনাৰী বিভাগৰ সৈতে কোনোধৰণৰ বিশেষ কাৰিকৰী দক্ষতাৰ প্রয়োজন নাথাকে৷ য’ত যিকোনো বিভাগৰ বিষয়াই জড়িত থাকিব পাৰে বুলি অইল ইণ্ডিয়াৰ এক শীর্ষ সূত্রত প্রকাশ৷ প্রশ্ণ হয় অইল ইণ্ডিয়া লিমিটেডৰ এনে গুৰুত্বপূর্ণ বিভাগ এটা দক্ষতাৰে পৰিচালনা কৰিবৰ বাবে কাৰিকৰী দক্ষতাসম্পন্ন আন উপযুক্ত অভিজ্ঞ বিষয়া নাছিল নেকি? নে এয়া স্বজন–তোষণ৷ সমগ্র বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়– ‘সমগ্র ঘটনাৰ সৈতে যিসকল দায়ী, প্রত্যেকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰাৰ লগতে তদন্ত প্রক্রিয়া ৰাজহুৱা কৰিব লাগে৷ এইক্ষেত্রত অইল ইণ্ডিয়াই নিজাববীয়াকৈ চলোৱা তদন্ত প্রক্রিয়া কেতিয়াও ৰাজহুৱা নকৰে৷ গতিকে দোষী ব্যক্তি সাৰি গৈ পুনৰ পূর্বৰ দৰে কাম–কাজ চলাই থাকিবলৈ সুযোগ লাভ কৰে৷ ইয়াৰ বিপৰীতে নিজৰ লবীৰ বাহিৰৰ ব্যক্তি অথবা তলৰ শ্রেণীৰ ওপৰত আক্রোশমূলক ব্যৱস্থা লোৱাৰ সম্ভাৱনা থাকে৷
বর্তমান অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰিছে৷ এতিয়া কোনখন তদন্ত কমিটীৰ প্রতিবেদনৰ মতে ‘একচন’ হ’ব, আমাক সেইটো লাগে৷ যদিহে দুয়োখন তদন্ত প্রতিবেদন উলম্ব বিভাজন হয়, তেন্তে কোনখন প্রতিবেদন আমি গ্রহণ কৰিম৷ এই ঘটনাৰ সৈতে জডিত তৃণমূল পর্যায়ৰ পৰা উচ্চপর্যায়লৈকে সকলোকে তদন্তৰ আওতালৈ আনিব লাগে৷’ তেওঁ পুনৰ কয়– ‘নৱৰত্ন উদ্যোগ এটাৰ ক্রাইছিছ মেনেজমেণ্ট বিভাগটোও শক্তিশালী নোহোৱাটো দূভার্গ্যজনক৷ বর্তমান যিসকলে জৰুৰীকালীন সেৱাত লাগি আছে, তেওঁলোকক প্রয়োজনীয় সুৰক্ষা আৰু নিৰাপত্তা দিয়াটো অইল ইণ্ডিয়াৰ প্রধান কর্তব্য হোৱা উচিত৷’ জন এনাজ্ ঠিকাদাৰী প্রতিষ্ঠানটোৰ কাৰিকৰী দক্ষতাৰ ওপৰতো সন্দেহ পোষণ কৰিছে গগৈয়ে৷ মুঠৰ ওপৰত পুঠি–খলিহনাক শাস্তি দি ৰৌ–বৰালি যাতে সাৰি নাযায়, তাৰ বাবে তদন্ত প্রক্রিয়া নিৰপেক্ষ হ’ব লাগে বুলি দাবী জনাইছে৷
আনহাতে, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়– ‘অইল ইণ্ডিয়াৰ বিভাগীয় অদক্ষতাৰ কাৰণেই বাঘজান কাণ্ড সংঘটিত হ’ব পালে৷ অইলে দুর্যোগ প্রশমন বিভাগ এটা যেনেদৰে টনকিয়াল কৰিব লাগিছিল, সেয়া নকৰিলে৷ বর্তমান বিদেশৰ পৰা বিশেষজ্ঞৰ সহায় ল’ব লগা হৈছে৷ কিন্তুযুগ যুগ ধৰি তেলৰ খনন হৈ ভাৰতবর্ষত উচ্চমানৰ সা–সুবিধা, সৰঞ্জাম–পাতি থাকিব লাগিছিল৷ অইল নিজেই এটা দেশৰ দ্বিতীয় সর্ববৃহৎ কোম্পানী, তেনেস্থলত ব্যক্তিগত কোম্পানীক কামৰ দায়িত্ব দিয়াৰ অর্থ ক’ত৷’