নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনিষ্টবল বসন্তৰ আন দুই সতীর্থক আটক

অ’এনজিচিৰ অপহৰণ কাণ্ড

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ অ’ এন জি চিৰ লাকুৱা তৈলক্ষেত্রৰ ৮নং জি জি এছৰ আৰ অ’ এম ১০০ খনন ৰীগৰ পৰা যোৱা ২১ এপ্রিলৰ নিশা আলফা (স্বাধীন)ৰ সদস্যৰ দ্বাৰা কৰা তিনিজন বিষয়া–কর্মচাৰীৰ অপহৰণ কাণ্ডৰ আজি সপ্তম দিনত ভৰি দিলেহি৷ ইয়াৰে অপহূত অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক নাগালেণ্ডৰ দুর্গম অঞ্চলৰ পৰা উদ্ধাৰ হোৱাৰ দুদিন অতিক্রম কৰিলে যদিও তেওঁলোকৰ পৰা লাভ কৰা তথ্য সন্দর্ভত অসম আৰক্ষী আৰু অ’ এন জি চি কর্তৃপক্ষই বর্তমানেও প্রকাশ কৰা নাই৷ নাগালেণ্ডৰ মন জিলাৰ ঘন অৰণ্য অঞ্চল আৰু গাঁও অঞ্চলত সেনা, আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে পৰহিৰে পৰা নিৰুদ্দেশ হৈ থকা ৰিতুল শইকীয়াৰ সন্ধানত তীব্র অভিযান অব্যাহত ৰাখিছে যদিও বর্তমানে কোনো শুংসূত্র লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

আনহাতে, এই অপহৰণৰ ঘটনাৰ লগত জড়িত ১৪জনক অসম আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছে আৰু অপহৰণ কার্যত আলফা (স্বাধীন)ৰ লগত প্রত্যক্ষভাৱে জডিত থকা অ’ এন জি চিৰ ২৫নং অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল বসন্ত বুঢ়াগোহাঁইক শদিয়াত আটক কৰাৰ পাছত কালিৰে পৰা নাজিৰা আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে আজি বিয়লি নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই পুনৰ তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত আনিছে৷ এই জেৰাৰ সময়ত ২৫নং অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল বসন্ত বুঢ়াগোহঁায়ে স্বীকাৰ কৰা তথ্য সন্দর্ভত আৰক্ষীয়ে কোনো কথা সদৰী কৰা নাই যদিও জেৰাত এই অপহৰণ কার্যত আন ভালেকেইজন আৰক্ষী বেটেলিয়নৰ লোক যে জডিত আছে, সেয়া নিশ্চিত হৈছে৷ আৰক্ষীয়ে নাম প্রকাশ কৰা নাই যদিও আজি নাজিৰাৰ আৰক্ষীয়ে বসন্ত বুঢ়াগোহঁাইৰ স্বীকাৰোক্তিৰ ভিত্তিত অ’ এন জি চিৰ ২৫নং অসম আৰক্ষী বেটেলিয়নৰ প্রশান্ত বৰুৱা আৰু বিক্রম চেতিয়া নামৰ আন দুজন জোৱানক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷

You might also like