অইল ইণ্ডিয়াৰ লিমিটেডলৈ চি এছ আৰ টাইমচ এৱাৰ্ড ২০২২
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: দেশৰ দ্বিতীয় বৃহৎ তেল অন্বেষণ আৰু উৎপাদন প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডক কৌশল বিকাশ ক্ষেত্ৰখনত আগবঢ়োৱা সামাজিক দায়বদ্ধতা আঁচনিৰ বাবে চি এছ আৰ টাইমচ এৱাৰ্ড ২০২২ ৰে সন্মানিত কৰা হৈছে। যোৱা ৮ ডিচেম্বৰত নতুন দিল্লীত আয়োজিত গুৱাহাটী অইল স্বাৱলম্বন আৰু কৌশল বিকাশ প্ৰতিষ্ঠান, নৱম চি এছ আৰ টাইমছ সন্মিলন আৰু বটাঁ বিতৰণী সমাৰোহত অইলক গল্ড কেটেগৰীত এই এৱাৰ্ড প্ৰদান কৰা হয়। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক সহ আন বিশিষ্ট অতিথিসকলৰ উপস্থিতিত অইলৰ জনপৰিক্ৰমা বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ৰঞ্জন গোস্বামীৰ হাতত এই ৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হয়।