কাগজৰ পাততে আবদ্ধ অজাপ–ৰাইজৰ দলৰ মিত্রতঃ মিত্রজোঁটলৈ নাহে বিপিএফ
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ বিজেপি আৰু কংগ্রেছ উভয় দলৰ পৰা সমদূৰত্ব বজাই ৰখাৰ সিদ্ধান্তৰে ইতিমধ্যে নির্বাচনী মিত্রতাত আবদ্ধ হৈছে দুই নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল৷ বিগত ৪ ফেব্রুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত হোৱা আলোচনাৰ পাছতে দুয়ো দলৰ মিত্রতাত চূড়ান্ত মোহৰ মৰা হয়৷ তাৰ পিছদিনা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ শীর্ষ নেতৃত্বই এখন সংবাদ মেলৰ জৰিয়তে মিত্রতাৰ বিষয়টো ৰাজহুৱা কৰে৷ কিন্তু এই মিত্রতাৰ প্রতিফলন আজিলৈ বাস্তৱিক ক্ষেত্রখনত অসমৰ ৰাইজে দেখা পোৱা নাই৷ আনকি আসন বুজাবুজি আৰু উমৈহতীয়া ৰণকৌশল সন্দর্ভতো দল দুটা কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ ইয়াৰ বিপৰীতে দুয়োটা দলেই পৃথকে পৃথকে নির্বাচনী সভা–সমিতি অনুষ্ঠিত কৰি যোৱা পৰিলক্ষিত হৈছে৷ অজাপে উজনি অসমৰ বিভিন্ন সমষ্টিত জাতীয় জাগৰণ সমাৰোহ অনুষ্ঠিত কৰাৰ বিপৰীতে ৰাইজৰ দলেও সমষ্টিবিশেষে পদযাত্রাৰ কার্যসূচী চলাই নিছে৷ কিন্তু পৃথকে গ্রহণ কৰা এই কার্যসূচীত দল দুটাৰ পাৰস্পৰিক সহযোগিতা কিমান, তাক লৈও সন্দেহ সৃষ্টি হৈছে৷ মহানগৰীৰ হোটেলত অনুষ্ঠিত সংবাদ মেলৰ পাছৰে পৰা অজাপ আৰু ৰাইজৰ দলৰ নেতৃত্বক এতিয়ালৈকে কোনো ৰাজহুৱা সভাত একেলগে অসমৰ ভোটাৰে দেখিবলৈ পোৱা নাই৷ নাই কোনো এটা বিষয়ৰে দুয়োটা দলৰ উমৈহতীয়া স্থিতি৷ যাৰ বাবে নব্যগঠিত আঞ্চলিক ৰাজনৈতিক দল দুটাৰ মিত্রতা কার্যতঃ কাগজৰ পাততে আবদ্ধ হৈ ৰৈছে৷
ইপিনে পাহাৰীয়া জিলা দুখনৰ ৰাজনৈতিক দল এ এছ ডি চিও এই মিত্রজোঁটত অন্তর্ভুক্ত হৈছে৷ কিন্তু এই দলটোৰো সাংগঠনিক তৎপৰতা কাৰো চকুত পৰা নাই৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰে দুয়োটা দলৰ আলোচনা ইতিবাচক দিশত আগবঢ়া বুলি বাৰম্বাৰ সদৰী কৰি আহিছে যদিও দলটোৱে শেহতীয়াকৈ অতি কৌশলী স্থিতি গ্রহণ কৰিছে৷ বি পি এফে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত আনুষ্ঠানিক মিত্রতা কৰাৰ সলনি চর্তসাপেক্ষে সমর্থন আগবঢ়োৱাৰহে পোষকতা কৰিছে৷ বি পি এফৰ চর্ত অনুসৰি বি টি এ ডিৰ ১২টা সমষ্টিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে নিজাববীয়া প্রার্থী আগবঢ়োৱাৰ সলনি বি পি এফক সমর্থন দিব লাগিব, ইয়াৰ বিনিময়ত বড়ো ভোটাৰৰ প্রাধান্য থকা আন সমষ্টিসমূহত বি পি এফে নতুন আঞ্চলিক দল দুটাক সমর্থন আগবঢ়াব৷ যদিহে বি পি এফৰ এই স্থিতি বাহাল থাকে, তেনেহ’লে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্রতাৰ মঞ্চত হাগ্রামা মহিলাৰীক দেখা পোৱা নাযাব৷ আনহাতে, প্রাৰম্ভিক আলোচনাত অজাপ আৰু ৰাইজৰ দলে ৪০খনকৈ আসনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু ৮০টা সমষ্টিৰ বাবে বিজয়ৰ সম্ভাৱনা থকা বা নির্বাচনত প্রভাৱ পেলাব পৰা প্রার্থীৰ সন্ধান কৰি দুয়োটা দলেই বিমুখ হ’বলগীয়া হৈছে৷ একে সময়তে নব্যগঠিত আঞ্চলিক দল দুটাৰ সন্মুখত আহি পৰিছে প্রবল আর্থিক সংকট৷ বিজেপিৰ আগ্রাসী প্রচাৰক প্রত্যাহ্বান জনাব পৰাকৈ যি পৰিমাণৰ জনবল আৰু অর্থবলৰ প্রয়োজন, সেয়া এতিয়াও এই দল দুটাই গোটাব পৰা নাই৷ এনে পৰিস্থিতিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে নির্বাচনী প্রস্তুতিৰ ক্ষেত্রত দুখোজ আগবাঢ়ি এখোজ পিছুৱাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহৰ পাছত আজি ৰাহুল গান্ধীয়েও শিৱসাগৰত নির্বাচনী ৰণডংকা বজাই গ’ল৷ কিন্তু বিজেপি আৰু কংগ্রেছৰ পৰা সমদূৰত্ব বজাই ৰখা অসম জাতীয় পৰিষদ বা ৰাইজৰ দলে তেওঁলোকৰ সমর্থকসকলক উৎসাহিত কৰিব পৰা কোনো কার্যসূচী এতিয়ালৈকে গ্রহণ কৰিব পৰা নাই৷