অইলৰ হেঁচাত সংকুচিত কৰিলে পৰিৱেশ সংবেদনশীল জ’নৰ মানচিত্র
নিয়মীয়া বাৰ্তা ১১ জুনঃ অসমৰ ভূ–গর্ভত সঞ্চিত সম্পদ আহৰণৰ স্বার্থত ৰাজ্যখনৰ বৈচিত্র্যময় প্রকৃতিক বলিশালত তুলি দিছে ৰাজ্য চৰকাৰে৷ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ সমীপৰ তৈলখাদত খনন চলোৱাৰ বাবেই ৰাজ্যৰ বন বিভাগে বাৰম্বাৰ সলনি কৰিছিল বিভাগীয় নীতি–নিয়ম৷ বিভাগটোৱে অতি কৌশলেৰে তৈলখাদসমূহক আঁতৰাই ৰাখিছিল ৰাষ্ট্রীয় উদ্যানখনৰ পৰিৱেশ সংবেদনশীল এলেকাৰ পৰা৷ ইয়াৰ বাবে ৰাজ্যৰ বন বিভাগে আশ্রয় লৈছিল জীয়া ফাঁকিৰ৷ যাৰ পৰিণতিত বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্ণিকাণ্ডই সমগ্র অঞ্চলটোত প্রলয়ৰ সূচনা কৰাই নহয়, ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ প্রতিও ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ সমীপৰ অঞ্চলত ইক’ছেনচিটিভ জ’ন অর্থাৎ পৰিৱেশ সংবেদনশীল এলেকা ঘোষণাৰ বাবে ২০১৬ চনৰ এপ্রিল মাহত ৰাজ্য চৰকাৰে প্রথমবাৰৰ বাবে খচৰা নির্দেশাৱলী জাৰি কৰিছিল যদিও পৰিৱেশ সংবেদনশীল এলেকাৰ বাবে এই নির্দেশনাত কোনো অঞ্চল নির্ধাৰণ কৰা হোৱা নাছিল, তথাপি নির্দেশনাখনত ৯.১৪ কিলোমিটাৰ ব্যাসার্ধ পর্যন্ত ইক’ছেনচিটিভ জ’ন ঘোষণাৰ প্রস্তাৱ ৰখা হৈছিল৷ ইয়াৰ পৰৱর্তী সময়ত ২০১৮ চনৰ মে’ মাহত ৰাজ্যৰ বন বিভাগে ডিব্রু–ছৈখোৱাৰ ইক’ছেনচিটিভ জ’ন সম্পর্কীয় দ্বিতীয়খন খচৰা অধিসূচনা প্রকাশ কৰে৷ সেই বছৰৰে ছেপ্ঢেম্বৰ মাহত ৰাজ্যৰ বন বিভাগৰ অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱে কেন্দ্রীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্রালয়ৰ ওচৰত উক্ত অধিসূচনা সম্পর্কত এক বিৱৰণ দাঙি ধৰে৷ এইবাৰ বন বিভাগে ৰাষ্ট্রীয় উদ্যানখনৰ পৰিৱেশ সংবেদনশীল এলেকা ৰাষ্ট্রীয় উদ্যানখনৰ চাৰিসীমাৰ পৰা ৮.৭ কিলোমিটাৰ দূৰত্বৰ ভিতৰত সীমাবদ্ধ ৰখাৰ প্রস্তাৱ উত্থাপন কৰে৷ প্রস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চলৰ মুঠ পৰিসৰ আছিল ৬৫৮.২৫১ বর্গকিলোমিটাৰ৷ একে সময়তে বন বিভাগৰ শীর্ষ বিষয়াগৰাকীয়ে এই কথাও উল্লেখ কৰিছিল যে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানখনৰ ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহে এক একক গঠন কৰি দিছে৷ এই উদ্যানৰ সংৰক্ষিত অঞ্চলত জৈৱ–বৈচিত্র্যৰ দুটা হটস্পট আছে৷ নেচনেল ব’ড ফৰ ৱাইল্ড লাইফে ইতিমধ্যে এই সংৰক্ষিত অঞ্চলৰ ৮টা স্থানত অইল ইণ্ডিয়াক খননৰ অনুমতি দিছে৷ কিন্তু এই অঞ্চলসমূহ পৰিৱেশ সংবেদনশীল এলেকাৰ অন্তর্ভুক্ত নহয় বুলি দেখুওৱা হৈছে৷ কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রালয়ক অসম চৰকাৰৰ প্রতিনিধিয়ে বাৰম্বাৰ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে প্রস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চলত কোনো তৈলখাদ নাই৷ এইখিনিতে বন বিভাগৰ এক জীয়া ফাঁকি লুকাই আছে৷ বিগত চাৰি বছৰত দুবাৰকৈ প্রস্তাৱিত অধিসূচনা জাৰি কৰাৰ পিছত যোৱা জানুৱাৰী মাহত ইক’ছেনচিটিভ জ’নৰ চূড়ান্ত অধিসূচনা প্রকাশ কৰা হয়৷ এই অধিসূচনাতো ৰাষ্ট্রীয় উদ্যানখনৰ চাৰিসীমাৰ পৰা ইক’ছেনচিটিভ জ’নৰ দূৰত্ব শূন্যৰ পৰা ৮.৭ কিলোমিটাৰ বুলিয়ে উল্লেখ কৰা হয় যদিও তৈলখাদসমূহক ইয়াৰ পৰা অতি কৌশলেৰে আঁতৰাই ৰখা হয়৷ ৰাষ্ট্রীয় উদ্যানখনৰ দক্ষিণ প্রান্তৰ সীমাত যিকেইটা তৈলখাদ আছে, তাক কৌশলপূর্ণভাৱে পৰিৱেশ সংবেদনশীল এলেকাৰ অন্তর্ভুক্ত কৰা নহ’ল৷ আনকি উদ্যানখনৰ দক্ষিণ প্রান্তৰ সীমাত ইক’ছেনচিটিভ জ’নৰ সীমা এক ইঞ্চিও বৃদ্ধি কৰা নহ’ল৷ বন বিভাগৰ শীর্ষ সূত্রৰ খবৰ মতে, অইলৰ ধাৰাবাহিক হেঁচাৰ পৰিণতিতে তৈলখাদসমূহক আঁতৰাই ৰখা হৈছিল পৰিৱেশ সংবেদনশীল এলেকাৰ আওতাৰ পৰা৷ এইদৰেই অসম চৰকাৰৰ বন বিভাগে অইলৰ ৰাষ্ট্রীয় উদ্যানৰ গাতে লাগি থকা তৈলখাদ খনন চলোৱাৰ পথ মুকলি কৰি দিছিল৷ কিন্তু ইয়াৰ পূর্বে দেশৰ ২১খন ৰাষ্ট্রীয় উদ্যানৰ ক্ষেত্রত ২০১৮ চনৰ ১১ ডিচেম্বৰত ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে ইক’ছেনচিটিভ জ’নৰ ব্যাসার্ধ ১০ কিলোমিটাৰ নির্ধাৰণ কৰি দিছিল৷ অথচ অসমৰ ভূ–গর্ভৰ খনিজ সম্পদ আহৰণৰ লক্ষ্য আগত ৰখা অইলৰ হেঁচাত বন বিভাগে এই সকলো দিশ আওকাণ কৰে৷ লক্ষণীয় কথাটো হ’ল, যি গেছকূপত অগ্ণিকাণ্ড সংঘটিত হ’ল তাৰ দাঁতিতে লাগি আছে জৈৱ–বৈচিত্র্যৰে ভৰপূৰ মাগুৰী মটাপুং বিল৷ এই বিলৰ জৈৱ–বৈচিত্র্য এতিয়া চৰম সংকটৰ সন্মুখীন হৈছে৷ জলজ প্রাণীসমূহ কিমান দিনলৈ এই প্রদূষণৰ মাজত জীয়াই থাকিব পাৰিব সেয়াও অনিশ্চিত হৈ পৰিছে৷ একেদৰেই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ দুষ্প্রাপ্য বন্যঘোঁৰা, ৪০বিধ স্তন্যপায়ী প্রজাতি, ৫০০বিধ চৰাইৰ প্রজাতি, ১০৪বিধ মাছৰ প্রজাতি, ১০৫বিধ বিবিধ প্রজাতিৰ পখিলা, ৬৮০বিধ প্রজাতিৰ গছ–গছনিও এতিয়া অইল আৰু বন বিভাগৰ লাভৰ অংকৰ ফলতেই বিপদাপন্ন হৈ পৰিছে৷ এই পৰিক্রমাৰ পৰা সহজেই বোধগম্য হয় যে অসমৰ পৰিৱেশ প্রকৃতিৰ সুৰক্ষাৰ দিশটোক আওকাণ কৰি অইলে দীর্ঘদিনৰ পৰাই বাঘজানৰ ওপৰত শেনচকু দি আহিছিল৷