নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেমনীয়াৰ থিতাতে লিখা অনলাইন গল্প প্রতিযোগিতা

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ নৱপ্রজন্মক সাহিত্য চর্চাৰ বাবে আকর্ষিত কৰাৰ স্বার্থত প্রয়াত সাংবাদিক পল্লৱী বৰুৱা ন্যাসৰ উদ্যোগত এইবাৰৰ প্রতিযোগিতা অনলাইনত অনুষ্ঠিত কৰিব৷ প্রতিযোগীয়ে নিজৰ ঘৰতে বহি প্রতিযোগিতাত অংশ ল’ব পাৰিব৷

অহা ৯ আগষ্ট, দেওবাৰে পুৱা এঘাৰ বজাত অনুষ্ঠিত হ’বলগা প্রতিযোগিতাত আগ্রহী ছাত্র–ছাত্রী তথা অভিভাৱকসকলে ন্যাসৰ হোৱাটছএপ নম্বৰ ৯৯৫৪২১০৬৮৮ত ৮ আগষ্টৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব৷

প্রতিযোগিতা পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণীৰ ছাত্র–ছাত্রীৰ মাজত অনুষ্ঠিত কৰা হ’ব৷ প্রতিযোগীয়ে অসমীয়া বা ইংৰাজী যিকোনো এটা ভাষাত মৌলিক গল্প লিখিব পাৰিব৷ প্রতিযোগিতা আৰম্ভ হোৱাৰ পূর্বে ন্যাসৰ ৱেবছাইট, ফেচবুক পেজত গল্পৰ বিষয় নির্ধাৰণ কৰি দিয়া হ’ব৷

পৰৱর্তী সময়ত বিজয়ীসকলক পুৰস্কৃত কৰা হ’ব বুলি ন্যাসৰ আহ্বায়ক ডাঃ কুমাৰ পার্থপ্রতিম আৰু ডাঃ প্রণামী বৰুৱাই জানিবলৈ দিছে৷

You might also like