নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ হাইক’ৰ্টৰ কঠোৰ নির্দেশঃ মাচুল নিদিলেও অনলাইন পাঠদান বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ক’ভিড মহামাৰীৰ বাবে ঘোষণা কৰা লকডাউন আৰু অন্যান্য কঠোৰ নীতি–নির্দেশনাত ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে সাধাৰণ ৰাইজ৷ বহুতে হেৰুৱাবলগীয়া হৈছে কর্মসংস্থাপন, হ্রাস পাইছে উপার্জন৷ যাৰ বাবে একাংশ অভিভাৱকৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুলৰ উচ্চ নিৰিখ একপ্রকাৰ বোজাৰ দৰে হৈ পৰিছে৷

বিশেষকৈ নিয়মীয়া পাঠদান দীর্ঘদিন ধৰি বন্ধ হৈ থকাৰ সময়তে সম্পূর্ণ মাচুল আদায় দিবলগীয়া হোৱা বাবে সন্মুখীন হোৱা সমস্যাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রদান কৰা নির্দেশনাৰ ভিত্তিত কিছু সকাহ লাভ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উচ্চ ন্যায়ালয়ৰ নির্দেশৰ পাছত গঠন হোৱা মাচুল নিয়ন্ত্রক কমিটীৰ শেহতীয়া বৈঠকত গ্রহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷

সেই অনুসৰি ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠানসমূহে স্বেচ্ছামূলকভাৱে মাচুল নিয়ন্ত্রক কমিটীৰ ওচৰত দাখিল কৰিব লাগিব তেওঁলোকৰ ব্যয় আৰু জমা পুঁজিৰ তথ্য৷ বিদ্যালয় পুনৰ খোলাৰ এমাহৰ ভিতৰত অথবা চৰকাৰে জাননীযোগে প্রকাশ কৰা সময়ৰ ভিতৰত এই জমা আৰু ব্যয়ৰ তথ্য দাখিল কৰিব লাগিব৷ ইয়াৰ বাবে এটা প’র্টেল খোলা হ’ব আৰু ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে এই তথ্য দাখিল কৰিব লাগিব৷

তদুপৰি মাচুল নিয়ন্ত্রক কমিটীৰ দ্বাৰা পৰিচালনা কৰা আন এটা প’র্টেলৰ জৰিয়তে অভিভাৱকসকলে আপত্তি অথবা অভিযোগ দাখিল কৰিব পাৰিব৷ একে সময়তে শেহতীয়া বৈঠকখনত মাচুল নিয়ন্ত্রক কমিটীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক অধ্যয়নৰত আর্থিকভাৱে দুর্বল শিক্ষার্থীৰ এখন তালিকা প্রস্তুত কৰিবলৈও নির্দেশনা প্রদান কৰিছে৷ অৱশ্যে বিদ্যালয়সমূহে দাখিল কৰা ব্যয় আৰু জমা ধনৰ তথ্যৰ ভিত্তিত শ্রেণী হিচাপত বিদ্যালয় মাচুলৰ ক্ষেত্রত দিবলগীয়া ৰেহাইৰ পৰিমাণ ধার্য কৰা হ’ব বুলিও এই বৈঠকতে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ বাবে দীর্ঘদিনে নিয়মীয়া পাঠদান বন্ধ হৈ আছে যদিও ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে শিক্ষার্থীৰ পৰা সম্পূর্ণ মাচুল আদায় কৰি আহিছে৷ যাৰ বাবে শিক্ষার্থীসকলৰ অভিভাৱকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷ বিদ্যালয়সমূহ বন্ধ থকাৰ ফলত স্কুলবাছ সেৱা, লেবৰেটৰী, খেলপথাৰৰ ব্যৱহাৰ তথা বিজুলীৰ ব্যৱহাৰ আদি হ্রাস পাইছে যদিও মাচুল ৰেহাই দিয়া নাই এই ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে৷ সেয়েহে এইক্ষেত্রত মাচুল ৰেহাইৰ নির্দেশ দিয়াৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ফজলুজ জামান মজুমদাৰে দাখিল কৰিছিল ৩৯/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদন৷ এই আবেদনখনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট বিভাগক এই সন্দর্ভত সকলো অংশীদাৰী সংগঠনৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছিল৷ ইয়াৰ ভিত্তিতে শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীৰ অধ্যক্ষতাত শেহতীয়াকৈ এখন বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকত গুৱাহাটীৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ অধ্যক্ষ, সদৌ অসম ব্যক্তিগত বিদ্যালয় সংস্থা, অভিভাৱক আদিকে ধৰি কেইবাটাও সংগঠনে অংশগ্রহণ কৰিছিল৷ এই বৈঠকতে দীঘলীয়া আলোচনাৰ অন্তত উক্ত সিদ্ধান্তসমূহ গ্রহণ কৰা হৈছে৷

ইতিমধ্যে এই বৈঠকৰ সিদ্ধান্তসমূহ গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰা হৈছে৷ ইয়াৰ ভিত্তিত শেহতীয়া শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কয় যে ব্যক্তিগত শিক্ষা প্রতিষ্ঠানসমূহৰ জমা অথবা ব্যয়ৰ তথ্যসমূহ সংগ্রহ কৰি এটা নির্দিষ্ট সিদ্ধান্ত গ্রহণ কৰালৈকে দুই–তিনি মাহ সময়ৰ প্রয়োজন হ’ব পাৰে৷ সেয়েহে সম্প্রতি মাচুল আদায় নিদিয়াৰ বাবে কোনো শিক্ষার্থীক অনলাইন অথবা নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত নকৰিবলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক উচ্চ ন্যায়ালয়ে নির্দেশনা দিছে৷ উল্লেখ্য যে এই গোচৰটোৰ শুনানিৰ সময়ত মাচুল ৰেহাইৰ বিৰোধিতা কৰিছিল প্রায় ২০০খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে৷

You might also like